NORTHEAST NOW (Assamese)

মুখখন গেলা গেলা গোন্ধাই নেকি? জানো আহক মুখৰ গোন্ধ নোহোৱাৰ উপায়

March 2, 2025 7:00 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 1, 2025 8:46 pm

মুখৰ গোন্ধ (হেলিটোচিছ) এটা সাধাৰণ সমস্যা। কিন্তু ই অস্বস্তিকৰ হ’ব পাৰে। উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিলে এই সমস্যা নাশ কৰিব পাৰি।

মুখ গোন্ধৰ সাধাৰণ কাৰণ  –

১. দাঁত আৰু জিভাত জমা হোৱা বেক্টেৰিয়াই গোন্ধৰ সৃষ্টি কৰে। 

২. নহৰু, পিয়াঁজ, মচলা আদি খাদ্যই মুখৰ গোন্ধ বৃদ্ধি কৰে।

৩. ধুমপান আৰু মদ্যপানে মুখৰ গোন্ধ বৃদ্ধি কৰে।

৪. মুখত লালটি কম হ’লে বেক্টেৰিয়া বাঢ়ে।  গতিকে গোন্ধ ওলাব পাৰে।

৫. দাঁতৰ সংক্ৰমণ, পাকস্থলীৰ ৰোগ, বা ছাইনাছ ইত্যাদিৰ বাবেও মুখ গোন্ধাব পাৰে।

সমাধানৰ উপায়

১. দাঁত দিনত দুবাৰকৈ ফ্লুৰাইডযুক্ত টুথপেষ্টৰে দাঁত ঘহক।

২. টাং স্ক্ৰেপাৰৰে জিভা পৰিষ্কাৰ কৰক।

৩. এণ্টিবেক্টেৰিয়েল মাউথৱাশ ব্যৱহাৰ কৰক।

৪. লঙত থকা প্ৰতিৰোধী গুণে মুখৰ গোন্ধ কমায়। 

৫. বেকিং ছ’ডা আৰু গৰম পানীৰে গাৰ্গল কৰক।

৬. আদা বা পুদিনা পাত চোবালে মুখৰ গোন্ধ হ্ৰাস হয়।

৭. যথেষ্ট পৰিমাণে পানী খাওক।

৮. ফল-শাক-পাচলি আদি খাদ্য চোবাই খাওক।

৯. দৈ আৰু প্ৰবায়’টিক যুক্ত খাদ্যই মুখৰ ভাল বেক্টেৰিয়া বৃদ্ধি কৰে।

১০. ধূমপান এৰক আৰু মদ্যপান সীমিত কৰক। 

Related News