মহিলা বিশেষ : যৌনাংগৰ পৰা দুৰ্গন্ধ ওলায় নেকি ? যদি ওলায় তেন্তে এই লেখাটো পঢ়ি লওঁক

private part smell

যৌনাংগৰ যত্ন লোৱাটো শৰীৰৰ বাকী অংশৰ যত্ন লোৱাৰ দৰেই গুৰুত্বপূৰ্ণ। জনন অংগৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাইও আমাক বিভিন্ন গুৰুতৰ ৰোগৰ পৰা আঁতৰাই ৰাখে। প্ৰায়ে আমি যৌনাংগৰ প্ৰতি বিশেষ গুৰুত্ব নিদিওঁ কাৰণ ইয়াক সদায় ঢাকি ৰখা হয়। এইদৰে দিনৰ পিছত দিন অৱহেলা কৰিলে যৌনাংগৰ অংশত বেয়া গোন্ধ, সংক্ৰমণ, খজুৱতি আৰু বিষ হয়।

আজিৰ আধুনিক জীৱনশৈলীত এতিয়াও বহু মহিলাই যৌনাংগ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কথা মুকলিকৈ ক’বলৈ কুণ্ঠাবোধ কৰে। কোনো সমস্যা হ’লেও তেওঁলোকে নিজেই বুজিব নোৱাৰে যে কি কৰিব লাগে। সৰু সৰু সমস্যাবোৰক অৱহেলা কৰাৰ ফলতেই আমাৰ শৰীৰত জটিল সমস্যাৰ সৃষ্টি হয়।

যোনিৰ পৰা ওলোৱা অপ্ৰীতিকৰ দুৰ্গন্ধ বেক্টেৰিয়াৰ দ্বাৰা হোৱা ৰোগৰ লক্ষণ হ’ব পাৰে। যোনিত বেক্টেৰিয়াৰ পৰিমাণ বৃদ্ধি আৰু পি এইচৰ ভাৰসাম্যহীনতাৰ বাবে এই সমস্যাৰ সৃষ্টি হয়।

আৰু যদিহে যোনিৰ পৰা দুৰ্গন্ধযুক্ত সেউজীয়া স্ৰাৱ ওলায়, তেন্তে ই STI (Sexually transmitted infections)ৰ লক্ষণ হ’ব পাৰে। যোনিদ্বাৰৰ পৰা ওলোৱা হালধীয়া ৰঙৰ স্ৰাৱ ঈষ্ট বা ভেঁকুৰৰ সংক্ৰমণৰ লক্ষণ হ’ব পাৰে। এই সকলোবোৰ সমস্যাৰ সৃষ্টি হ’লে লগে লগে চিকিৎসকৰ ওচৰলৈ যাব লাগে।

অতি টান আণ্ডাৰৱেৰ পিন্ধা বা অস্বাস্থ্যকৰ খাদ্য খোৱাৰ ফলত এনে ৰোগৰ সৃষ্টি হ’ব পাৰে। পৰ্যাপ্ত পৰিমাণৰ পানী আৰু স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰিলে এই সমস্যাৰ পৰা উপশম পাব পাৰি। এই ক্ষেত্ৰত উচ্চ চেনিযুক্ত খাদ্য আৰু সুৰা সীমিত পৰিমাণত খোৱাটো ভাল।

তেজৰ চেনিৰ পৰিমাণ নিয়ন্ত্ৰণত ৰখা, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা আৰু চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ সেৱন কৰা – এইবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়। লগতে ঢিলা কপাহী আণ্ডাৰৱেৰ ব্যৱহাৰ কৰিলেও এই ধৰণৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা কমি যায়।

মাহেকীয়া নোহোৱাকৈ ৰক্তক্ষৰণ হোৱা বা দাগ পৰা হৰম’নৰ ভাৰসাম্যহীনতাৰ লক্ষণ হ’ব পাৰে। সংগমৰ পিছত ৰক্তক্ষৰণ হোৱাটো ছাৰ্ভাইকেল কেন্সাৰৰ লক্ষণ হ’ব পাৰে। অৱশ্যে ৰক্তক্ষৰণ কেন্সাৰৰ লক্ষণ নহয়। সঠিক নিদানৰ বাবে নিশ্চয়কৈ স্ত্ৰীৰোগ বিশেষজ্ঞৰ ওচৰলৈ যোৱা উচিত।

খজুৱতি, ৰঙা পৰা, যোনিৰ চাৰিওফালে আৰু ভিতৰত খজুৱতি, জ্বলা-পোৰা আৰু ৰঙা পৰা আদি লক্ষণবোৰ যৌনাংগ শুকান হোৱাৰ বাবে দেখা দিব পাৰে। যৌনাংগৰ বিষ আৰু জ্বলা-পোৰা, প্ৰস্ৰাৱৰ সময়ত বিষ হোৱাটো প্ৰস্ৰাৱৰ সংক্ৰমণৰো লক্ষণ হ’ব পাৰে। গতিকে এনে হ’লে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

(স্পষ্টীকৰণ : এই লেখাটো সাধাৰণ তথ্যৰ ভিত্তিত লিখা হৈছে। নৰ্থ ইষ্ট নাও – এ এই লেখাটো কাকো বিশ্বাস কৰিবলৈ বাধ্য কৰোঁৰা নাই। কোনো ব্যৱস্থা লোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক।)