NORTHEAST NOW (Assamese)

উলুবাৰী শ্মশানত ভয়ংকৰ ঘটনা,কুকুৰে শ্মশানৰ পৰা ৰাস্তালৈ টানি আনিলে আধা জ্বলা মৃতদেহৰ ভৰি

May 26, 2021 9:52 pm · কল্পজ্যোতি শইকীয়া
Updated: May 26, 2021 10:07 pm

গুৱাহাটী মহানগৰীৰ উলুবাৰী শ্মশানত ভয়ংকৰ ঘটনা,কুকুৰে শ্মশানৰ পৰা ৰাস্তালৈ টানি আনিলে আধা জ্বলা মৃতদেহৰ ভৰি।
এই ঘটনাক লৈ অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ ভৰি বুলি সন্দেহ কৰা হৈছিল যদিও এই বিষয়ত স্পষ্টীকৰণ দিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।
কালি অৰ্থাৎ ২৫ মে’ ৰ দিনা সন্ধিয়া ৬:৩০ বজাত ক’ভিড ৰোগীৰ মৃতদেহৰ সৎকাৰ সম্পন্ন কৰা হৈছিল।
তাৰ পাছত চৰকাৰী ভাৱে নিয়োজিত শ্মশানকৰ্মীসকলে শ্মশান ত্যাগ কৰে বুলি স্পষ্টীকৰণত উল্লেখ কৰা হৈছে।


কামৰূপ মহানগৰ জিলা প্রশাসনে নিজাববীয়াকৈ কৰা এক তদন্তৰ পাছত গম পায় যে নিশা প্ৰায় ৮ বজাত কোনো সাধাৰণভাৱে মৃত লোকৰ পৰিয়ালে নিজাববীয়াকৈ মৃতদেহ সৎকাৰ কৰে আৰু সৎকাৰ কাৰ্য্য শেষ নোহোৱাকৈয়ে শ্মশানৰ পৰা আঁতৰি যায়।
যাৰ ফলত আধা পোৰা ভৰি থাকি যোৱাটো স্বাভাৱিক বুলি স্পষ্টীকৰণত স্বীকাৰ কৰা হৈছে।
ক’ভিড ৰোগীৰ সৎকাৰৰ পিছত এই কাণ্ড কোনো কাৰণতেই নঘটে আৰু তাৰ প্ৰতি জিলা প্ৰশাসন দায়বদ্ধ বুলি তেওঁলোকে কৈছে।
অৱশ্যে মৃতদেহ কোন লোকে সৎকাৰ কৰিছিল সেই কথা গোপনে ৰাখিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

Related News