কুকুৰে ঘ্ৰাণ শক্তিৰে ক’ৰ’নাক্ৰান্তক চিনাক্ত কৰিব পাৰে! : অৱসান ঘটিব নেকি কোভিড টেষ্টিং!

index.jpg1

কুকুৰে ঘ্ৰাণ শক্তিৰে কোভিড১৯ত আক্ৰান্ত লোকক চিনাক্ত কৰিব পাৰে।এই তথ্য পোহৰলৈ আহিছে এক অধ্যয়নৰ দ্বাৰা।

ইয়াৰ পিছতে অৱসান ঘটিব নেকি কোভিড১৯ টেষ্টিং! এই  লৈ প্ৰশ্নৰো উদয় হৈছে বিশ্বৰ কিছু গৱেষকৰ মাজত।

উল্লেখ্য যে, মানুহতকৈ ১০০০ হাজাৰ অধিক গুণৰ ঘ্ৰাণ শক্তিৰ অধিকাৰী কুকুৰক বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰৰ নিৰাপত্তা সংস্থাবোৰে নিৰাপত্তাজনিত আৰু অনুসন্ধানজনিত কামত প্ৰশিক্ষণ দি ব্যৱহাৰ কৰি আহিছে।

এইবাৰ এই কুকুৰেই কোভিড১৯ত আক্ৰান্ত লোককো নিজৰ ঘ্ৰাণশক্তিৰ দ্বাৰা চিনাক্ত কৰিব পাৰে বুলি এক অধ্যয়নত প্ৰমাণিত হৈছে।

জাৰ্মানীৰ এখন পশু বিশ্ববিদ্যালয়ৰ এদল গৱেষকে কৰা গৱেষণাত কোৱা হৈছে যে, কিছু দিন প্ৰশিক্ষণ দিয়াৰ পিছত প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰে কোভিড১৯ত আক্ৰান্ত লোকক  চিনাক্ত কৰি উলিয়াব পাৰে।

জাৰ্মানীৰ নান’ৰ্ভাৰ পশু বিশ্বিবদ্যালয়ৰ গৱেষকৰ এটা দলে জাৰ্মান সৈন্য বাহিনীৰ ৮ টা কুকুৰক কোভিড১৮ আক্ৰান্ত লোকক চিনাক্তকৰণ বাবে এসপ্তাহ প্ৰশিক্ষণ দিয়াৰ এক পাইলট প্ৰজেক্ট আৰম্ভ কৰিছিল।

উক্ত প্ৰজেক্টৰ অধীনত প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰকেইটাই কোভিড১৯ আক্ৰান্ত লোক চিনাক্তকৰণত ৯৪ শতাংশ সফলতা লাভ কৰিছে। এই দাবী গৱেষক দলটোৰ।

“আমি ভাবো এই কামৰ কাৰণে কোনো ৰোগীৰ বিপাকীয় প্ৰক্ৰিয়া সম্পূৰ্ণ পৰিৱৰ্তন হৈ গৈছে।” বিশ্ববিদ্যালয়খনৰ অধ্যাপক মেৰ’ন ভান কোক্ৰেটিজ-ব্লিকৱেডে এইদৰে কয়।

তেওঁ লগতে কয় যে, “মই ভাবো কুকুৰকে বিশেষ ঘ্ৰাণ শক্তিৰে তেওঁলোকক চিনাক্ত কৰিবলৈ সক্ষম হৈছে।”