আজিৰে পৰা আৰম্ভ ঘৰুৱা বিমান সেৱা; ২০০০টকাৰ পৰা টিকট বুকিঙৰ সুবিধা

flights_pti_2_1590373322_618x347 new

প্ৰতিনিধিত্বমূলক ফটো।

দুমাহ ধৰি বন্ধ হৈ থকাৰ পাছত সোমবাৰৰ পৰা ঘৰুৱা বিমান সেৱা আৰম্ভ হৈছে। বিমানৰ ভাড়া কেন্দ্ৰীয় চৰকাৰে ইয়াৰ যাত্ৰাৰ সময়ৰ ভিত্তিত ৭টা ভাগত ভাগ কৰিছে।

অসামৰিক বিমান পৰিবহন মন্ত্ৰী হৰদীপ সিং পুৰীয়ে জানিবলৈ দিয়ে যে যাত্ৰাৰ সময় অনুসৰি বিমানৰ ভাড়া ৭টা ভাগত নিৰ্দ্ধাৰণ কৰা হৈছে।

তেওঁ কয় যে অহা তিনিমাহলৈ যাত্ৰীৰ পৰা এই নিৰিখত ভাড়া আদায় কৰা হ’ব।

ইয়াৰ ফলত বিমান পৰিবহন কোম্পানীসমূহে ইচ্ছামতে ভাড়া বৃদ্ধি কৰিব নোৱাৰিব আৰু যাত্ৰীসকলেও কম ভাড়াতে যাত্ৰাৰ সুবিধা লাভ কৰিব।

আনহাতে, যোৱা ২৪ মাৰ্চত আৰম্ভ হোৱা লকডাউনৰ চতুৰ্থ পৰ্যায়ৰ অন্তিম সপ্তাহত ঘৰুৱা বিমান সেৱা আৰম্ভ কৰা হৈছে।

কিন্তু উদ্বেগজনক বিষয়টো হৈছে যে এনে মুহূৰ্ততে দেওবাৰে দেশত ৬,৭৬৭গৰাকী লোক কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ পাইছে।

কেন্দ্ৰীয় চৰকাৰে ধাৰ্য কৰা বিমান ভাড়াৰ নিৰিখ অনুসৰি ৪০ মিনিটতকৈ কম সময়ৰ যাত্ৰাত ২,০০০ টকাৰ পৰা ৬,০০০টকাৰ ভিতৰত ধাৰ্য কৰিছে।

৪০ মিনিটৰ পৰা ৬০ মিনিটৰ যাত্ৰাৰ বাবে ভাড়াৰ সীমা ২,৫০০টকাৰ পৰা ৭,৫০০টকা ধাৰ্য কৰা হৈছে।

৬০ মিনিটৰ পৰা ৯০ মিনিটৰ যাত্ৰাৰ বাবে ৩,০০০টকাৰ পৰা ৯,০০০টকা আৰু ৯০ মিনিটৰ পৰা ১২০ মিনিটৰ যাত্ৰাৰ বাবে ৩,৫০০টকাৰ পৰা ১০,০০০টকা নিৰ্দ্ধাৰণ কৰা হৈছে।

সেইদৰে, ১২০ মিনিটৰ পৰা ১৫০মিনিটৰ যাত্ৰাৰ বাবে ৪,৫০০টকাৰ পৰা ১৩,০০০টকা আৰু ১৫০ মিনিটৰ পৰা ১৮০ মিনিটৰ যাত্ৰাৰ বাবে ৫,৫০০টকাৰ পৰা ১৫,৭০০টকা ভাড়া নিৰ্দ্ধাৰণ কৰা হৈছে।

আনহাতে, ১৮০ মিনিটৰ পৰা ২৮০মিনিটৰ যাত্ৰাৰ বাবে বিমান ভাড়া ৬,৫০০টকাৰ পৰা ১৮,৬০০টকা ধাৰ্য কৰা হৈছে।

ইপিনে, সোমবাৰৰ পৰা আৰম্ভ হ’বলগীয়া বিমান যাত্ৰাৰ বাবে বৃহৎ সংখ্যক লোকে টিকট বুকিং কৰিছে।