NORTHEAST NOW (Assamese)

Gas Cylinder price hike: অচ্ছে দিনৰ মাধমাৰ: পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

July 6, 2022 11:48 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 6, 2022 11:52 am

India: অচ্ছে দিনৰ সপোন দেখুৱাই শাসনলৈ অহা নৰেন্দ্ৰ মোদীৰ চৰকাৰে আজি দেশৰ সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন শোধাই পুনৰ বৃদ্ধি কৰিলে ঘৰুৱা ব্যৱহাৰ্য ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য।

সেইমৰ্মে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য প্ৰতি চিলিণ্ডাৰত ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে।

আজিৰ পৰা দেশৰ জনসাধাৰণে ১৪.২ কিলোগ্ৰাম ওজনৰ ঘৰুৱা তৰল পেট্ৰ’লিয়াম গেছ চিলিণ্ডাৰৰ ক্ৰয়ৰ বাবে ব্যয় কৰিব লাগিব অতিৰিক্ত ৫০ টকা।

চলিত বৰ্ষত কেইবাবাৰো গেছ চিলিণ্ডাৰৰ ব্যাপক মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে দেশৰ সাধাৰণ জনতাক। তাৰ পিছতো আজি পুনৰ ৫০ টকা বৃদ্ধিৰ পাছত আকাশলংঘী হৈ পৰিছে চিলিণ্ডাৰৰ মূল্য।

আজি বৃদ্ধি পোৱা নিৰিখসহ এতিয়া ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত এটা চিলিণ্ডাৰৰ নতুন দাম হ’ব ১,০৫৩ টকা।

আনহাতে কলকাতা, মুম্বাই, চেন্নাই আদি চহৰসমূহত ইয়াৰ মূল্য ক্ৰমান্বয়ে ১,০৭৯ টকা, ১,০৫২.৫ টা আৰু ১,০৬৮.৫ টকা হ’ব।

আনহাতে আজি কাৰ্যকৰী হোৱা নতুন নিৰিখৰ পিছত প্ৰতি ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৮.৫ টকা হ্ৰাস কৰা হৈছে।

দিল্লী, কলকাতা, মুম্বাই আৰু চেন্নাইৰ দৰে মহানগৰসমূহত এতিয়া বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ’ব ক্ৰমান্বয়ে ২,০১২.৫০ টকা, ২,১৩২ টকা, ১,৯৭২.৫০ টকা, ২,১৭৭.৫০ টকা।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ভৰত একপ্ৰকাৰ কোঙা হৈ পৰা সাধাৰণ জনতাৰ বাবে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি এতিয়া আন এক অভিশাপ হৈ পৰিছে।

Related News