NORTHEAST NOW (Assamese)

শ্ৰীলংকাৰ ভয়ংকৰ বিস্ফোৰণত মৃত্যু হোৱা লোকৰ আত্মাৰ শান্তিৰ কামনাৰে হোজাইত মমবাতি প্ৰজ্জ্বলন

April 24, 2019 2:21 pm · নিখিল মুন্দ্ৰা
ফটো : নৰ্থ-ইষ্ট নাও

যোৱা ২১ এপ্ৰিলত শ্ৰীলংকাৰ একাধিক গীৰ্জা আৰু হোটেলত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণত মৃত্যু হোৱা লোকসকলৰ আত্মাৰ শান্তিৰ বাবে আজি হোজাইৰ ডন বস্কো হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে মমবাতি প্ৰজ্বলন কৰে।

উল্লেখ্য যে দ্বীপৰাষ্ট্ৰখনত সংঘটিত উক্ত ধাৰাবাহিক বোমা বিস্ফোৰণত প্ৰায় ৩২১ গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ লগতে কেইবা শতাধিক লোক গুৰুতৰভাৱে আহত হৈ এতিয়াও চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।

ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে আজি ৰাতিপুৱা হাতে হাতে মমবাতি জ্বলাই প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মাৰ শান্তিৰ লগতে চিকিৎসাধীন হৈ থকা লোকসকলৰ আশু আৰোগ্য কামনা কৰি দুৰ্ভগীয়া পৰিয়ালসকলক সমবেদনা জ্ঞাপন কৰে।

এই সন্দৰ্ভত হোজাইৰ ডন বস্কো হাইস্কুলৰ অধ্যক্ষ মাইকেল বিষ্টিছে নৰ্থ-ইষ্ট নাওৰ আগত মত ব্যক্ত কৰি কয়, ‘নিৰীহ লোকৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণক বস্কোনিয়ানৰ তৰফৰ পৰা কঠোৰ ভাষাৰে নিন্দা জনাইছো’।

তেওঁ লগতে পৃথিৱীত সন্ত্ৰাসবাদৰ কোনো স্থান নাই বুলিও মন্তব্য কৰে।

Related News