অহা কেইসপ্তাহমানৰ ভিতৰত ভাৰতৰ ওপৰত শুল্কৰ বোজা হ্ৰাস কৰিব পাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এই কথা বৃহস্পতিবাৰে দাবী কৰে ভাৰতৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰনে। তেওঁৰ মতে, ভাৰত-আমেৰিকাৰ সম্পৰ্কত যি জটিলতা উদ্ভৱ হৈছে, শীঘ্ৰে সমাধান হ’ব।
নতুন দিল্লীত এক অনুষ্ঠানত ভাষণ দি নাগেশ্বৰনে কয় যে, ‘ভাৰতত যি অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰা হৈছে, সেয়া নৱেম্বৰৰ শেষৰ ফালে প্ৰত্যাহাৰ হ’ব পাৰে। মই বিশ্বাস কৰোঁ যে এই অতিৰিক্ত ২৫ শতাংশ শুল্ক ৩০ নৱেম্বৰৰ পিছত নাথাকিব। এইটো নিৰ্দিষ্ট প্ৰমাণৰ ওপৰত ভিত্তি কৰি দিয়া বক্তব্য নহয়। শেহতীয়া পৰিঘটনাৰ প্ৰতি লক্ষ্য ৰাখি মই আশা কৰিছো যে শুল্ক সম্পৰ্কে দুয়োখন দেশৰ মাজত থকা সমস্যা সমাধান হ’ব।’
লগতে তেওঁ কয় যে, ‘দুয়োখন দেশৰ মাজত শুল্ক সম্পৰ্কীয় বিবাদ অহা ৮ৰ পৰা ১০ সপ্তাহৰ ভিতৰত সমাধান হ’ব। আনহাতে, আমেৰিকাই ভাৰতৰ ওপৰত ২৫ শতাংশ পাৰস্পৰিক শুল্ক আৰোপ কৰিছে ১০ৰ পৰা ১৫ শতাংশলৈ হ্ৰাস পাব পাৰে।’
প্ৰসংগক্ৰমে আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তিৰ অভাৱৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে প্ৰথম পৰ্যায়ত ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰু তাৰ পাছত ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত আৰু ২৫ শতাংশ শুল্ক আৰোপ কৰিছিল। আমেৰিকাৰ এই শুল্কই ঘৰুৱা বজাৰত ঋণাত্মক প্ৰভাৱ পেলাইছে। দেশৰ কাপোৰ নিৰ্মাণ খণ্ড আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে।
উল্লেখ্য যে, শুল্ক যুদ্ধৰ বাবে দেশৰ কেইবাখনো ডাঙৰ চহৰত বস্ত্ৰ উৎপাদন কাৰ্যতঃ বন্ধ হৈ পৰিছে। বহুমূলীয়া শিল, গহনা, চিংৰা, কাৰ্পেট আদি আচবাব নিৰ্মাণ কৰা কোম্পানীসমূহেও বৃহৎ লোকচানৰ সন্মুখীন হৈছে। ‘ট্ৰেড থিংক টেংক গ্ল’বেল ট্ৰেড ৰিচাৰ্চ ইনিচিয়েটিভ’ৰ অনুমান অনুসৰি ২০২৫-২৬ চনত আমেৰিকালৈ ভাৰতৰ ৰপ্তানি ৮৭ বিলিয়ন ডলাৰৰ পৰা ৪৯.৬ বিলিয়ন ডলাৰলৈ প্ৰায় ৪৩ শতাংশ হ্ৰাস পাব পাৰে।