NORTHEAST NOW (Assamese)

“ভাৰতৰ বহুত টকা আছে…!’’ ভাৰতত ভোটদান বৃদ্ধিৰ বাবে ২১ মিলিয়ন ডলাৰৰ আৰ্থিক সাহায্য বাতিল ড’নাল্ড ট্ৰাম্পৰ

February 19, 2025 12:45 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 19, 2025 12:12 pm

বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ‘ভাৰতত ভোটাৰৰ ভোটদান বৃদ্ধিৰ বাবে নিৰ্ধাৰিত ২১ মিলিয়ন ডলাৰৰ আৰ্থিক সাহায্য বাতিল কৰাৰ কথা ঘোষণা কৰে।

ট্ৰাম্পে কয়, ভাৰতৰ হাতত যথেষ্ট টকা আছে। ভাৰতক সহায়ৰ প্ৰয়োজন নাই।

ট্ৰাম্পে লগতে কয় যে, ভাৰত হৈছে বিশ্বৰ অন্যতম সৰ্বাধিক কৰ লোৱা দেশ। আমি তাত প্ৰায়েই ভাৰতত ব্যৱসায় কৰাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হওঁ, কাৰণ তেওঁলোকৰ শুল্ক যথেষ্ট বেছি। ভাৰত আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰতি মোৰ বহুত সন্মান আছে, কিন্তু ভোটাৰৰ ভোটদানৰ বাবে ২১ মিলিয়ন মাৰ্কিন ডলাৰ দিয়াৰ প্ৰয়োজন অনুভৱ নকৰোঁ।

Related News