NORTHEAST NOW (Assamese)

ক’ৰণাত আক্ৰান্ত মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ পুত্ৰৰ প্ৰেমিকা

July 5, 2020 4:12 pm · এন ই নাও নিউজ

মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ পুত্ৰৰ প্ৰেমিকাৰ দেহতো পোৱা গৈছে মাৰাত্মক ক’ৰ’ণা ভাইৰাছ।

ট্ৰাম্পৰ পুত্ৰৰ প্ৰেমিকা কিম্বাৰলি গুইলফইলেৰ দেহৰ ক’ৰ’ণাই বাহ লোৱাৰ কথা শেহতীয়াকৈ নিশ্চিত কৰা হৈছে।

ট্ৰাম্প পুত্ৰৰ প্ৰেমিকা কিম্বাৰলিয়ে মাউন্ট ৰিছমৰলৈ যোৱাৰ পিছতে তেওঁৰ দেহত ক’ৰ’ণা ভাইৰাছ ধৰা পৰে।

প্ৰেমিকাৰ দেহৰ ক’ৰ’ণা ভাইৰাছ ধৰা পৰাৰ পিছতে ডোনাল্ড ট্ৰাম্পৰ পুত্ৰই ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা কৰে যদিও তেওঁ ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা নাই বুলি নিশ্চিত কৰা হৈছে।

ভাইৰাছ। ট্ৰাম্পৰ পুত্ৰৰ প্ৰেমিকা কিম্বাৰলি গুইলফইলে আমেৰিকাবাসীৰ বাবে এটা চিনাকি নাম।

ফক্স টেলিভিছনৰ জৰিয়তে আমেৰিকাৰ লগতে সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰা কিম্বাৰলি গুইলফইলেই ২০১৮ চনৰ ২০ জুলাইত ফক্স নিউজ ত্যাগ কৰিছিল।

ফক্স নিউজৰ দ্য ফাইভ অনুষ্ঠানৰ জৰিয়তে তেওঁ বিখ্যাত হৈ পৰিছিল।ডোনাল্ড ট্ৰাম্পৰ দল ৰিপাব্লিকানৰ আমেৰিকা ফাৰ্স্ট প’লিচিৰ এগৰাকী সক্ৰিয় সদস্য কিম্বাৰলি গুইলফইলেই কেলিফোৰ্নিয়াৰ ৰাজনীতিক গেভিন নিউচমৰ সৈতে বিবাহ পাশতো আৱদ্ধ হৈছিল।

সম্প্ৰতি ট্ৰাম্পৰ পুত্ৰৰ প্ৰেমিকা কিম্বাৰলি গুইলফইলে ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰে সমগ্ৰ আমেৰিকাতে চাঞ্চল্যৰ সৃস্টি কৰিছে।

Related News