বিগত ৰাষ্ট্রপতি নির্বাচনত জর্জিয়া প্ৰদেশৰ ফলাফল সলনি কৰিবলৈ চেষ্টা কৰাৰ অভিযোগত প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে তেওঁৰ বিৰুদ্ধে দাখিল কৰা গোচৰত আত্মসমর্পণ কৰাৰ কথা ঘোষণা কৰিছে৷
ইয়াৰ পূৰ্বে ১৪ আগষ্টত জৰ্জিয়াৰ ফুলটন কাউন্টি গ্ৰেণ্ড জুৰীয়ে ট্ৰাম্পৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি ১০ দিনৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল।
ট্ৰাম্পক আত্মসমৰ্পণৰ বাবে ২৫ আগষ্টলৈকে সময় দিয়া হৈছিল। সেই নিৰ্দেশনা অনুসৰি ট্ৰাম্পে আত্মসমৰ্পণ কৰাৰ কথা ঘোষণা কৰে।
লগতে পঢ়ক: বিশ্ব দবা চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰজ্ঞানন্দ; অসাধাৰণ প্ৰদৰ্শন দেখি মুগ্ধ বিশ্বনাথন আনন্দ
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অহা ২৪ আগষ্টত তেওঁ আত্মসমৰ্পণ কৰিব। তেওঁ নিজেই স্থানীয় সময় অনুসৰি সোমবাৰে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত এক পোষ্টযোগে এই তথ্য অৱগত কৰে।
ট্ৰুথ ছ’চিয়েলত শ্বেয়াৰ কৰা এটা পোষ্টত ট্ৰাম্পে কয় যে ‘’অহা বৃহস্পতিবাৰে মই গ্ৰেপ্তাৰ হ’বলৈ আটলান্টালৈ গৈ আছো।‘’
২০২৪ চনৰ নৱেম্বৰ মাহত আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব। ইতিমধ্যে ট্ৰাম্পে সেই নিৰ্বাচনত যুঁজ দিব বুলি ঘোষণা কৰিছে। ইয়াৰ উপৰিও ৰাষ্ট্ৰপতি পদৰ মনোনয়নৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা ৰিপাব্লিকান পাৰ্টিৰ আন নেতাসকলতকৈ জনমত সমীক্ষাত ট্ৰাম্প আগবাঢ়িও আছে।
লগতে পঢ়ক: অশান্ত মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ আহ্বানেৰে আজি গুৱাহাটীত ৰাজহুৱা সভাৰ আয়োজন অসম নাগৰিক সমাজৰ
এনে পৰিস্থিতিত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়েও দাবী কৰিছে যে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত।
উল্লেখ্য যে ২০২১ চনৰ ২ জানুৱাৰীৰ পৰা ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আৰম্ভ হৈছিল। সেইদিনা ট্ৰাম্পে জৰ্জিয়াৰ মুখ্য নিৰ্বাচনী বিষয়া ব্ৰেড ৰেফেন ফেনস্পাৰ্গাৰক ফোন কৰি তেওঁৰ পৰাজয় ৰোধ কৰিবলৈ কয়। কিন্তু ব্ৰেডে তেওঁৰ অনুৰোধ নাকচ কৰে।
ইয়াৰ চাৰিদিন পিছত ২০২১ চনৰ ৬ জানুৱাৰীত ট্ৰাম্প সমৰ্থকে আমেৰিকাৰ গণতন্ত্ৰৰ প্ৰতীক কেপিটেল হিলত আক্ৰমণ কৰে। সেইদিনা নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জো বাইডেনক ছিনেটে স্বীকৃতি দিয়াৰ কথা আছিল।
লগতে পঢ়ক: চাণক্য নীতি: যদি জীৱনত সফল হ’ব বিচাৰে তেন্তে ত্যাগ কৰক এনে সংগ; প্ৰতিটো কামতে হৈ পৰে বাধা!
ইপিনে, ট্ৰাম্পে জৰ্জিয়াত কোনো ধৰণৰ অন্যায় হোৱাৰ কথা অস্বীকাৰ কৰিছে। তেওঁ এটৰ্নী উইলিছৰ বিৰুদ্ধে অভিযোগ কৰে যে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে তদন্ত কৰা হৈছে। কিয়নো উইলিছ মূলতঃ জো বাইডেন প্ৰশাসনে মনোনীত কৰা নীতি অধিবক্তা।