• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডোনাল্ড ট্ৰাম্পৰ দশা! জালিয়াতিৰ গোচৰত ৩৫৫ মিলিয়ন ডলাৰ জৰিমনা বিহিলে আদালতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 17, 2024 10:16 am
আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। ফটোঃ সংগ্ৰহীত।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। ফটোঃ সংগ্ৰহীত।

207
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ ট্ৰাম্প অৰ্গেনাইজেচনক জালিয়াতিৰ গোচৰত প্ৰায় ৩৫৫ মিলিয়ন ডলাৰ জৰিমনা বিহা হৈছে।

স্থানীয় সময় অনুসৰি শুকুৰবাৰে নিউয়ৰ্কত এই ৰায়দান কৰা হয়। কেৱল সেয়াই নহয়, এই ৰায়দানত ট্ৰাম্পক নিউয়ৰ্কৰ কোনো প্ৰতিষ্ঠানৰ পৰা তিনি বছৰৰ বাবে ঋণ লোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু নিউয়ৰ্কৰ কোনো নিগমৰ বিষয়া বা পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পৰাও বিৰত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।

ন্যায়াধীশ আৰ্থাৰ এনগ’ৰনে এই গোচৰত ৯২ পৃষ্ঠাৰ ৰায়দান কৰে। নিউয়ৰ্কৰ ইতিহাসৰ অন্যতম বৃহৎ কৰ্পৰেট ৰায়দান বুলি কোৱা হৈছে।

অৱশ্যে এই ৰায়ৰ বিৰুদ্ধে আপীল কৰিব বুলি কৈছে ট্ৰাম্পে। কিন্তু তাৰ আগতে সম্ভৱতঃ ৩৫৪.৯ মিলিয়ন ডলাৰ জমা কৰিব লাগিব।

লগতে পঢ়কঃ বিজেপি পুনৰ ক্ষমতালৈ আহিলে আঞ্চলিক দলসমূহ অস্তিত্ব সংকটৰ সন্মুখীন হ’ব: চিদাম্বৰম

এই ৰায়দানত ট্ৰাম্পৰ প্ৰতিষ্ঠানৰ দুজন বিষয়াৰ বিৰুদ্ধেও শাস্তিমূলক নিষেধাজ্ঞা আৰোপ কৰা হৈছে। প্ৰায় একেধৰণৰ নিৰ্দেশ জাৰি কৰা হৈছে ট্ৰাম্পৰ দুই পুত্ৰকো।

তেওঁৰ ৰায়দানত ন্যায়াধীশগৰাকীয়ে ট্ৰাম্প, তেওঁৰ দুজন প্ৰাপ্তবয়স্ক পুত্ৰ আৰু দুজন বিষয়াক আইন ভংগ কৰাৰ চাৰি বছৰৰ পাছতো ভুল স্বীকাৰ নকৰাৰ বাবে শাস্তি প্ৰদান কৰে।

নিউয়ৰ্কৰ এটৰ্নী জেনেৰেল লেটিচিয়া জেমছে এই ৰায়দানক লৈ সন্তুষ্ট। তেওঁ কয় যে, ইয়াত ৰাজ্য, দেশ আৰু সকলোৰে বাবে সম সুযোগত বিশ্বাসীসকলৰ জয় হৈছে। তেওঁলেই ২০২২ চনত তেওঁ এই গোচৰ ৰুজু কৰিছিল।

ট্ৰাম্পৰ বিৰুদ্ধে জালিয়াতি অব্যাহত ৰখা, ব্যৱসায়িক তথ্যৰ মিছা উল্লেখ কৰা, ভুৱা ব্যৱসায়িক তথ্য দি ষড়যন্ত্ৰ কৰা, বিত্তীয় বিৱৰণী ভুলকৈ প্ৰকাশ কৰা, বীমা জালিয়াতি, বীমা জালিয়াতিৰ ষড়যন্ত্ৰ আদিৰ অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়কঃ তৃতীয় টেষ্টৰ পৰা নাম প্ৰত্যাহাৰ কৰিলে অশ্বিনে; ৰাজকোটত ১০ জনেৰে ইংলেণ্ডৰ বিৰুদ্ধে খেলিব ভাৰতে!

অভিযোগত কোৱা হৈছে যে ট্ৰাম্পৰ সম্পত্তিৰ বিষয়ে অতিৰঞ্জিতভাৱে দেখুওৱা হৈছে। ফলত তেওঁ বীমা আৰু অন্যান্য সুবিধা লাভ কৰিছে। 

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd