NORTHEAST NOW (Assamese)

ডোনাল্ড ট্ৰাম্পৰ দশা! জালিয়াতিৰ গোচৰত ৩৫৫ মিলিয়ন ডলাৰ জৰিমনা বিহিলে আদালতে

February 17, 2024 10:16 am · এন ই নাও নিউজ, গুৱাহাটী
আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। ফটোঃ সংগ্ৰহীত।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ ট্ৰাম্প অৰ্গেনাইজেচনক জালিয়াতিৰ গোচৰত প্ৰায় ৩৫৫ মিলিয়ন ডলাৰ জৰিমনা বিহা হৈছে।

স্থানীয় সময় অনুসৰি শুকুৰবাৰে নিউয়ৰ্কত এই ৰায়দান কৰা হয়। কেৱল সেয়াই নহয়, এই ৰায়দানত ট্ৰাম্পক নিউয়ৰ্কৰ কোনো প্ৰতিষ্ঠানৰ পৰা তিনি বছৰৰ বাবে ঋণ লোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু নিউয়ৰ্কৰ কোনো নিগমৰ বিষয়া বা পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পৰাও বিৰত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।

ন্যায়াধীশ আৰ্থাৰ এনগ’ৰনে এই গোচৰত ৯২ পৃষ্ঠাৰ ৰায়দান কৰে। নিউয়ৰ্কৰ ইতিহাসৰ অন্যতম বৃহৎ কৰ্পৰেট ৰায়দান বুলি কোৱা হৈছে।

অৱশ্যে এই ৰায়ৰ বিৰুদ্ধে আপীল কৰিব বুলি কৈছে ট্ৰাম্পে। কিন্তু তাৰ আগতে সম্ভৱতঃ ৩৫৪.৯ মিলিয়ন ডলাৰ জমা কৰিব লাগিব।

লগতে পঢ়কঃ বিজেপি পুনৰ ক্ষমতালৈ আহিলে আঞ্চলিক দলসমূহ অস্তিত্ব সংকটৰ সন্মুখীন হ’ব: চিদাম্বৰম

এই ৰায়দানত ট্ৰাম্পৰ প্ৰতিষ্ঠানৰ দুজন বিষয়াৰ বিৰুদ্ধেও শাস্তিমূলক নিষেধাজ্ঞা আৰোপ কৰা হৈছে। প্ৰায় একেধৰণৰ নিৰ্দেশ জাৰি কৰা হৈছে ট্ৰাম্পৰ দুই পুত্ৰকো।

তেওঁৰ ৰায়দানত ন্যায়াধীশগৰাকীয়ে ট্ৰাম্প, তেওঁৰ দুজন প্ৰাপ্তবয়স্ক পুত্ৰ আৰু দুজন বিষয়াক আইন ভংগ কৰাৰ চাৰি বছৰৰ পাছতো ভুল স্বীকাৰ নকৰাৰ বাবে শাস্তি প্ৰদান কৰে।

নিউয়ৰ্কৰ এটৰ্নী জেনেৰেল লেটিচিয়া জেমছে এই ৰায়দানক লৈ সন্তুষ্ট। তেওঁ কয় যে, ইয়াত ৰাজ্য, দেশ আৰু সকলোৰে বাবে সম সুযোগত বিশ্বাসীসকলৰ জয় হৈছে। তেওঁলেই ২০২২ চনত তেওঁ এই গোচৰ ৰুজু কৰিছিল।

ট্ৰাম্পৰ বিৰুদ্ধে জালিয়াতি অব্যাহত ৰখা, ব্যৱসায়িক তথ্যৰ মিছা উল্লেখ কৰা, ভুৱা ব্যৱসায়িক তথ্য দি ষড়যন্ত্ৰ কৰা, বিত্তীয় বিৱৰণী ভুলকৈ প্ৰকাশ কৰা, বীমা জালিয়াতি, বীমা জালিয়াতিৰ ষড়যন্ত্ৰ আদিৰ অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়কঃ তৃতীয় টেষ্টৰ পৰা নাম প্ৰত্যাহাৰ কৰিলে অশ্বিনে; ৰাজকোটত ১০ জনেৰে ইংলেণ্ডৰ বিৰুদ্ধে খেলিব ভাৰতে!

অভিযোগত কোৱা হৈছে যে ট্ৰাম্পৰ সম্পত্তিৰ বিষয়ে অতিৰঞ্জিতভাৱে দেখুওৱা হৈছে। ফলত তেওঁ বীমা আৰু অন্যান্য সুবিধা লাভ কৰিছে। 

Related News