ইউক্ৰেইনক দিয়া সামৰিক সাহায্য সাময়িকভাৱে বন্ধ কৰি দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিৰ সৈতে হোৱাইট হাউছত তীব্ৰ বাক্-বিতণ্ডাৰ অন্তত তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে। স্থানীয় সময় অনুসৰি সোমবাৰে একাধিক সংবাদ মাধ্যমৰ বাতৰিত এই সিদ্ধান্ত ঘোষণা প্ৰকাশ কৰা হয়।
ফক্স নিউজৰ প্ৰতিবেদন অনুসৰি, যেতিয়ালৈকে ট্ৰাম্পে বিশ্বাস নকৰে যে দেশখনৰ (ইউক্ৰেইনৰ) নেতাসকলে শান্তিৰ প্ৰতি দায়বদ্ধ হ’বলৈ ইচ্ছা প্ৰকাশ কৰিছে, তেতিয়ালৈকে সহযোগিতা স্থগিত ৰখা হ’ব।
ফক্স নিউজে ট্ৰাম্প প্ৰশাসনৰ এজন বিষয়াৰ উদ্ধৃতি দি কয় যে, “এয়া সহযোগিতা স্থায়ীভাৱে বন্ধ কৰা নহয়, ই সাময়িক।”
ইউক্ৰেইনত বৰ্তমান নথকা আমেৰিকাৰ সামৰিক সঁজুলিসমূহ সহযোগিতাৰ এই সাময়িক নিলম্বনৰ অধীনত পৰিব। ইয়াৰ ভিতৰত বিমান বা জাহাজত ইউক্ৰেইনলৈ যোৱাৰ পথত থকা অস্ত্ৰ-শস্ত্ৰ আৰু ইউক্ৰেইনত প্ৰৱেশ কৰিবলৈ অপেক্ষা কৰি থকা পোলেণ্ডত থকা অস্ত্ৰ-শস্ত্ৰও অন্তৰ্ভুক্ত।
এই অস্ত্ৰ সহযোগিতা সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰতিৰক্ষা সচিব পিট হেগছেথক নিৰ্দেশ দিছে।
হোৱাইট হাউছত সাংবাদিকৰ আগত তেওঁ ইউক্ৰেইনলৈ সামৰিক সাহায্য স্থগিত ৰখাৰ বিষয়ে আলোচনা কৰা নাই বুলি কোৱাৰ কিছু ঘণ্টাৰ পিছতে এই খবৰ আহিছে। কিন্তু ট্ৰাম্পে সাংবাদিকৰ আগত কয় যে ৱাশ্বিংটনৰ সহযোগিতাৰ বাবে জেলেনস্কিয়ে অধিক কৃতজ্ঞতা প্ৰকাশ কৰা উচিত।
ৰাছিয়াৰ বিৰুদ্ধে প্ৰায় তিনি বছৰীয়া যুদ্ধৰ সময়ত আমেৰিকাই ইউক্ৰেইনক কেইবাশ কোটি টকাৰ সাহায্য প্ৰদান কৰিছে।