অস্থিৰ ট্ৰাম্পে ক’লে, ‘জো বিডেনে মোক হৰুৱালে আনন্দিত হ’ব চীন আৰু ইৰাণ’

donald-trump-1593956866

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে অস্থিৰ হৈ পৰিছে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প।

ট্ৰাম্পে প্ৰতিদ্বন্দ্বী ডেম’ক্ৰেট প্ৰাৰ্থীগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ সময়ত টানি আনিছে চীন, ইৰাণৰ প্ৰসংগ।

ডোনাল্ড ট্ৰাম্পে কৈছে যে জো বিডেনে মোক হৰুৱালে চীন আনন্দিত হ’ব।

অহা নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ পূৰ্বে কৰ’না পৰিস্থিতিক লৈ চাপত আছে ট্ৰাম্প।

ইপিনে, বহুকেইটা সমীক্ষাত ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্প পৰাজিত হোৱাৰ আভাস দাঙি ধৰিছে।

ডোনাল্ড ট্ৰাম্পে শেহতীয়াকৈ নিউ জাৰ্ছিত এখন সংবাদ মেলত কয় যে জো বিডেন বিজয়ী হোৱাটো চীনে বিচাৰিছে। তেতিয়া আমেৰিকাতো তেওঁলোকে ৰাজত্ব চলাব পাৰিব। বিডেন ৰাষ্ট্ৰপতি হ’লে আমেৰিকা শাসন কৰিব চীনে।

তেওঁ লগতে কয় যে ইৰাণেও মই পৰাজিত হোৱাটো বিচাৰিছে। মই ক্ষমতালৈ আহিলেই ইৰাণৰ সৈতে, উত্তৰ কোৰিয়াৰ সৈতে চুক্তি কৰিম।

ট্ৰাম্পে কয় যে ২০১৬ত তেওঁ ক্ষমতালৈ নহা হ’লে উত্তৰ কোৰিয়াৰ সৈতে যুদ্ধ হ’লহেঁতেন। এতিয়া তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক গঢ়ি উঠিছে।

দেশখনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত আন দেশে কিদৰে প্ৰভাৱ পেলাব পাৰে সেই প্ৰসংগত ডোনাল্ড ট্ৰাম্পে কয় যে এইক্ষেত্ৰত চীন আটাইতকৈ বিপদজনক। অৱশ্যে, তেওঁলোকৰ ওপৰত আমি দৃষ্টি ৰাখিছো।