বিশ্বত শান্তিলৈ অৱদান আগবঢ়োৱা ব্যক্তিক প্ৰতিবছৰে নোবেল কমিটিয়ে প্ৰদান কৰে শান্তিৰ নোবেল বঁটা। এই বঁটাৰ মনোনয়নৰ তালিকাত নাম থাকে ৩০০ৰো অধিক লোকৰ। এইবাৰো প্ৰস্তুত কৰা হৈছে মনোনয়ন লাভ কৰা লোকসকলৰ তালিকা। এই তালিকাত নাম থাকিব পাৰে দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱা ড’নাল্ড ট্ৰাম্পৰ।
৭ মাৰ্চত নোবেল কমিটিয়ে ঘোষণা কৰে যে এইবাৰৰ শান্তি নোবেল বঁটাৰ বাবে ৩৩৮ জন লোকক মনোনীত কৰা হৈছে।
নোবেলৰ নিয়ম অনুসৰি বিগত ৫০ বছৰে মনোনীত ব্যক্তিসকলৰ পৰিচয় গোপনে ৰখা হৈছে যদিও ৰাজনীতিবিদসকলে কয় যে এইবাৰ এই বঁটাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আগশাৰীৰ স্থানত আছে।
উল্লেখ্য যে এইবাৰ বৃদ্ধি পাইছে নোবেলৰ মনোনয়নৰ সংখ্যা। যদিও নোবেল বঁটা সমিতিখনে মনোনীত ব্যক্তি সকলৰ পৰিচয় গোপনে ৰাখিছে তথাপিও ৰাজনীতিবিদ আৰু বিশ্লেষক সকলে অনুমান কৰিছে যে এই তালিকাত ড’নাল্ড ট্ৰাম্পৰো নাম থাকিব পাৰে।
ইয়াৰ উপৰিও ইউক্ৰেইনৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইউক্ৰেইনৰ সাংসদ অলেকজেণ্ডাৰ মেৰেজকোৱেও নৱেম্বৰ মাহত ট্ৰাম্পক নোবেল বঁটাৰ বাবে মনোনীত কৰিছিল।