• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক্ষমতাৰ ৰাগীত বলিয়ান দণ্ডাধীশ পৰীস্মিতা দিহিঙীয়াৰ বিৰুদ্ধে চিকিৎসক সুৰজিৎ গিৰিক অপমান কৰাৰ অভিযোগ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 16, 2025 4:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিমৌ আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক ডাঃ সুৰজিত গিৰিৰ বিৰুদ্ধে দণ্ডাধীশ পৰীস্মিতা দিহিঙীয়াই অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

যাৰ বাবে চিকিৎসা সেৱাৰ পৰা অব্যাহতি বিচাৰি NHM কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে ডিমৌ আদৰ্শ চিকিৎসালয়ৰ বিশিষ্ট সংজ্ঞাহাৰক বিশেষজ্ঞ, সৰ্প দংশৰ সামাজিক কৰ্মকৰ্তা ডাঃ সুৰজিত গিৰিয়ে।

Apply Now

এগৰাকী দণ্ডাধীশে অভব্য ব্যৱহাৰ, অপমান কৰাৰ বাবে এই সিদ্ধান্ত লোৱা বুলি সামাজিক মাধ্যমত সদৰি কৰিছে  ডাঃ সুৰজিত গিৰিয়ে।

উল্লেখ্য যে, ১৮ বছৰে চিকিৎসা সেৱা আগবঢ়াই অহা ডাক্তৰ গিৰিয়ে ৩ হেজাৰো অধিক সাপে দংশন কৰা লোকক চিকিৎসা কৰি জীৱন দান দিছে। তদুপৰি সংজ্ঞাহাৰক হিচাপে ডাঃ গিৰিয়ে ৭০০০ ৰো অধিক অস্ত্ৰোপচাৰ কৰিছে ।

জানিব পৰা মতে, ২০০৮ চনত তেওঁ ডিমৌ আদৰ্শ চিকিৎসালয়ত এন আৰ এইছ এমৰ অধীনত ঠিকা ভিত্তিক চিকিৎসক হিচাপে যোগদান কৰিছিল।

আজিও ঠিকা ভিত্তিক চিকিৎসকৰ চাকৰিয়েই তেওঁ কৰি আহিছে এই চিকিৎসালয়খনত। তেওঁক লৈ কোনো ৰোগীৰ কেতিয়াও অভিযোগ নাছিল। চিকিৎসালয়খনৰ উৰ্ধতম কৰ্তৃপক্ষই তেওঁক তেওঁৰ সুবিধা অনুযায়ী চিকিৎসা সেৱা প্ৰদান আৰু কৰ্তব্য সম্পাদন কৰিবলৈ দিছিল।

যোৱা ১১ জুলাইত তেওঁ কৰ্তব্যৰত অৱস্থাত থাকোতেই চিকিৎসালয়খনলৈ এগৰাকী দণ্ডাধীশ আহিল। দণ্ডাধীশগৰাকীয়ে চিকিৎসক সুৰজিৎ গিৰীক মতাই নিলে এটা কোঠালৈ। থিয় কৰাই ৰাখিয়েই তেওঁক সুধিলে- ‘কৰ্তব্য কিয় ভালদৰে সম্পাদন কৰা নাই?’

কথাতো শুনি তেওঁ আচৰিত হ’ল। সেই সময়ত উক্ত স্থানত থকা চিকিৎসালয়খনৰ অধীক্ষক চিকিৎসকগৰাকী তথা আন জ্যেষ্ঠ চিকিৎসা বিষয়াসকলে এবাৰো নকলে যে তেওঁ কৰ্তব্যৰ প্ৰতি কেতিয়াও অবহেলা কৰা নাই।

চিকিৎসা সেৱাকে ধৰ্ম বুলি গ্ৰহণ কৰা চিকিৎসক গিৰীয়ে কথাটোত বৰ আঘাত পালে। কোনো চিকিৎসালয়ত চিকিৎসকৰ ডিউটি লিষ্ট বনাবলৈ দণ্ডাধীশ অহাৰ উদাহৰণ নাই। কিন্তু সেই চিকিৎসালয়খনলৈ এনেদৰে দণ্ডাধীশ আহি তেওঁক কৰা এই ব্যৱহাৰত মৰ্মাহত হৈ চিকিৎসক ডাঃ গিৰীয়ে এই সিদ্ধান্ত লয়।

উল্লেখ্য যে, ডাঃ সুৰজিৎ গিৰিক অপদস্থ কৰা বুলি অভিযোগ উঠা দণ্ডাধীশ পৰিস্মীতা দিহিঙীয়াক পূৰ্বেও নিয়ম উলংঘাৰ বাবে নিলম্বন কৰা হৈছিল। ২০২৪ চনৰ ২৫ ছেপ্টেম্বৰত দিয়া নিৰ্দেশ অনুসৰি শিৱসাগৰত নতুন পদবীলৈ বদলি হ’বলৈ অস্বীকাৰ কৰাৰ বাবে সেইসময়ত বোকাখাতৰ নিৰ্বাচনী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা পৰিস্মিতা দিহিঙীয়াক চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল। দিহিঙীয়াৰ এই কাৰ্যক কাৰ্যালয়ৰ শিষ্টাচাৰ বিঘ্নিত কৰা আৰু জনস্বাৰ্থত ব্যৰ্থ হোৱা বুলি গণ্য কৰা হৈছিল, যাৰ ফলত ৰাজ্যপালে তেওঁক অসম সেৱা (অনুশাসন আৰু আপীল) নিয়ম, ১৯৬৪ৰ অধীনত তৎক্ষণাত নিলম্বন কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd