NORTHEAST NOW (Assamese)

“মোৰ বিয়ালৈ এই দুটা উপহাৰ নানিব, এনেই পেলনি যায়”… বিয়াৰ নিমন্ত্ৰণত অনুৰোধ বিজেপি সাংসদ তেজস্বী সূৰ্য্যৰ

March 11, 2025 4:20 pm · এন ই নাও নিউজ, গুৱাহাটী

কৰ্ণাটকৰ বিজেপি সাংসদ তেজস্বী সূৰ্য্যৰ বিয়া। যোৱা ৬ মাৰ্চত  জনপ্ৰিয় কৰ্ণাটকী গায়ক তথা ভাৰতনাট্যম নৃত্যশিল্পী শিৱশ্ৰী স্কন্দপ্ৰসাদৰ সৈতে বিবাহপাশত আবদ্ধ হয় তেজস্বী।

কিন্তু বিয়াৰ পূৰ্বে অতিথিসকলক দুটা বিশেষ উপহাৰ নানিবলৈ অনুৰোধ জনালে তেজস্বী সূৰ্যই।

যোৱা ৯ মাৰ্চত বেংগালুৰুৰ পেলেচ খেলপথাৰত নৱবিবাহিত দুগৰাকীয়ে বিবাহ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে। য’ত ৰাজনৈতিক নেতা আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলক নিমন্ত্ৰণ কৰা হৈছিল।

ইয়াৰ পূৰ্বে ৮ মাৰ্চৰ নিশা তেজস্বী সূৰ্য্যই ভিডিঅ’ যোগে অনুৰোধ জনাই কয় “শিবাশ্ৰী আৰু মই আপোনালোকক আমাৰ বিয়াৰ অভ্যৰ্থনাত আদৰণি জনোৱাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছো। অৱশ্যে আমাৰ এটা অনুৰোধ আছে। অনুষ্ঠানলৈ কোনেও ফুলৰ থোপা বা শুকান ফল নানিব।”

তেজস্বীয়ে কয়, “ভাৰতত প্ৰতি বছৰে ১ কোটিতকৈ অধিক বিয়া অনুষ্ঠিত হয়। ইয়াৰে ৮৫% বিবাহৰ ফুল আৰু ফুলৰ থোপা অনুষ্ঠানৰ ২৪ ঘন্টাৰ ভিতৰত পেলাই দিয়া হয় আৰু প্ৰতি বছৰে বিয়াৰ ৩ লাখ কেজি শুকান ফল পেলাই দিয়া হয়। এনে ফুলৰ থোপা আৰু শুকান ফলৰ আনুমানিক মূল্য প্ৰায় ৩১৫ কোটি টকা। এই উপলক্ষে ফুলৰ থোপা বা শুকান ফল উপহাৰ দিয়াৰ পৰা বিৰত থাকিবলৈ আমি অনুৰোধ জনাইছো।”

Related News