শৈশৱ তথা স্কুলীয়া দিনৰ স্মৃতিবোৰ কোনেনো পাহৰি যাব পাৰে? বিশেষকৈ স্কুলত শিক্ষকৰ শাস্তি পোৱাৰ ঘটনা সকলোৰে মনত চিৰদিনৰ বাবে থাকে। ইয়াৰ ব্যতিক্ৰম নহয় ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়।
চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ কাঠমাণ্ডুত এক অনুষ্ঠানত ভাষণ দি শৈশৱৰ মৃতি ৰোমন্থন কৰিছিল দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে। এই ভাষণতে পঞ্চম শ্ৰেণীত পঢ়ি থকাৰ কথা মনত পেলালে ন্যায়াধীশগৰাকীয়ে।
ভাষণত ন্যায়াধীশগৰাকীয়ে কয় , “ মই তেতিয়া পঞ্চম শ্ৰেণীত পঢ়ি আছিলোঁ। সেইদিনা স্কুলত ছাৰে মোক প্ৰহাৰ কৰিছিল। এটা সৰু ভুলৰ বাবে তেওঁ মোক প্ৰহাৰ কৰিবোগা হৈছিল। সেই ঘটনাই মোৰ মনত চিৰস্থায়ী চাপ পেলাইছিল। ছাৰে হাতত বেত তুলি লোৱাৰ সময়ত মই তেখেতক হাতত নামাৰি পিঠিত মাৰিবলৈ কৈছলোঁ। কাৰণ হাতত প্ৰহাৰৰ দাগ ঘৰত দেখা পাব পাৰে। কিন্তু ছাৰে মোৰ কথা শুনা নাছিল আৰু মোৰ হাততেই প্ৰহাৰ কৰিছিল। ঘৰৰ মানুহৰ চকুত নপৰাকৈ প্ৰায় ১০ দিন মই দাগটো লুকুৱাই ৰাখিছিলোঁ।
শনিবাৰে কাঠমাণ্ডুত কিশোৰ ন্যায়ৰ কাৰ্য্যবিধিৰ ওপৰত দিয়া ভাষণত মুখ্য ন্যায়াধীশগৰাকীয়ে এই ঘটনাৰ কথা উল্লেখ কৰে। নেপালৰ উচ্চতম ন্যায়ালয়ৰ উদ্যোগত কিশোৰ ন্যায় সম্পৰ্কীয় সন্মিলনত এই কথা উল্লেখ কৰে চন্দ্ৰচূড়ে।
মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, ‘সমাজত শিশুসকলক ভৱিষ্যতৰ নাগৰিক হিচাপে ডাঙৰ-দীঘল কৰা হয়। সন্তান হ’ল পৰিয়ালৰ হৃদস্পন্দন। ভাৰত আৰু নেপাল দুই খন দেশেই সংস্কৃতি শিশুৰ নৈতিক শিক্ষা, প্ৰতিষ্ঠানিক শিক্ষা আৰু শিশুৰ অধিকাৰ সুৰক্ষাৰ প্ৰতি সচেতন।
ইয়াৰ উপৰিও মুখ্য ন্যায়াধীশগৰাকীয়ে মন্তব্য কৰে যে দুয়োখন দেশে শিশুৰ অধিকাৰ ৰক্ষাৰ বাবে আন্তঃৰাষ্ট্ৰীয় চুক্তিত স্বাক্ষৰ কৰিছে।