মহিলাসকলৰ শৰীৰত হৰম’নৰ ভাৰসাম্য নোহোৱা হোৱাত বহু সমস্যা দেখা দিয়ে। বিশেষজ্ঞসকলে সতর্ক কৰি কৈছে, এই লক্ষণবোৰক সাধাৰণ বুলি ল’ব নালাগে। সময়মতে পৰামৰ্শ নালিলে সমস্যা গভীৰ হ’ব পাৰে আৰু হৃদযন্ত্ৰ, হাড়, প্ৰজনন ক্ষমতা, পাচন প্ৰক্ৰিয়া আদি প্ৰভাৱিত হ’ব পাৰে।
হৰম’নৰ ভূমিকা
হৰম’নে শৰীৰৰ পাচন, টোপনি, মুড, মাহেকীয়া আৰু প্ৰজনন ক্ষমতা নিয়ন্ত্ৰণ কৰে। ইয়াৰ স্তৰ বাঢ়ি যোৱা বা হ্ৰাস পোৱাত শৰীৰ সংকেত দিয়ে। কিন্তু এই সংকেত অধিকাংশেই উপেক্ষা কৰা হয়, যাৰ ফলত চিকিৎসাত পলম হয়।
চিনাক্ত কৰিব লগা মুখ্য লক্ষণসমূহঃ
- মাহেকীয়া সমস্যাঃ অনিয়মিত মাহেকীয়া, বেছি বা কম ৰক্তস্ৰাৱ, হঠাতে বন্ধ হোৱাটো পি.চি.ও. এছ. বা থাইৰয়ড সমস্যাৰ ইংগিত হ’ব পাৰে।
- হঠাতে ওজন বৃদ্ধি বা হ্ৰাসঃ কোনো কাৰণ নোহোৱাকৈ ওজন সলনি হ’লে ইনচুলিন, কাৰ্টিছল বা থাইৰয়ড হৰম’নৰ সমস্যা হ’ব পাৰে।
- অনবৰত ভাগৰুৱাঃ যথেষ্ট টোপনিৰ পাছতো যদি ভাগৰুৱা অনুভৱ হয়, ই হাইপোথাইৰয়ডিজম বা এড্ৰিনেল ফটিগৰ ফল হ’ব পাৰে।
- মুড পৰিবৰ্তনঃ হঠাতে খং উঠা, মুড সলনি হওঁতা সাধাৰণতে এষ্ট্ৰেজন আৰু প্ৰোজেষ্টেৰোনৰ ওঠপতনৰ কাৰণ। পিএমএছ, পেৰিমেনোপজ বা পোষ্টপাৰ্টমত বেছিকৈ দেখা যায়।
- ছালৰ সমস্যাঃ ছাল শুকান বা তেলতীয়া হোৱা এন্ড্ৰোজন বাঢ়ি যোৱা বা এষ্ট্ৰেজন কম হোৱাৰ ফল।
- চুলি সৰাঃ চুলি পাতল হোৱা বা সৰা পি.চি.ও. এছ. বা থাইৰয়ডৰ সংকেত।
- ঘাম আৰু গৰম অনুভৱঃ নিশা বেছি ঘাম, হঠাতে গৰম অনুভৱ পেৰিমেনোপজ আৰু মেনোপজত সাধাৰণ।
- টোপনিৰ সমস্যাঃ বাৰে বাৰে টোপনি ভাঙি যোৱা বা অনিদ্ৰা এষ্ট্ৰেজন আৰু প্ৰোজেষ্টেৰোন কম হোৱাৰ লক্ষণ।
- যৌন ইচ্ছা হ্ৰাসঃ এষ্ট্ৰেজন, টেষ্টোষ্টেৰোন বা থাইৰয়ড হৰম’ন কম হোৱাত যৌন ইচ্ছা হ্ৰাস পায়।
- পাচনতন্ত্ৰৰ সমস্যা: হৰম’নৰ ভাৰসাম্য নোহোৱাত পাচনতন্ত্ৰতো বেয়া প্ৰভাৱ পৰে।
পৰিত্ৰাণৰ উপায়ঃ
- সুষম আহাৰ গ্ৰহণ কৰক।
- নিয়মিত ব্যায়াম কৰক।
- মন শান্ত ৰাখিবলৈ ধ্যান বা যোগাভ্যাস কৰক।
- পৰ্যাপ্ত টোপনি লওক।
বিশেষজ্ঞসকলে মহিলাসকলক আহ্বান জনাইছে হঠাতে ওজন বৃদ্ধি, মুড পৰিবৰ্তন বা মাহেকীয়াৰ অনিয়মক সাধাৰণ বুলি উপেক্ষা নকৰিব। সময়মতে চিকিৎসা নকৰিলে সমস্যা ৰোগলৈ পৰিণত হোৱাৰ আগতে নিয়ন্ত্ৰণ কৰিব পাৰি।