NORTHEAST NOW (Assamese)

টেলিকম কোম্পানীত হাহাকাৰ; মাজনিশাৰ ভিতৰতে ৯২,০০০ কোটি টকা আদায়ৰ নিৰ্দেশ কেন্দ্ৰৰ

February 14, 2020 8:31 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ পাছত দূৰ সংযোগ বিভাগে টেলিকম কোম্পানীক শুকুৰবাৰে মাজনিশা পৰ্যন্ত ৯২,০০০কোটি টকা অনাদায় ধন আদায় দিয়াৰ নিৰ্দেশ দিছে।

দূৰ সংযোগ বিভাগে ভাৰতী এয়াৰটেল, ভোডাফোন আৰু আইডিয়াৰ দৰে কোম্পানীক শুকুৰবাৰে মাজনিশাৰ ভিতৰতে সকলো অনাদায়ী ৰাজহ জমা কৰিবলৈ নিৰ্দেশ দিছে।

কেন্দ্ৰৰ দূৰ সংযোগ বিভাগৰ এক নিৰ্দেশ অনুসৰি কোম্পানীকেইটাক নিশা ১১.৫৯ বজালৈকে উক্ত ধন জমা কৰিবলৈ কোৱা হৈছে।

বিভাগটোৱে কোম্পানীকেইটাক অনাদায়ী ৰাজহ সম্পৰ্কে ইতিমধ্যে জাননী প্ৰেৰণ কৰিছ।

ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে দিনৰ ভাগত এই বিষয়ক এক শুনানি গ্ৰহণ কৰি অনাদায়ী ৰাজহ সম্পৰ্কীয় পুৰণি নিৰ্দেশ পালন নকৰাৰ বাবে অসন্তুষ্টি ব্যক্ত কৰে।

ন্যায়ালয়ে টেলিকম কোম্পানীৰ লগতে টেলিকম বিভাগকো এইক্ষেত্ৰত কঠোৰভাৱে সমালোচনা কৰে।

ন্যায়াধীশ অৰুণ মিশ্ৰ ৰ নেতৃত্বৰ বিচাৰপীঠে টেলিকম কোম্পানীকেইটাক সকীয়াই দি কয় যে আদালতে তেওঁলোকৰ লগতে চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে নিৰ্দেশ নমনাৰ বাবে আদালত অৱমাননাৰ কাৰ্যব্যৱস্থা আৰম্ভ কৰিব পাৰে।

সৰ্বোচ্চ আদালতখনে ভাৰতী এয়াৰটেল, ভোডাফোন , এমটিএনএল , বিএছএনএল, ৰিলায়েন্স কমিউনিকেশ্যন, টাটা কমিউনিকেশ্যন আৰু আন কোম্পানীৰ মহা প্ৰৱন্ধকক ১৭ মাৰ্চত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে।

শীৰ্ষ আদালতখনে কেন্দ্ৰক নিৰ্দেশ দিয়ে যে তেওঁলোকে শীঘ্ৰেই তেওঁলোকৰ বিষয়াৰ দ্বাৰা দিয়া নিৰ্দেশ প্ৰত্যাহাৰ কৰক য’ত টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিবলৈ কোৱা হৈছিল।

ন্যায়াধীশ মিশ্ৰই লগতে কয় যে টেলিকম কোম্পানীয়ে এটকাও আদায় দিয়া নাই আৰু চৰকাৰী বিষয়াই নিৰ্দেশৰ ওপৰত স্থগিতাদেশ বিচাৰে।

উচ্চতম ন্যায়ালয়ে কয় যে যদি উক্ত নিৰ্দেশ এক ঘন্টাৰ ভিতৰত উঠাই নলয়, তেতিয়াহ’লে এই বিষয়াসকলক জেইললৈ প্ৰেৰণ কৰাৰ যোগ্য।

যোৱা ১৬ জানুৱাৰিত ন্যায়াধীশ অৰুণ মিশ্ৰৰ বিচাৰপীঠে টেলিকম কোম্পানীক চৰকাৰক এডজাষ্টেড গ্ৰছ ৰেভিন্যু (এ জি আৰ) আদায় দিয়াৰ নিৰ্দেশ দিছিল।

Related News