• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বলিউডৰ জনপ্ৰিয় গায়িকা নেহা কক্কৰ আৰু আদিত্য নাৰায়ণৰ বিবাহ সম্পন্ন! চ’ছিয়েল মেডিয়াত ভাইৰেল ভিডিঅ’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 16, 2020 7:16 pm

2 min read

1581590522_aditya-narayan-neha-kakkar

ভাইৰেল হোৱা ভিডিঅ'ৰ এক স্থিৰচিত্ৰ, উৎস- ইন্টাৰনেট

50k
VIEWS
Share on FacebookShare on Twitter

মায়ানগৰী মুম্বাইত সম্পন্ন হৈছে বলিউডৰ জনপ্ৰিয় গায়িকা নেহা কক্কৰ আৰু জনপ্ৰিয় গায়ক উদিত নাৰায়ণৰ একংৰ তথা গায়ক পুত্ৰ আদিত্য নাৰায়ণৰ বিবাহ!

নেহা কক্কৰৰ এটা ভিডিঅ’ চ’ছিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগেই বহু চৰ্চিত এই হাই ভল্টেজ বিবাহখনক লৈ ব্যাপক চৰ্চা হোৱাৰ পৰলক্ষিত হৈছে মায়া নগৰী মুম্বাইত।

উল্লেখ্য যে নেহা কক্কৰে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এটা ভিডিঅ’টোত দেখা গৈছে দুয়োৱে বিবাহপাশত বন্দী হোৱাৰ দৃশ্য!

উল্লেখ্য যে নেহা কক্কৰ আৰু আদিত্য নাৰায়ণৰ বিবাহক লৈ বিগত কিছুদিন ধৰি যথেষ্ট চৰ্চা চলি আছিল যদিও বিবাহসম্পন্ন হোৱা খবৰ নিশ্চিত হোৱা নাই।

ইপিনে ছ’নী টিভিৰ জনপ্ৰিয় সংগীত ৰিয়েলিটি শ্ব’ ইণ্ডিয়ান আইড’লৰ একাদশ সংস্কৰণত বিচাৰক বিশাল দাদ্লানি আৰু শ্ব’ৰ প্ৰতিযোগীসকলৰ উপস্থিতিত এই বিবাহ সম্পন্ন হোৱা বুলি চৰ্চা লাভ কৰিছে সংবাদ মাধ্যমত।

নেহা কক্কৰে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ভিডিঅ’টোত ইণ্ডিয়ান আইড’লৰ চেটত পৰম্পৰাগত পোছাক পৰিহিত দুয়োজনে ইজনে সিজনক মালা পিন্ধোৱা দেখা গৈছে। য’ত আদিত্য নাৰায়ণ আৰু নেহা কক্কৰক অতি সুখী হোৱা দেখা গৈছে।

ইফালে আদিত্য নায়াৰণৰ পিতৃ বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী উদিত নাৰায়ণে বিবাহৰ এই খবৰক নস্যাৎ কৰিছে। তেওঁ কয় যে এয়া ‘মিডিয়াৰ টি আৰ পি লাভৰ দৌৰ’ৰ এক ষ্টাণ্টহে। উদিত নাৰায়ণক এই সংক্ৰান্তত সোধা এক প্ৰশ্ন উত্তৰত কয় যে, আদিত্য বিবাহ পাশত আৱদ্ধ হ’লে তেওঁ অতি সুখীহে হ’ব।

‘আদিত্য হৈছে আমাৰ একমাত্ৰ সন্তান। তেৱঁৰ বিয়াখনৰ বাবে আমি অতি আগ্ৰহেৰে ৰৈ আছোঁ। যদি এই বিয়াৰ গুজৱ সত্য হয় তেনে পিতৃ-মাতৃ হিচাপে আমি অতিশয় সুখী হ’ম। কিন্তু আদিত্যই এতিয়াও আমাক এই বিষয়ে একো কোৱা নাই।’ এই বুলি কয় আদিত্যৰ পিতৃ উদিত নাৰায়ণে।

লগতে তেওঁ আৰু কয় যে, ‘মই ভাবোঁ ইণ্ডিয়ান আইডলৰ টি আৰ পি বঢ়োৱাৰ স্বাৰ্থত এই বিয়াৰ গুজৱ উলিওৱা হৈছে, য’ত নেহা কক্কৰ বিচাৰক আৰু আমাৰ পুত্ৰ একংৰ হিচাপে দায়িত্ব পালন কৰি আছে। মই আশা কৰোঁ এই বিয়াৰ গুজৱ সত্য প্ৰমাণিত হওক। নেহা এগৰাকী অতি ভাল আৰু সুন্দৰী ছোৱালী।তাইক বোৱাৰী হিচাপে পালে আমি অতিশয় সুখী হ’ম।’

Recent News

কেইবাখনো গাড়ীক খুন্দিয়াই বাগৰিল কয়লাভৰ্তি ট্ৰাক, সংকটজনক অৱস্থাত দুজন লোক

কেইবাখনো গাড়ীক খুন্দিয়াই বাগৰিল কয়লাভৰ্তি ট্ৰাক, সংকটজনক অৱস্থাত দুজন লোক

আজি নিৰ্ণয় হ’ব সুৰেশ ৰাইনা, স্মিথ, মেক্সৱেলকে ধৰি কেইবাজনো ক্ৰিকেটাৰৰ ভাগ্য

আজি নিৰ্ণয় হ’ব সুৰেশ ৰাইনা, স্মিথ, মেক্সৱেলকে ধৰি কেইবাজনো ক্ৰিকেটাৰৰ ভাগ্য

সমাধানৰ আশাত আজি চৰকাৰে দশমবাৰৰ বাবে কৃষকৰ সৈতে মিলিত হ’ব আলোচনাত

সমাধানৰ আশাত আজি চৰকাৰে দশমবাৰৰ বাবে কৃষকৰ সৈতে মিলিত হ’ব আলোচনাত

কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত মায়ঙৰ ৩৫৯ টা গোটলৈ ৫০,০০০ কৈ টকা

কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত মায়ঙৰ ৩৫৯ টা গোটলৈ ৫০,০০০ কৈ টকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd