NORTHEAST NOW (Assamese)

নৃত্যই-গীতে জীপাল হৈ উঠিল হাৰকাটা হিন্দুপাৰাৰ পঞ্চম দৌল উৎসৱ

March 26, 2022 4:31 pm · তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
Updated: March 26, 2022 4:47 pm

পশ্চিম অসমৰ ধুবুৰী জিলাৰ শালকোচা আৰক্ষী চকীৰ অন্তৰ্গত হাতীপোতাৰ ওচৰৰ হাৰকাটা গাঁৱৰ গোপালবাবা মন্দিৰ প্ৰাংগনত উলহ মালহৰে ” পঞ্চম দৌল ” উৎসৱ উদযাপন কৰা হয়।

এই উপলক্ষে বিভিন্ন কাৰ্যসূচী, সাংস্কৃতিক, আবৃত্তি , আকস্মিক বক্তৃতা , ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাসমূহত ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।

চাপৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জিত কাকতিয়ে পঞ্চম দৌল উৎসৱ উপলক্ষে আয়োজিত সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ উদ্বোধন কৰে।

পঞ্চম দৌল উৎসৱ উদযাপন কমিটীৰ সভাপতি দয়াময় বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত উদেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক শিৱ শংকৰ বৰ্মনে ।সভাত সমাজকৰ্মী ক্ৰমে মাধৱ বৰ্মন , তিক্ষাল চন্দ্ৰ বৰ্মন , বকুল বৰ্মন, ছাত্ৰ নেতা লব কুমাৰ বৰ্মন, দিপন বৰ্মন , পৰিমল বৰ্মন , ইন্নুছ আলী আদিয়ে অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায়।

উৎসৱত আকৰ্ষণীয় নৃত্য প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাত বহু সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

প্ৰতিযোগিতাত দীশিখা নাথ প্ৰথম স্থান , চন্দ্ৰিমা বৰ্মন দ্বিতীয় আৰু ৰবিনা চুলতানাই তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। স্থান অধিকাৰ কৰা এই প্ৰতিযোগী কেইগৰাকীক ক্ৰমে ৩০০১, ২০০১ ১০০১ টকাৰ নগদ ধনৰ লগতে ট্ৰফীৰে সন্মানিত কৰা হয় ।

উক্ত অনুষ্ঠানত গুৱাহাটী , কোকৰাঝাৰ , বহলপুৰ , শালকোচা আদি ঠাইৰ পৰা আমন্ত্ৰিত স্থানীয় আৰু অতিথি শিল্পী ক্ৰমে জ্যোতিশ্মিতা ৰাগিনি , লব কুমাৰ ৰায় , অমৰ ৰায় , বিশ্বজিৎ ৰায় , কনক ৰায় ,তথা শিশু শিল্পী ময়ুৰী ৰায় গীত পৰিৱেশন কৰি শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি ৰাখে।

Related News