NORTHEAST NOW (Assamese)

ক’ৰ’নাত আক্ৰান্ত হৈ চিকিৎসকৰ মৃত্যু

August 24, 2020 7:10 pm · ৰিনয় বসুমতাৰী

ক’ৰ’নাত আক্রান্ত হৈ আজি দুপৰীয়া ১২ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ছাৰ্ভিলেঞ্চ অফিচাৰ তথা আৰ এন বি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ অমল মুছাহাৰীয়ে।

চিকিৎসক মুছাহাৰীৰ মৃত্যুত কোকৰাঝাৰ আৰু গোৱালপাৰা জিলাৰ ৰংজুলিত গভীৰভাৱে শোকৰ ছা পেলাইছে।

জানিব পৰা মতে, চিকিৎসক মুছাহাৰীক দুই সপ্তাহ পূৰ্বে অৰ্থাৎ ১০আগষ্টত জি এম চি এইচত ভৰ্তি কৰা হৈছিল।

উল্লেখযোগ্য যে, ৫৩ বছৰীয়া ডাঃ মুছাহাৰী আৰ এন বি অসামৰিক চিকিৎসালয়ৰ COVID-19ৰ দায়িত্বত আছিল।

গোৱালপাৰা জিলাৰ ৰংজুলিৰ ছৰাপাৰাৰ নিৱাসী মুছাহাৰীয়ে মৃত্যুৰ সময়ত পত্নী আৰু এজন ষষ্ঠ শ্ৰেণীত পঢ়ি থকা পুত্ৰক এৰি থৈ যায়।

১৯৯৭ চনত আৰ এন ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত যোগদান কৰা অমল মুছাহাৰীৰ মৃত্যুত সতীৰ্থ চিকিৎসক, নাৰ্চ, জিলাখনৰ বিভিন্ন দল-সংগঠনৰ লগতে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ য়ু জি ব্ৰহ্মইও শোকপ্ৰকাশ কৰে।

Related News