অসম সন্তান ড° অনুৰাগ কাশ্যপলৈ স্পেইনৰ বাৰ্চিলোনা স্বায়ত্বশাসিত বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে এক্সট্ৰাঅৰ্ডিনেৰী ডক্টৰেট বঁটা। স্পেইনৰ বাৰ্চিলোনা স্বায়ত্বশাসিত বিশ্ববিদ্যালয়ৰ পৰা এই সন্মান লাভ কৰা প্ৰথমগৰাকী অসমীয়া আৰু দ্বিতীয়গৰাকী ভাৰতীয় ড° অনুৰাগ কাশ্যপে গৌৰৱ কঢ়িয়াই আনিলে যোৰহাটলৈ।
যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্ভিদ ৰোগ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক অনুৰাগ কাশ্যপে স্পেইনৰ খ্যাতনামা Autonomous University of Barcelona (Universitat Autònoma de Barcelona)-ৰ পৰা Extraordinary Doctorate পুৰস্কাৰ লাভ কৰিছে। কৃষি জিনতত্ত্ব আৰু উদ্ভিদ আণৱিক জীৱবিজ্ঞান ক্ষেত্ৰত তেওঁৰ ব্যতিক্ৰমী গৱেষণাৰ বাবে এই বঁটা প্ৰদান কৰা হয়।
যোৰহাট জিলাৰ দৰঙীচুক নিবাসী ড° অনুৰাগ কাশ্যপে ২০১৭ চনত ভাৰতীয় কৃষি গৱেষণা পৰিষদ (ICAR)-ৰ পৰা নেতাজী সুভাষ আই.চি.এ.আৰ. আন্তঃৰাষ্ট্ৰীয় ফেল’শ্বিপ লাভ কৰি স্পেইনৰ Autonomous University of Barcelonaত পিএইচডি পাঠ্যক্ৰমত নামভৰ্তি কৰে। শিক্ষানুষ্ঠানত তেওঁ Centre for Research in Agricultural Genomics (CRAG)-ৰ Coll & Valls Labত বিশ্ববিখ্যাত উদ্ভিদ আণৱিক জীৱবিজ্ঞানী ড০ নুৰিয়া ছাঞ্চেছ-কল-ৰ অধীনত গৱেষণা আৰম্ভ কৰে।