Dr. APJ Abdul Kalam Birth Anniversary জন্মদিনত দেশে সুঁৱৰিছে ‘মিছাইল মেন’ ড০ এ পি জে আব্দুল কালামক

লৌহ পুৰুষ তথা ভাৰতৰ মিছাইল মেন হিচাবে খ্যাত প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামৰ আজি জন্মদিন। জন্মদিনত আজি দেশে শ্ৰদ্ধাৰে স্মৰণ কৰিছে ৰাষ্ট্ৰনেতা তথা সৰ্বকালৰ মহান বিজ্ঞানীগৰাকীক। লক্ষ্যণীয় কথাটো হ’ল কালামে শেষ নিশ্বাস ত্যাগ কৰিছিল তেওঁৰ অতি মৰমৰ উত্তৰ-পূবৰ শ্বিলঙত।

১৯৩১ চনৰ ১৫ অক্টোবৰ মাহত তামিলনাডুৰ ৰামেশ্বৰমত জন্মগ্ৰহণ কৰা কালামৰ সম্পূৰ্ণ নাম আছিল আবুল পাকিৰ জয়নুল আবেদিন আব্দুল কালাম।২০০২ চনৰ পৰা ২০০৭ চনলৈ তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছিল। ২০০২ চনত কালামে তেওঁৰ প্ৰতিদ্বন্দ্বি প্ৰাৰ্থী লক্ষ্মী চেহগলক নিৰ্বাচনত পৰাস্ত কৰি ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল।

সৰুৰে পৰা অধ্যয়নত ৰাপ থকা কালামে তিৰুচিৰাপল্লীৰ চেইণ্ট যোচেফ কলেজৰ পৰা পদাৰ্থ বিজ্ঞান আৰু চেন্নাইৰ মাদ্ৰাছ ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা এৰ’স্পেছ ইঞ্জিনিয়াৰিং বিষয় হিচাপে লৈ উত্তীৰ্ণ হৈছিল।দেশৰ মহাকাশ গৱেষণাক তেওঁ এক নতুন মাত্ৰা প্ৰদান কৰিছিল। প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো তেওঁৰ অৱদান আছিল অনন্য। সেইবাবেই তেওঁ ‘মিছাইল মেন’ হিচাবে খ্যাত হৈ পৰিছিল।

ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পূৰ্বে কালামে প্ৰতিৰক্ষা গৱেষণা সংস্থা (ডি আৰ ডি অ’) আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ত এৰ’স্পেছ অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

কালামে ১৯৯৮ চনত হোৱা ভাৰতে কৰা ‘পোখৰান-২’ পাৰমাণৱিক পৰীক্ষণত অগ্ৰনী ভূমিকা পালন কৰিছিল।
তেওঁ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান আহমেদাবাদ আৰু ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান ইণ্ডোৰৰ অতিথি প্ৰাধ্যাপক; থিৰুঅনন্তপুৰমৰ ভাৰতীয় মহাকাশ গৱেষণা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান ৰ চেঞ্চেলৰ, চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ৰ এৰ’স্পেচ ইঞ্জিনিয়াৰঙৰ প্ৰাধ্যাপকৰ উপৰি মহীশূৰৰ জেএছএছ বিশ্ববিদ্যলয়ত কাৰ্যনিৰ্বাহ কৰিছিল।

কালামৰ ’ইণ্ডিয়া ২০২০’ শীৰ্ষক গ্ৰন্থ খনৰ লগতে আন কেইবাখনো গ্ৰন্থ দেশ -বিদেশৰ বহু ভাষালৈ অনুবাদ হৈছে। তেনে গ্ৰন্থ সমূহৰ ভিতৰত ’অগ্নিৰ ডেউকা’ও এখন।

২০১৫ চনৰ ২৭ জুলাইত শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (আই আই এম)-ত বক্তৃতা প্ৰদান কৰি থকাৰ সময়তে কালাম সন্ধিয়া প্ৰায় ৬:৩০ বজাত অসুস্থ হৈ পৰিছিল। তেওঁক লগে লগে চিকিৎসালয়লৈ নিয়া হৈছিল যদিও সেইদিনাই সন্ধিয়া ৭:৪৫ বজাত শ্বিলঙৰ বেথানী চিকিৎসালয়ত তেওঁৰ মৃত্যু ঘটিছিল। আজি এইগৰাকী মহান বিজ্ঞানী তথা ৰাষ্ট্ৰনেতাৰ জন্মদিনত দেশবাসীয়ে নানান কাৰ্যসূচীৰে নেতাগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য যাঁচিছে।