আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক মৰণোত্তৰভাৱে প্ৰদান কৰা হ’ব ভাৰত ৰত্ন বঁটা

bhupen-hazarika-ap-750x375 (1)

ভূপেন হাজৰিকা

অসমীয়া জাতিগঠন আৰু সমাজ সংগঠনত গীত আৰু সুৰেৰে প্ৰধান ভূমিকা পালন কৰা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক আজি মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন বটা প্ৰদান কৰা হ’ব।

কিছুদিন দিন পূৰ্বে ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰকাশিত এক বিজ্ঞপ্তিত ৬ আগষ্টত ভাৰত ৰত্ন প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত ৮ আগষ্টত এই বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ  কৰা হয়।

অসমৰ মৰমৰ শিল্পী ভূপেন হাজৰিকাৰ লগতে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী আৰু বিশিষ্ট সমাজ কৰ্মী নানাজী দেশমুখকো আজি ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হ’ব।

দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এক বিশেষ গাম্ভীৰ্যপূৰ্ণ পৰিবেশত বঁটা সমূহ প্ৰদান কৰিব।

ড০ ভূপেন হাজৰিকা অসমৰ প্ৰথম মুখ্য মন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পাছত ভাৰত ৰত্ন বঁটা লাভ কৰা দ্বিতীয় গৰাকী অসমীয়া।

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বিগত বৰ্ষত ভাৰত ৰত্ন বঁটাৰ বাবে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ নাম ঘোষণা কৰাৰ পাছতে ৰাজ্যৰ জনসাধাৰণৰ মাজত উৎসাহৰ সৃষ্টি হৈছিল।

আনহাতে, অসমত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ চলি থকা সময়তে ড০ ভূপেন হাজৰিকালৈ মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰতৰত্ন আগবঢ়োৱাৰ সময়ত কিছু মিশ্ৰিত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল।