এই সংখ্যাত এইকেইটা বিষয়ত দৃষ্টি আৰু মনোযোগ নিবদ্ধ ৰাখিম।
ত্ৰিশ বছৰৰ উৰ্ধ্বৰ আন শ্ৰোতা সকলৰ কথা নাজানোঁ, মই আজিকালি টি-ভিত শুনা বেছিভাগ গানকে সংগীত বুলিবলৈ অপাৰগ। অথচ গীতিকাৰ-গায়ক সকল জনপ্ৰিয়।
অলপতে শুনিছোঁ টি-ভিত এজন গায়কে বিহুৰ সুৰতে ‘’তোমাক নাপালে মই ভোকতে মৰিম’’,’’তোমাক নাপালে হায়, বুকুৱে কৰে ৰাই-জাই’’ ধৰণে দুফাকিমান গাই হঠাত উদ্দাম ছন্দত ধৰাধ্বৰ্ গাই গ’লঃ
‘’ মাক ভালেই জীয়েক জাতি
ঢেঁকীঠোৰাৰে বটে পাঁজী……’’
এইটো এটা অসমীয়া প্ৰবচন। তাক গলাখুলি খৰবেগে কেইবাবাৰো গাই আকৌ সুৰ সলাই গালেঃ
অ’ জিলে’লে জিলে’লে
অ’ জিলে’লে জিলে’লে
শ্ৰোতাই বোধহয় ভাবিব এইটো ‘’চেনাই’’ বা তেনেকুৱা প্ৰেমাষ্পদ বা প্ৰেয়সীৰ প্ৰতি সম্বোধন। কিন্তু মোৰ ডাঙৰ ছোৱালীজনীৰ পাঁচবছৰমান হওঁতে তাইক এখন ‘’টাৰ্জান’’ নামৰ এখন হিন্দী ছবি দেখুৱাবলৈ লৈ গৈছিলোঁ। তাত এজন ল’ৰা এজাক গছৰ ডালত বাস কৰা বনমানুহৰ মাজত ডাঙৰ হৈ নানা ধৰণে বল-বীৰ্য্য প্ৰদৰ্শন কৰাৰ কাহিনী এটা আছিল। বনমানুহবোৰে গোট খাই ‘’জিলে’লে, জিলে’লে/ ইবিচ-ইবিচ জিলে’লে’’ বুলি গান গাইছিল। গানটো ছোৱালীজনীৰ পছন্দ হোৱাত তায়ো ‘’জিলে’লে জিল’লে’’বুলি কেবা দিনো গাই আছিল। ই কেনেকৈ অসমীয়া গায়কৰ ৰাউচি জোৰা বিননিত পৰিণত হ’ল মই বুজি নাপাওঁ। কিন্তু মোক হতবাক কৰি অনুষ্ঠানৰ আঁত ধৰোঁতাই মন্তব্য কৰিলেঃ ‘’অতি সুন্দৰ গান!’’
এনেবোৰ গীতত প্ৰেয়সী বা প্ৰেমিকাৰ দেহ-মনৰ কামনা, তাক লৈ সপোন দেখা, সংসাৰৰ বাকী সকলো অসাৰ যেন লগা আদি ফৰ্মুলাৰে অন্তহীন পুনৰাবৃত্তি শুনা যায়। পাশ্চাত্যৰ জনপ্ৰিয় পপ বা ৰক্ সংগীতত কিন্তু মই আন বহু বিষয় লক্ষ্য কৰোঁ। প্ৰেমৰ আচৰিত অবক্ষয়, বিশ্বাসভংগৰ ক্ষোভ আৰু হতাশা, বিচ্ছেদৰ পিছত জীৱনটো পুনৰ গঢ়াৰ যাতনাময় সংগ্ৰাম, প্ৰেয়সীৰ পৰা কোনো সঁহাৰি পোৱাৰ আশা নথকাৰ অৱস্থা অৱশেষত মানি ল’বলৈ বাধ্য হোৱা- ইত্যাদি প্ৰেম নামৰ অভিজ্ঞতাৰ বিবিধ বিচিত্ৰ ৰূপ সেইবোৰ গানত ফিৰিঙতি বা চেঁচা বতাহৰ দৰে সিঁচৰতি হৈ থাকে। আজিৰ অসমীয়া গানো ভাব-বস্তুৰ পিনৰ পৰা ইমান নি:কিন হৈ থকাৰ কাৰণ নাই। আন ভাব-অনুভুতি লৈও গীত ৰচনা কৰা আৰু গোৱা হয়।
আজি বোধোহয় ত্ৰিছ বছৰমান ধৰি শুনা কেতবোৰ ৰোমান্তিক গানৰ ভিতৰত ভাল লগা দুটা গীত হ’ল ৰিদীপ দত্তই গোৱা ‘’মাইজান……’’ আৰু মহানন্দ মজিন্দাৰ বৰুৱাই গোৱা ‘’মন হীৰাদৈ……’’। মই চিনেমা তেনেকৈ নাচাওঁ। অলপতে অপূৰ্ব বেজবৰুৱা ঢুকাওঁতেহে গম পালো তেঁৱেই আছিল গীত দুটাৰ গীতিকাৰ-সুৰকাৰ।
বিহুসুৰীয়া গীত দুটা বহুবাৰ শুনিলেও কিয় আমুৱাই নাযায়, ভাবিলোঁ। ‘’মাইজান’’ গীতটো প্ৰচলিত অসংখ্য বিহুসুৰীয়া গানৰ দৰে প্ৰেমিকৰ প্ৰেমভিক্ষাৰ কৰুণ মিঠা গান। কিন্তু তাৰ বৈশিষ্ট্য হ’ল এয়ে যে তাৰ মাজত প্ৰচ্ছন্ন হৈ আছিল নিষ্ঠুৰ সময় বা কালৰ অবক্ষয়ৰ ইংগিত। যৌৱনৰ কামনা-বাসনাৰো জীৱন-কাল থাকে- ‘’দেহা গ’লে বেহাও যায়!’’ কথাটো ইমান আলফুলকৈ অথচ অনিবাৰ্য্য ভবিতব্যৰ ভাবেৰে গীতত সুমুৱাই দিয়া হৈছে যে উচ্ছল কামনাৰ মাজতো বিয়পি আছে কাৰুণ্য।
‘’মন হীৰাদৈ’’ বেলেগ ধৰণৰ গীত। তাত থকা দুটামান শাৰী প্ৰথমে শুনাত অৰ্থহীন যেনেই লাগেঃ
চাইকেল নহয় টিলিঙা
ডেকা নহয় পিলিঙা……
কিন্তু তাৰো এটা ভাব-বৈচিত্ৰ্য নাথাকে। প্ৰেমত উদ্বাউল হোৱা ডেকা এজনে চাইকেলৰ জনপ্ৰিয়তাৰ দিনত উলাহত অনাহকত টিলিঙা বজাই প্ৰাণৰ উন্মাদনা প্ৰকাশ কৰিব পাৰে। ডেকাক ‘’পিলিঙা’’বোলাৰ অৰ্থ এয়ে বোধহয় যে যৌৱনৰ উদ্দাম চঞ্চলতা আৰু উচ্ছ্বাস শব্দটোৱে বেছি ফটফটীয়াকৈ ফুটাই তোলে।
এইধৰণৰ কাৰণতে গীত দুটা আন এশটা গীতৰ ভিতৰত অনন্য।
অসমীয়া উদ্যোগীৰ বিফলতা?
অসমত ষ্টে’ট বেংক অব ইণ্ডিয়াৰ ৩৮২টা শাখা আৰু ৰাষ্ট্ৰীয়কৃত বেংকৰ ১১১৯টা শাখা আছে। ২০১৬ৰ পৰা ২০১৭ চনলৈ সেইবোৰত জমা হোৱা ধন ১৭.৮শতাংশ বৃদ্ধি পাইছিল, কিন্তু বেংকে দিয়া ঋণ ১৮.৮শতাংশৰ পৰা হ্ৰাস পাইছিল ১৪.৩শতাংশ হাৰত।
অসমত জমা আৰু ঋণৰ মাজত বৰ্ত্তমান ব্যৱধান শতাংশ হিচাবত ২০১৭চনত ৩৯.৯শতাংশ। অথচ সমগ্ৰ দেশত গড় হিচাবে সি ৭৩.৭শতাংশ।
অসমৰ সকলো ব্যৱসায়িক বেংকৰ সমুদায় জমা ধনৰ মুঠ পৰিমান এক লাখ বাইছ হেজাৰ তিনিশ এঘাৰ কোটি। কিন্তু গ্ৰাহকক দিয়া সমুদায় ঋণৰ পৰিমান আঠচল্লিছ হেজাৰ সাতশ সাতসত্তৰ কোটি। এই পৰিসংখ্যা ২০১৮ চনৰ আঠ এপ্ৰিলৰ ‘’দি টেলিগ্ৰাফ’’ কাকতত প্ৰকাশ পাইছিল। বহু দশক জুৰি এইটোৱেই হৈ আছে। ৰাজ্য চৰকাৰবোৰে এই ক্ষেত্ৰত সামান্য উদ্যোগো দেখুৱা নাই। অসমৰ ধন ঘাইকৈ ৰাজ্যৰ বাহিৰত আন শিল্প-ব্যৱসায় বৃদ্ধিত বিনিয়োগ হৈছে।
কাৰণ হিচাপে চাফাই গোৱা হয় যে অসমৰ মানুহ এলেহুৱা, নিস্কৰ্মা। কথাটো একেবাৰে মিছা নহয়। কিন্তু তাৰো ঐতিহাসিক কাৰণ আছে। ব্ৰিটিছৰ দিনৰে পৰা অসম ভাৰতৰ উন্নত, উদ্যোগ-ব্যৱসায় মুখৰ অঞ্চলবোৰৰ ছায়াছন্ন পশ্চাদভূমি (hinterland)। ইয়াৰ পৰা কেঁচামাল বাহিৰলৈ লৈ যায় ঘাইকৈ বাহিৰৰ ব্যৱসায়ীয়ে, আৰু তাত নিৰ্মিত বস্তু ট্ৰাক-ৰে’লেৰে অসম আহি পোৱাৰ পিছত চ’ৰা দামত আমি কিনি খাওঁ। অৰ্থনীতিৰ এই ৰূপ সলোৱাৰ কোনো চিন্তাশীল চেষ্টা কেন্দ্ৰৰ অনুগত ৰাজ্য চৰকাৰে নকৰে। আনকি আঞ্চলিক শক্তিৰ নিৰ্বাচনী সাফল্যৰ পিছতো তেনে এক সুনিশ্চিত প্ৰচেষ্টা দেখা নগ’ল। ই আমাৰ জাতীয়তাবাদী চিন্তাৰ এক মৌলিক ত্ৰুটি। ফলত আমাৰ মানুহৰ মনত উদ্যোগী প্ৰেৰণা আৰু কুশলতাই ঠাই নাপালে।
আজিও চৰকাৰে যি অজস্ৰ দান-দক্ষিণা, অনুদান আৰু বঁটা বাহন যি আছে তাৰ পৰা এমুঠি মানুহহে উপকৃত হৈছে, কিন্তু সমাজৰ সৰহভাগ লোকৰ উপকাৰ হোৱাকৈ একো ফলাফল তাৰ পৰা নোলায়।
বেংকবিলাকৰ ধন যদি এচাম থলুৱা উদ্যোগীৰ হাতলৈ যায়, আৰু তেনে উদ্যোগৰ ব্যৱসায়ী দিশত দিহা-পৰামৰ্শ দিবলৈ যদি অভিজ্ঞ আৰু সপ্ৰতিভ মানুহ এচাম নিয়োজিত হয়, তেন্তে নিশ্চয় কিছুমান প্ৰচেষ্টা বিফল হ’লেও সৰহখিনি বাচিব আৰু আগবাঢ়ি যাব পাৰিব। কোৱা বাহুল্য যে কিছুমান বিশেষজ্ঞই অফিচাৰ-সুলভ প্ৰাণালিৰে দিহা দিলে কামত নাহিব। উদ্যোগী যুৱক-যুৱতীৰ সমস্যাৰ লগত একাত্মহৈ সেই পৰামৰ্শ দিব পৰা মানুহ হব লাগিব। মূলধনেই যথেষ্ট নহয়, পৰিবহনৰ সুলভ উপায় আৰু উৎপাদিত সামগ্ৰীৰ বজাৰৰো বাট উলিয়াই দিব লাগিব। এইবোৰ বৰ টান কাম নহয়। লাগে কেবল মনৰ সংকল্প, ধৈৰ্য আৰু হাৰ নমনাকৈ যুঁজি যোৱাৰ সংগ্ৰামী দৃঢ়তা। সেই পিনে নগৈ পাৰক নোৱাৰক টি-ভি চাই গায়ক বা শিল্পী হোৱাৰ প্ৰচলিত ধাৰা অনুসৰণ কৰি বহু যুৱক-যুৱতী বিপদত পৰিছে।
বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতি ৰক্ষা কৰিবলৈ বিস্তৰ উৎসাহ দিয়া হৈছে। কিছু পৰিমানে প্ৰয়োজন হ’লেও ভাত মুঠিৰ দিহা নকৰাকৈ কোন জনগোষ্ঠীয়ে বতাহ খাই নিজা সংস্কৃতি ৰক্ষা কৰিব পাৰিব। সেয়ে অস্তিত্ব ৰক্ষাৰ বাবে আমাৰ তৰুণ চামে উদ্যোগ-ব্যৱসায়ত নামিব লাগিব। উজনিৰ আহোম সকল লাগি আছে ‘’স্বৰ্গদেউ’’ সকলৰ নাম জপি, মটক সকল মতলীয়া হৈ আছে মোৱামৰীয়া বিদ্ৰোহৰ বীৰ গাথালৈ। সেইবোৰ অতীতৰ কথা, স্মৰণীয় হব পাৰে। কিন্তু বৰ্ত্তমানত টিকি থাকিবলৈ যথেষ্ট প্ৰয়োজনীয় নহয়।
মটকসকলৰ বহুতৰে কমলা টেঙাৰ বাগান আছে। হিন্দীভাষী ব্যৱসায়ীয়ে সততে কিনি গুৱাহাটীত এটাত দহ-বাৰ টকাকৈ বিক্ৰী কৰে। তেওঁলোকে সমবায় খুলি ভাল দাম পোৱাৰ চেষ্টা কৰিব লাগে। ল’ৰা-ছোৱালীক বিজ্ঞান পঢ়ুৱাই, ৰসায়নৰ জ্ঞান লৈ জাম জেলি বনোৱাৰ কৌশল শিকি তাৰ উদ্যোগ গঢ়িব পাৰে। উজনিৰ বহু অঞ্চলত চোমনি পাতি মুগা পোহাৰ ৰীতি আছিল। এতিয়া সেই কাম এৰি দিছে। গাঁৱৰ যি দুইচাৰি আদহীয়া বা বুঢ়া মানুহ আছে, তেওঁলোকৰ পৰা জানি বুজি আৰু জীৱবিদ্যা অধ্যয়নৰ পৰা কীট-পতংগৰ বিষয়ে শিকি লৈ মুগা পোহাৰ ব্যৱস্থা কৰিব পাৰে। তাৰ কেতবোৰ কৌশল উন্নত কৰাৰো চেষ্টা নিশ্চয় কৰিব লাগিব। দেখিও শিকক, ঠেকিও শিকিব। কিন্তু সহজতে হব লাগিব বুলি আব্দাৰ কৰিলে নহব। সেইদৰে নামৰূপৰ প্ৰাকৃতিক গেছৰ পৰা বিভিন্ন অত্যাৱশ্যকীয় ৰাসায়নিক দ্ৰব্য উৎপাদন কৰিব পাৰি। বিজ্ঞান-ইঞ্জিনিয়াৰিঙৰ শিক্ষা তেতিয়া অথলে নাযায়।
অসমীয়াৰ আৰু এটা দোষ একেচিপে আৰু সহজে প্ৰচুৰ লাভ কৰাৰ হুতাহ। একাণপতীয়া ধৈৰ্য্যৰ অভাৱৰ বাবে বহুতে পোনতে উত্তম গুণৰ দ্ৰব্য উৎপাদন কৰি পিছত গুণ হ্ৰাস কৰি গ্ৰাহকক ঠগাই ফাউতে বহু লাভ ঘটিব খোজে। এইবোৰ বদভ্যাসৰ নিন্দা কাকত-টিভিত শুনাই নাযায়। লাচিত বৰফুকন বা ভূপেন হাজৰিকাৰ নাম আওৰাই কাম হাচিল কৰিলে নহব। তেওঁলোকৰ একাগ্ৰ সাধনা, ধৈৰ্য্য আৰু দৃঢ়তাৰে কাম কৰিলেহে স্বাভাৱিক উদ্ভাৱনী শক্তি সফল হব।
বিহু সম্পৰ্কে দু-আষাৰ
বিহু সাতদিনত শেষ কৰিব পাৰিনে? নোৱাৰিলেও এমাহ ধৰি দীঘলাই নিলে একো উপকাৰ নহয় জাতিৰ। সেই কাৰণেই বিপুল মাত্ৰাৰ চান্দা-বৰঙণি দৰকাৰ হয়। বাহিৰৰ শিল্পীক মাতি তিনি-চাৰিদিন ধৰি গোৱালে বিশেষ ক্ষতি নাই। কিন্তু থলুৱা শিল্পীৰ প্ৰতিভাৰ প্ৰকাশ আৰু পুষ্টিৰ বাবে বিভিন্ন থলুৱা দলৰ গীত আৰু নাটক বিহুমঞ্চত প্ৰদৰ্শন কৰোৱা উচিত। চান্দা লক বাৰু, কিন্তু বিহুতলিত বিহুৰ জাত মাৰি ৰীবক জোতা, ভিভে’ল চাবোন, কিবা মবাইল আদিৰ ডাঙৰ বিজ্ঞাপন লগোৱা কোনটো জাতীয় সংস্কৃতিৰ অংগ?
পাঠ্যক্ৰমৰ পৰা বিহু বাদ দিয়া হৈছে। লগতে ‘’স্বদেশ অধ্যয়নো’’ লাহেকৈ আঁতৰাই দিয়া হৈছে। বোধহয় শিক্ষা পৰিষদ আদিৰ সৰহভাগ সংঘ অনুৰাগী হোৱা বাবে এই ঘটনা ঘটিল। একৰূপী হিন্দুধৰ্মৰ সাঁচ থকা সংস্কৃতিহে খাটি ‘’ভাৰতীয়’’সংস্কৃতি বুলি বংশবদ সকলে ভবা স্বাভাৱিক। অসমৰ ৰাইজে ভবা অযুগুত। এইবাৰ কেন্দ্ৰীয় চৰকাৰে কেৰালা, পশ্চিম বংগ, তামিল নাডুৰ ‘দৃশ্যপট’ (Tableau) গণৰাজ্য দিবসৰ পৰা বাহিৰ কৰিলে? সংবিধানৰ কি অধিকাৰৰ বলত?