ইংৰাজীত এটা বাক্যাংশ আছে– tunnel vision, যাক অসমীয়াত ‘সুৰংগ দৃষ্টি’ বুলি অনুবাদ কৰিব পাৰি৷ সুৰংগ এটাৰ এমূৰত ৰৈ ভিতৰলৈ চাই পঠিয়ালে প্ৰথমতে সিমূৰৰ পোহৰ পৰা মুকলি অংশ চকুৱে ঢুকি নাপায়। আৰু দ্বিতীয়তে চাৰিওপিনৰ মুকলি জগতখনৰ নানা বস্তু আৰু ঘটনাৰ প্ৰতি দৃষ্টি আৰু চেতনা অন্ধ হৈ থাকে৷
আমাৰ বহু ৰাজনীতিবিদ হয়েই, আমাৰ অসমৰ জনগণো প্ৰায়েই এনে ‘সুৰংগ দৃষ্টি’ৰ ফলত বিপদত পৰে৷
আজি বিদ্যুতৰ অত্যধিক মাছুল লৈ আমাৰ মানুহ ক্ষুব্ধ৷ তেওঁলোকৰ কিছু অংশ হয়তো ডিজিটেল ‘স্মাৰ্ট’ মিটাৰৰ একেবাৰে ‘আনস্মাৰ্ট’ ভুল হিচাবৰ বলি হৈছে৷ কিন্তু বিদ্যুতৰ বিলৰ অত্যধিক বৃদ্ধি চৰকাৰী নীতিৰ অৱধাৰিত ফল৷
চৰকাৰে যোৱা কেইমাহমান ধৰি প্ৰস্তুত কৰি বিধেয়কৰ ৰূপত ৰাইজৰ ওপৰত জাপি দিব খোজা বিদ্যুৎ যোগান আৰু উৎপাদনৰ নিয়মাৱলী সলনি কৰিব খোজা প্ৰস্তাৱতে তাৰ পূৰ্বাভাস স্পষ্টকৈয়ে ফুটি ওলাইছিল৷ কাৰণ তাত বিদ্যুৎ উৎপাদনৰ খৰচত ৰাজসাহায্য দি বিদ্যুতৰ বিল হ্ৰাস কৰাৰ পুৰণি নিয়ম সলনি কৰাৰ লক্ষ্য স্পষ্টকৈ নিৰ্ধাৰণ কৰি দিয়া হৈছে৷ ইয়াৰ ফলত পুঁজিপতি মহলে বিদ্যুৎ উৎপাদন আৰু যোগানৰ সম্পূৰ্ণ কৰ্তৃত্ব দখল কৰিলে লাভৰ মুখ দেখা হ’ব। আৰু নতুন বিদ্যুৎ নীতিৰ লক্ষ্যও ব্যক্তিগত খণ্ডক বিদ্যুতৰ যোগান আৰু উৎপাদন চমজাই দিয়া৷ সেয়ে তাৰ বাবে ৰাজ্যৰ ৰাইজক আগতীয়া ধাক্কা কেইটামান খুৱাই প্ৰস্তুত কৰাৰ প্ৰয়োজন আছিল৷
কথাবোৰ বিদ্যুৎ কৰ্মীসকলৰ সংগঠনে আৰু বাঁওপন্থী দলবোৰে বহু দিন ধৰি কৈয়ে আছিল৷ কিন্তু সুৰংগ দৃষ্টিত নিমগ্ন ৰাইজে সেইপিনে মনকাণেই নিদিলে৷ এতিয়া অন্ততঃ শুনক৷ বিদ্যুৎ, বাটপথ, সুলভ যাতায়াত, ৰাজহুৱা চিকিৎসালয় আদিৰ দৰে public utility, ৰাজহুৱা সেৱা৷ তাৰ উৎপাদনৰ খৰচ যিমানেই নহওক কিয়, সাধাৰণ জীৱন সুকলমে চলাই যাবলৈ যি পৰিমাণৰ বিদ্যুৎ লাগে সেইখিনি বিনামূলীয়া হোৱা উচিত৷ অৱশ্যে বিলাসিতা বা লাভজনক ব্যৱসায় হ’লে কথা বেলেগ৷
সুৰংগ দৃষ্টিৰ আন এক চমকপ্ৰদ নিদৰ্শন কলিয়াবৰৰপৰা জামুগুৰিহাটলৈ ব্ৰহ্মপুত্ৰৰ তলেদি খান্দিব খোজা বিশাল এটা সুৰংগ, যাৰ মাজেদি ট্ৰেইন, মটৰ, ট্ৰাক চলিব৷ হয়তো কেইবা শাৰীৰ (lane) পথ৷ ৭০০০ কোটি টকাৰ দৰে বিশাল অংকৰ ধন তাৰ নিৰ্মাণত ব্যয় হ’ব৷ হয়তো আৰু বেছি হ’ব৷
আঁচনিখন কেন্দ্ৰৰ প্ৰতিৰক্ষা দপ্তৰৰ৷ আজি চাৰে চাৰি বছৰমান পূৰ্বেই কথাটো কেন্দ্ৰৰ মন্ত্ৰী আৰু বিষয়াই ৰাজহুৱাকৈ ব্যক্ত কৰিছিল৷ আৰু মই তেতিয়াই The Assam Tribune ত এনে সুৰংগৰ পৰা হ’ব পৰা নানা বিপৰ্যয়ৰ বিষয়ে ৰাইজক সজাগ কৰিবলৈ এখন চিঠি লিখিছিলোঁ৷ মোৰ চিঠিৰ উত্তৰত প্ৰযুক্তিবিদ সঞ্জীৱ সভাপণ্ডিত আৰু NHPC ৰ বিষয়া A N Ahmed এ যুক্তি দৰ্শাইছিল যে তেনে ভয়ৰ সম্ভাৱনা কম৷ ময়ো তাৰ প্ৰতিযুক্তি আগবঢ়াইছিলোঁ৷ তেওঁলোকে তাৰ উত্তৰ নিদিলে৷ আজিও মোৰ বিশ্বাস যে তাৰ পৰা থলুৱা ৰাইজৰ বহুত ডাঙৰ বিপদ হ’ব৷
এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে আহ্লাদৰ সুৰত কৈছে যে নিযুক্তি বৃদ্ধিৰ বাবে বহুকেইটা পৰীক্ষা পতাৰ পিছত তেওঁলোক অসমৰ মানুহৰ সুখ-সমৃদ্ধিৰ বাবে কলিয়াবৰৰ পৰা জামুগুৰিহাটলৈ এটা আহল-বহল সুৰংগ খন্দাব৷
আমাৰ বোধেৰে এইটো কেন্দ্ৰই ঘোষণা কৰি থোৱা সেই আপদীয়া সুৰংগটোৱেই৷ আগতে এবাৰ লিখিছিলো যে বিজেপি শাসিত ৰাজ্যবোৰৰ চৰকাৰৰ অন্যতম প্ৰধান কাম হ’ব কেন্দ্ৰত ক্ষমতাসীন মূল বিজেপি চৰকাৰৰ নীতিবোৰ সুফলা আৰু জনহিতকৰ বুলি ৰাজ্যৰ ৰাইজক ফুচুলোৱা৷ আমাৰ মুখ্যমন্ত্ৰীয়ে তাৰ প্ৰমাণ দেখুওৱা নাই জানো?
বিভিন্ন ভূতত্ত্ববিদক সুধি মই গম পাইছিলোঁ যে কঠিন গ্ৰেনাইট জাতীয় শিলেৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ-ত্ত্বক বা ভূ-পৃষ্ঠৰ ওপৰৰ স্তৰবোৰ গঠিত নহয়৷ বৰং বালিয়া শিল (Sedimentary rock) আৰু ঢিলা মাটিহে মাটিৰ উপৰিভাগত ২-৩ কিলোমিটাৰ দ-লৈকে জুৰি আছে৷
এনে ভূখণ্ডত বিশাল খননকাৰ্য চলালে এই শিথিল মাটি আৰু কোমল শিলত অত্যধিক কম্পন [vibration] হ’ব৷ তাৰ ক্ৰমবৰ্দ্ধিত [cumulative] মাত্ৰাৰ ফলত এই কোমল শিলৰ স্তৰ আৰু শিথিল মাটিৰ বান্ধোন লৰাই দি নানা প্ৰাকৃতিক বিপৰ্যয় ঘটাব পাৰে৷ ক’ৰবাত পাহাৰ খহি পৰা, ভূমিস্খলনৰ দৰে দুৰ্যোগতো হ’বই, ব্ৰহ্মপুত্ৰৰ পলসুৱা বুকুত অবিৰত কম্পনে পানী এনেদৰে ঘোলা কৰিব পাৰে যে লাখ লাখ মানুহে দৈনন্দিন ব্যৱহাৰ আৰু খোৱা পানীৰ বাবে নিৰ্ভৰ কৰা নদীৰ পানী বোকাত পৰিণত হ’ব৷ আনকি নাও-জাহাজ চলাৰো সমস্যা হ’ব পাৰে৷
সুৰংগ হয়তো বনাব পৰা যাব৷ কিন্তু তাৰ ফলত পৰিপাৰ্শ্বত এনে যিবোৰ বিপদ হ’ব পাৰে, তাৰ কথা বিভিন্ন বিশেষজ্ঞৰ সৈতে বিতংকৈ পাতি লোৱা হৈছে নে? থলুৱা ৰাইজৰ মতামত লোৱা হৈছে নে? উত্তৰাখণ্ডৰ জলবিদ্যুৎ উৎপাদনৰ হুতাহত যিবোৰ সৰু-বৰ বান্ধ জধেমধে নিৰ্মাণ কৰা হৈছিল, সেইবোৰে পাহাৰৰ ভূখণ্ডৰ ভাৰসাম্য নষ্ট কৰাত ২০১২ চনত অভাৱনীয় ভূমিস্খলন হৈ আৰু ত্ৰিশ ফুট ওখ বোকাপানীৰ ধল নামি বহু বান্ধ, বহু গাঁও আৰু বহু হেজাৰ মানুহৰ প্ৰাণ বিনাশ কৰিছিল৷ তাৰ পৰা মুনাফালোভী পুঁজিপতি আৰু সিহঁতৰ মিত্ৰ চৰকাৰৰ কোনো শিক্ষা নহ’ল৷ অসমতো তাৰেই লক্ষণ দেখি আমি শংকিত৷
গতিকে কেৱল পূৰ্তবিদ [Civil Engineer] আৰু প্ৰযুক্তিবিদৰ প্ৰস্তাৱ গ্ৰহণ কৰিলেই নহ’ব৷ অসমৰ ভূতত্ত্ববিদসকল, পৰিৱেশ বিজ্ঞানীসকল আৰু জনসাধাৰণৰো দ্বিধাহীন সমৰ্থন অবিহনে এনে এক প্ৰাণঘাতী প্ৰকল্পত সন্মতি দিব নোৱাৰি৷ সোৱণশিৰি বান্ধ সম্পূৰ্ণ নিৰাপদ বুলি দিয়া ভৰসা যোৱা কেইটামান বছৰত ঘটা দুৰ্ঘটনাবোৰে সন্দেহজনক বুলি ইতিমধ্যে প্ৰমাণ কৰিছে৷ প্ৰাকৃতিক বিপৰ্যয়ে মন্ত্ৰীৰ পৰা ইঞ্জিনীয়াৰ, বিষয়াৰ পৰা চকীদাৰ, কাকো ৰেহাই নিদিয়ে৷
আৰু এক গভীৰ দুশ্চিন্তাৰ কাৰণ হৈছে এই বিশাল প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ দুয়ো পাৰৰ বিৰাট এলেকাৰ ভূমি অধিগ্ৰহণ কৰা প্ৰয়োজন৷ দুয়ো পাৰে সুৰংগৰ মুখখনৰ আকাৰ ভিতৰৰ পিনতকৈও বহু বেছি আহল-বহল হ’ব, কাৰণ তাত দুই-তিনি দিশৰপৰা অহা ৰে’লপথ আৰু ট্ৰাক-মটৰ আদিৰ পথ লগ লাগিব, হয়তো এক আস্থানো ওচৰত থাকিব৷ সুৰংগৰ ৰক্ষণাবেক্ষণৰ বাবে সেনাৰ শিবিৰ, জৰুৰী মেৰামতী আৰু নিৰন্তৰ নিৰীক্ষণ আদি প্ৰয়োজনতো বহু হেজাৰ মাটি অধিগ্ৰহণ কৰা হ’ব৷ ফলত কম মাটি থকা বহু কৃষক পৰিয়াল সাংঘাতিকভাৱে ক্ষতিগ্ৰস্ত হৈ কালক্ৰমত বাটৰ ভিকহু হ’ব লাগিব৷ অলপ বেছি মাটি থকাবিলাকে ক্ষতিপূৰণৰ টকাৰ লোভত মাটি এৰি দিব পাৰে৷ কিন্তু তেনে ধন অসমত লাভজনকভাৱে খটুৱাৰ সুযোগ অতি তাকৰ৷ আৰু আজিৰ দিনত কোটি কোটি টকাৰ মালিকেও ভাবিব নোৱাৰে যে তেওঁৰ এই অৰ্থবল চিৰস্থায়ী হ’ব৷ তদুপৰি দুয়ো পৰে নিৰ্বাচন কৰা মাটিখিনি তাহানিৰ পৰা অসমৰ অৰ্থনীতি, সমাজ-সংস্কৃতিৰ ক্ষেত্ৰত আগৰণুৱা থলুৱা মানুহখিনিৰ প্ৰতিপত্তিৰ থল৷ এওঁলোকে শিপা হেৰুৱালে অসমীয়া জাতিৰে শক্তি-সামৰ্থ্য ভালেখিনি টুটিব পাৰে৷ এইসকল লোকে সমাগত বিপদৰ কথা গম পাইছেনে? এওঁলোকৰ বিধায়ক আৰু সাংসদসকলে বা কি ভূমিকা লৈছে! হিমন্ত বাহিনীৰ মতকে অসমৰ জনমত বুলি নিশ্চয় ধৰা নাযায়৷
গতিকে চৰকাৰে চৰকাৰীভাৱে ব্যাপক আৰু বিতং আলোচনা অনুষ্ঠিত কৰক৷ থলুৱা অনা-চৰকাৰী বিশেষজ্ঞৰ মতামত সংগ্ৰহ কৰক, ৰাইজেও বিচাৰক৷ এনে সুৰংগৰ পৰিণাম সম্পৰ্কে থকা বেছিভাগ সন্দেহ-সংশয়ৰ নিৰসন কৰক৷ তাৰ পিছত স্পষ্টকৈ এখন মানচিত্ৰ প্ৰস্তুত কৰি ৰাইজক তাৰ অৱস্থান আৰু নিৰ্মাণৰ ফলত হ’ব পৰা কৃষিভূমি, বাসস্থান, অৰ্থনীতি আদিৰ ওপৰত পৰা প্ৰভাৱ নিৰ্দিষ্টভাৱে দেখুৱাওক৷ নতুবা আমি ভাবিবলৈ বাধ্য হ’ম যে অসমীয়া মানুহৰ জীৱন বিজেপি দল আৰু চৰকাৰৰ মানত খোলাকটিতকৈও সস্তা৷
শেষত আহিছে সুৰংগ নিৰ্মাণৰ ফলত ওলোৱা শিল, বালি, মাটিৰ বিপুল পৰিমাণৰ আৱৰ্জনা ক’ত খোৱা হ’ব৷ য’তে নহওক, সি প্ৰথমতে চাৰিওপিনৰ মানুহৰ জীৱন-জীৱিকাৰ ববে এক মাৰাত্মক বিপদৰূপে দেখা দিব পাৰে৷ সেই বিষয়ে বিশেষজ্ঞৰ মত লোৱা হৈছে নে? তাৰ কিছু নমুনা আগতীয়াকৈ আহৰণ কৰা হৈছে নে? Waste Disposal বা আৱৰ্জনা পাতন কেনেভাৱে কৰা হ’ব? এইবোৰো বৰ ভয়লগা প্ৰশ্ন৷
মুঠতে ৰাইজে ‘’সুৰংগ দৃষ্টি’’ৰে প্ৰস্তাৱিত সুৰংগটো নোচোৱাই ভাল হ’ব৷
নিৰপেক্ষ বুদ্ধিজীৱীৰ ভূমিকা
আমাৰ লিখা-মেলাবোৰ পঢ়ি কিছুসংখ্যক লোকে কয়, এওঁ বাঁওপন্থী বংকিম দৃষ্টিৰে কথাবোৰ সদায় বিচাৰ কৰে, মুঠেই নিৰপেক্ষ নহয়৷ যি কোনো কথা বা সমস্যাত দোষ-গুণ দুয়োটা থাকে, বা তাত জড়িত দুটা বা তিনিটা পক্ষৰ প্ৰত্যেকৰে দোষ-গুণ দুয়োটা থাকে৷ আচল বুদ্ধিজীৱীয়ে নিৰ্মোহ-নিৰপেক্ষভাৱে বিচাৰ কৰিব আৰু সিদ্ধান্ত দিব জানে৷
এই ৰায় নতশিৰে নহ’লেও মানি লৈছোঁ৷ কিন্তু অসুবিধা হৈছে এয়ে যে আজিকালিৰ বহু সমস্যাত ওপৰোক্ত ধৰণে নিৰপেক্ষ ভূমিক ল’ব নোৱাৰি৷
যেনে ধৰক, ২০০২ চনত গুজৰাটৰ সাম্প্ৰদায়িক দাংগাৰ সময়ত তাৰ বলি হোৱা বিলকিচ বানুৰ মোকৰ্দমা৷ তেওঁৰ চকুৰ আগতে তেওঁৰ পৰিয়ালৰ আটাইকে, আনকি তেওঁৰ তিনি বছৰীয়া শিশু কন্যাক তেওঁৰ চকুৰ আগতে নৃশংসভাৱে হত্যা কৰা হ’ল৷ স্বামীক হত্যা কৰাৰ পূৰ্বে তেওঁৰ সন্মুখতে বিলকিচ বানুক কেইবাজনো দেশভক্তই ধৰ্ষণ কৰে৷ তাৰ পিছতো তেওঁৰ ওপৰত নিৰ্যাতন চলাই মুমুৰ্ষ কৰি পেলাই থৈ যোৱা হয়৷ এই কাণ্ডত প্ৰধান অভিযুক্তবিলাকে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি ভোগ কৰিছিল৷ গুজৰাট চৰকাৰে ‘স্বাধীনতাৰ অমৃত মহোৎসৱ’ উপলক্ষে এই পাষণ্ডকেইটাক স্বাধীন কৰি দিছে কাৰাগাৰৰপৰা মুকলি কৰি দি৷
ইয়াত যদি দুটা পক্ষ এপিনে বিলকিচ বানু আৰু তেওঁৰ পৰিয়াল, আনপিনে সাম্প্ৰদায়িক হিংসাত উন্মত দেশভক্ত কিছুমান৷ [মুক্তিৰ পিছত ফুলৰ মালা পিন্ধাই এওঁলোকৰ দেশভক্তি সাব্যস্ত কৰা হৈছে৷]
এনে এক ঘটনাৰ পৰ্যালোচনাত ‘নিৰপেক্ষ’ বিচাৰ কেনে ধৰণৰ হ’ব পাৰে? হয়তো নিৰপেক্ষ বুদ্ধিজীৱীয়ে ক’ব যে বিলকিচক ধৰ্ষণ আৰু নিৰ্যাতন কৰি ভুল কৰা হৈছে৷ দুয়োটাৰ এটা কৰিলেই যথেষ্ট হ’লহেঁতেন৷ আৰু শিশুটিকো মাকৰ আগত হত্যা কৰাটো বেয়া কথা হৈছে৷ অলপ আঁতৰলৈ নি হত্যা কৰিব লাগিছিল৷
দুখৰ বিষয় যে এনে ধৰণে বিচাৰ কৰাৰ আগ্ৰহ বা সামৰ্থ্য আমাৰ কোনো দিনেই নহ’ল আৰু ভৱিষ্যতেও নহ’ব৷