অসমৰ ছপা মাধ্যম চৰকাৰৰ ওচৰত সেও হোৱাৰ পিছত মই ডিজিটেল মাধ্যমত ৰাইজৰ লগত কথা হ’বলৈ মন মেলিছোঁ। সময় বৰ বেয়া। এই চৰকাৰ আৰু তাৰ বিপুল যক্ষ-ৰক্ষ বাহিনীয়ে ভাৰতৰ পৰা গণতন্ত্ৰ পুলিয়ে পোখাই উঘালিবলৈ নানা ফন্দী-ফিকিৰ কৰি আছে। বাধা দিয়া সকলো ৰাষ্ট্ৰীয় প্ৰতিস্থানকে ছলেবলে কৌশলে নিস্তেজ কৰি পেলাইছে। একমাত্ৰ ন্যায়ালয়েই ভৰসা আছিল, কিন্তু শেহতীয়াকৈ ন্যায়ালয়ৰ ভূমিকাও দুৰ্বল হৈ পৰা দেখা যায়। গতিকে মানুহ সজাগ হৈ থকা অতি জৰুৰীভাৱে প্ৰয়োজনীয় হৈ পৰিছে। নিৰ্বাচনতো ছলাহী কথা আৰু ধনৰ মোহত বন্দী হ’লে চিৰকাল সঁজাত বন্দী চৰাই হৈ থাকিব। মূৰ ওখকৈ মানুহ বোলাব নোৱাৰিব।
দুৰ্নীতি দমনৰ ইতিবৃত্ত
এই কেইদিন বাতৰি কাকত মেলিলেই প্ৰথম পৃষ্ঠাতে ডাঙৰ আখৰেৰে নানা দুৰ্নীতি দমনত পুলিচ তথা চৰকাৰৰ কেৰামতীৰ খবৰ ওলোৱা দেখা যায়। তাত বোলে এজন চক্ৰ বিষয়াই হাত মেলি পাঁচ হেজাৰ টকা ভেটি লওঁতে তৎপৰ পুলিচৰ অপৰাধ শাখাই ধৰা পেলালে। তাত বোলে পুলিচৰ এছ আই এজনে চাৰি হেজাৰ টকা লৈ চোৰ এটাক হাজোতৰ পৰা উলিয়াই পঠাওঁতেই তেনেদৰে ধৰা পৰিল। চাৰিওপিনে দুৰ্নীতি দমনৰ তুমুল অভিযানৰ বিপুল প্ৰচাৰ। পিচে, দুষ্ট লোকে ৰটি ফুৰিছে বোলে, ‘’হাতী চুৰ কৰি আগে আগে যায়, বেঙেনা চোৰক ধৰে।‘’ ভালেমান দিন হ’ল বিশ্বাসযোগ্য আৰু বিশদ তথ্যপাতিৰে স্থানান্তৰত বাতৰি ওলাল যে স্বয়ং মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু ঘনিষ্ঠজন বিয়াগোম দুৰ্নীতিত জড়িত হৈছিল ২০০৬-২০০৭ চনতে।
চৰকাৰৰ পৰা মহৎ জনকল্যাণমূলক উদ্দেশ্যৰে মাটি দান লৈ কামৰূপৰ বিভিন্ন ঠাইত মুঠ ২৯ বিঘাতকৈ বেছি মাটি দখল কৰি তেওঁবিলাকে তাক ব্যৱসায়িক সম্পত্তিত পৰিণত কৰিছিল বোলে। সৱিশেষ তথ্যৰে ভৰা প্ৰতিবেদনখনত উক্ত মাটিৰ সঠিক অৱস্থান, দাগ নং, পট্টা নং, যিবোৰ অবৈধ, আইন বিৰোধী কাৰ্যৰে চৰকাৰী ভূমি দখল কৰা হৈছিল, সেই সকলো পৰিষ্কাৰকৈ দিয়া হৈছে। তদুপৰি সংশ্লিষ্টসকলে কি কি কৌশলেৰে এনে অবৈধ কাৰ্যক লুকুৱাবলৈ অভিসন্ধি কৰিছিল, তাকো দিয়া হৈছে।
তাৰ পিছত দেশত বাহাল হৈ থকা বাক্ স্বাধীনতাৰ ফলত দুদিন ধৰি ইয়াৰ বাতৰিকাকতত এই বিষয়ে একো নোলাল। দুদিন পিছত চুৰ্চুৰিয়াকৈ ওলাল। ইতিমধ্যে চৰকাৰে খবৰটো সম্পৰ্কে ধোঁৱা বিয়পাবলৈ ধৰিলে। একাংশ টিভিত তাক ভিত্তিহীন বুলি ওপৰে-ওপৰে প্ৰচাৰ কৰাও হ’ল। আন আন খবৰৰ হৈ চৈৰ তলত তাক পুতি পেলোৱাৰ আয়োজন কৰা হ’ল। আনকি বিধান সভাৰ অধ্যক্ষয়ো ‘’তথ্যৰ অভাৱ’’বুলি বিধান সভাত বিষয়টো উত্থাপন কৰিব নিদিলে।
আমি দেখাত খবৰটোত যথেষ্ট তথ্য আছে, যাৰ ভিত্তিত তদন্ত আৰম্ভ হ’ব পাৰে। তদন্তইহে আৰু প্ৰাসংগিক তথ্য উদ্ঘাটন কৰি দোষ, দোষী নিৰ্ণয় কৰিব। ‘’মোৰ পত্নীক ধৰিছে কিয়, সাহস আছে যদি মোক ধৰক’’ ধৰণৰ টুলুঙা কথা আইন-কানুন নোহোৱা দেশতহে চলিব পাৰে। মুখ্যমন্ত্ৰীয়ে এনে কথা কয় কিয়?
অসমৰ মুখ্যমন্ত্ৰীজন কলংকৰ পৰা মুক্ত হোৱাটো সকলো সৎ নাগৰিকে বাঞ্চা কৰে। তেন্তে এই কামত কোনোবাই আগভাগ লোৱাটো উচিত নহ’বনে? ২০০৬-০৭ চনতে যদি ইয়াৰ শুভাৰম্ভ তেন্তে তাৰ বৰ্তমান ৰূপ কি বুলিও দুষ্টলোকে প্ৰশ্ন উঠাব।
দান দক্ষিণাৰ কল্পতৰু
অসমীয়া ব্যৱসায়ী আৰু উদ্যোগী কৰ্মক্ষেত্ৰত নমাৰ দুদিনমান পিছতে কিয় দুৱাৰ বন্ধ কৰিবলৈ বাধ্য হয়, তাৰ এটা দেখদেখ কাৰণ বহুতৰে চকুত পৰিছে। সেইটো হ’ল প্ৰথমে আন্তৰিকতাৰে কামত লগাৰ দুদিনমান পিছত সেইকণ পৰিশ্ৰমৰ কিছু সুফল পায় ডেকা উদ্যোগী বা ব্যৱসায়ীজনে। আৰু ঠিক তেতিয়াই অলপ আৰাম কৰিবলৈ তেওঁ এজন সহকাৰী নিয়োগ কৰে। সহকাৰীজনকে সকলো কামত পাচে, আৰু লাহে লাহে নিজে কামলৈ আহিবলৈ এৰি সহকাৰীজনক উদ্যোগ/ব্যৱসায়ৰ দায়িত্ব এৰি দিয়ে। ফলত হয় ব্যৱসায় বা উদ্যোগত লোকচান আৰম্ভ হয়, নহ’লে সহকাৰীজনে চন্দুকৰ টকা পইচা লৈ উধাও হয়।
অৰ্থাৎ নিজৰ উদ্যোগ তথা ব্যৱসায়ৰ সাফল্যৰ বাবে আমাৰ সৰহভাগ নবীন উদ্যোগী বা ব্যৱসায়ীয়ে একেৰাহে কষ্ট কৰিবলৈ টান পায়। তেওঁলোকৰ ধাৰণা জীৱনটো উদযাপন কৰিব লাগে। কিন্তু আদিম যুগৰে পৰা মানুহে দৈহিক আৰু মানসিক পৰিশ্ৰম কৰি মাজে মাজে জীৱন উদযাপন কৰি আহিছে। কৰ্মও আচলতে জীৱন উদযাপনৰ অংগ। আনকি আদিম মানুহৰ শিল্পকলাতো কৰ্মৰে প্ৰতিফলন দেখা যায়। কাৰণ কৰ্মৰ মাজেৰে জীৱন যাপনৰ সমল বিচাৰি উলিওৱা হয়। তেন্তে সাফল্যৰ বাবে ব্যৱসায়ী বা উদ্যোগী কিয় জোখাৰে পৰিশ্ৰমী নহ’ব?
অসমীয়াৰ ক্ষেত্ৰত নিস্কৰ্মা আৰামৰ প্ৰতি এই লোভ কিয়? নিস্কৰ্মা জীৱন বেমাৰ আজাৰৰে নহয়, আন বহু এনে বিকাৰৰ কাৰণ হয় যিবোৰে জীৱন শেষত বিষাদ কৰি তোলে। নিচাসক্তিয়েই হওক বা লাম্পট্যই হওক। মোৰ বিশ্বাস যে অসম আন্দোলনে সমগ্ৰ জাতিক প্ৰথমতে জাগ্ৰত কৰি পিছত কিন্তু বিপথে লৈ গৈ বিনাশ্ৰমে পোৱা ধন-ক্ষমতাৰ প্ৰতি আসক্ত কৰি তুলিছিল। তাৰ পাছত আলফাই মানুহক দিশহাৰা কৰিলে। তেতিয়াই কেন্দ্ৰীয় ৰাষ্ট্ৰশক্তি দখল কৰা মহলবোৰে অসমৰ সম্পদ কৰায়ত্ত কৰিবলৈ ফন্দী আৰম্ভ কৰে। সিহঁত হিন্দীভাষী মজুৰ বা ক্ষুদ্ৰ ব্যৱসায়ী নহয়। বৃহৎ পুঁজিবাদী শক্তি। সেনাবাহিনীৰ প্ৰতিপত্তি আৰু আলফাৰ প্ৰত্যাহ্বানৰ মাজত আমাৰ মানুহৰ কৃষি-শিল্প-ব্যৱসায়, একোতে ঐকান্তিক পৰিশ্ৰমৰ সুফল লাভ কৰাৰ উপায় নোহোৱা হ’ল। ফলত আধুনিক শ্ৰমত অনভ্যস্ত জাতিটোৱে এলাহকে পৰম সম্পদ জ্ঞান কৰা হ’ল।
তৰুণ গগৈ চৰকাৰৰ দিনত শান্তি উভতি আহিল। চৰকাৰেও মানুহক হিংসাত্মক কামৰ পৰা আঁতৰাবলৈ নৃত্য-গীত, শিল্প-সংস্কৃতিত মজি থাকিবলৈ উৎসাহিত কৰিলে। নতুনকৈ ওলোৱা টিভি চেনেলবোৰতো সেই একেই উদ্গনি বা উচটনি। নাচ-গানত মানুহ ইমান মতলীয়া হ’ল যে কাম কৰি উপাৰ্জন কৰাৰ কথা ভাবিবলৈ এৰিলে। গোটেই বছৰ জুৰি বহাগ বিহু পালন কৰাৰ ৰেৱাজ হ’ল। তিনিটকীয়া চাউল বিলায়ো মানুহক উপাৰ্জনৰ বাবে প্ৰয়োজনীয় শ্ৰমৰ পৰা আঁতৰাই ৰখা হ’ল।
চৰকাৰৰ এই ধৰণৰ চৰিত্ৰৰ ফলত প্ৰশাসনতো প্ৰশাসকৰ শেন চকু নাথাকিল। দুৰ্নীতিয়ে উধৰ পৰা মুধলৈ ছাটি পেলালে। তেতিয়া কাৰ কাৰ বিৰুদ্ধে বিজেপিয়ে দুৰ্নীতিৰ অভিযোগ আনিছিল, কাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ভৰাই পুস্তিকা ছপাইছিল, কাৰো কাৰো নিশ্চয় মনত আছে। বিজেপিয়েই বেছিকৈ ‘’হায়, হায়!’’ কৰি চিঞৰিছিল অসমীয়া মানুহক শ্ৰম বিমুখ কৰা বুলি। আজি কিন্তু বিজেপিয়েই একেধৰণে চৰকাৰ চলাই সেই ধাৰাকে শক্তিশালী কৰি আছে। সেয়ে দান-দক্ষিণাৰ সোঁত ব’বলৈ ধৰিছে। দুখীয়া বুলি, শিল্পী বুলি, সমাজসেৱী বুলি, সাহিত্যিক বুলি, ধাৰ্মিক বুলি, হেজাৰ হেজাৰ টকা নানা শিতানত দান কৰা হৈছে। ৰাইজৰ সমস্যা মেটমৰা হৈ পৰাৰ পিছতো পিতৃ-মাতৃ, শহুৰ-শাহুক সেৱা জনাবলৈ দুদিন ছুটি মঞ্জুৰ কৰা হ’ল-যি পৃথিৱীতে এক নোহোৱা নোপজা ঘটনা।
এনেবোৰ ঘটনাই মানুহৰ মনত এক ভুৱা নিৰাপত্তাবোধৰ জন্ম দিছে। আৰু নিৰ্বাচনৰ ফলাফলো নিশ্চিত কৰা হৈছে। কিছুমান মানুহে ভাবিবলৈ লৈছে, বিজেপি চৰকাৰ থাকিলেই এনে অযাচিত দান-দক্ষিণাৰ বৰষুণ পৰি থাকিব। কাম কৰি দুখ পোৱাৰো ভয় নাথাকিব। এনেদৰে নিস্কৰ্মা, পাতল ধেমালিৰে জীৱন পাৰ কৰিব খোজা মানুহ লেতুসেতু হয়। কিন্তু চকুৰ আগতে যিবোৰ জনগোষ্ঠীয়ে পৰিশ্ৰমৰ মূল্য বুজি কঠোৰ পৰিশ্ৰমেৰে নানা ধৰণৰ কামত দক্ষতা অৰ্জন কৰিছে অসম ভৱিষ্যতে তেওঁলোকৰে হ’ব। আৰু মুখেৰে জাতীয়তাবাদৰ ফোৰোহনি মাৰি থাকোঁতে আমি আমাৰ নিজা বাসভূমিতে ভিখাৰী ভগনীয়া হ’ব লাগিব। অসমৰ খেতিৰ মাটিকে ধৰি যিবোৰ সম্পদ আছে আমি সেইবোৰ লাভজনক ভাবে ব্যৱহাৰ কৰিবলৈ নিশিকিম। নানা উদ্যোগ, ব্যৱসায়, আন কৰ্মক্ষেত্ৰতো পিছ পৰি যাম।
এইটো কেবল আমাৰ অচেতন মানসিকতাৰ ফল নহয়। ইয়াৰ অন্তৰালত শক্তিশালী মহলৰ অভিসন্ধি আছে। সেই অভিসন্ধি পৰাস্ত কৰি অসমৰ উৎপাদন ক্ষেত্ৰত নিজৰ হাতৰ সাঁচ বহুৱাব নাজানিলে বা নোৱাৰিলে আমাৰ সেই কঙালী ভিখাৰীৰ দশাই হ’ব।
অলপতে মুখ্যমন্ত্ৰীজনাই কৈছিল, ’’আৰু অসমীয়াগিৰি কৰি ভাল নালাগে, ভাৰতীয়গিৰি কৰিহে মনটো আহল-বহল হোৱা যেন লাগে।‘’ ইয়েই প্ৰমাণ কৰে যে অসমীয়া বিলখন মহাসাগৰে গিলি পেলাবলৈ ওলাইছে। সময় থাকোঁতে জাতিক ভালপোৱা নেতা, শিল্পী, উদ্যোগী, ব্যৱসায়ী, কৃষক-শ্ৰমিক সকলোৱে তাৰ পৰা উদ্ধাৰৰ পথ বাছি ল’ব লাগিব।