NORTHEAST NOW (Assamese)

অসমবাসীক সতৰ্ক কৰি বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁইৰ আহ্বান-‘হুঁচিয়াৰ, অসমীয়া!’

March 31, 2023 1:20 pm · ডঃ হীৰেন গোহাঁই
ডঃ হীৰেন গোহাঁই। ফটো সৌজন্য: ইউটিউব।

অসমৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ চিন্তা ব্যক্ত কৰিছে বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁইয়ে। অসমীয়াৰ ছদ্মবেশী শত্ৰুৰ বিষয়ে সজাগ হ’বলৈ আহ্বান জনাই ডঃ গোহাঁইয়ে লিখা কথাখিনি হুবহু দাঙি ধৰা হ’ল-

 

হুঁচিয়াৰ, অসমীয়া!

হাঁহিমুখে গামোচা লৈ সম্বৰ্ধনা গ্ৰহণ কৰা ভণ্ড দেশপ্ৰেমীয়ে এতিয়া ভাৰত-প্ৰেমৰ ভাও দি অসমৰ অস্তিত্ব লোপ কৰিবলৈ ওলাইছে।নানা দিশেৰে জাতিৰ বৰঘৰৰ ভেটিত সিন্ধি খান্দি।গতিকে আমি যি কোনো হুজুগত উত্তেজিত হৈ সময় নষ্ট কৰা মানে হব শত্ৰুৰ চক্ৰান্ত মজবুত হবলৈ সুবিধা কৰি দিয়া।

শত্ৰুৱে কি বিচাৰে জনা দৰকাৰ।শত্ৰুৱে বিচাৰে অসমৰ মাটি,পাহাৰ,হাবি-বননিচ,নৈ-জান,তেল-কয়লা আৰু ভূগৰ্ভত থকা আন সম্পদ নিজৰ হাতলৈ আনি তাৰ আলমত অপৰ্যাপ্ত ধন ঘটিবলৈ।অসমৰ মাজেৰে বাট উলিয়াই দঃপূ: এছিয়াৰ অনুন্নত অঞ্চলৰ

সম্পদ আৰু মানুহক শোষণ কৰাৰ সুবিধা পাবলৈ।ইয়াত আদানি-আম্বানিৰ পৰা মাৰ্কিন অতিকায় বেংকৰ অধিকাৰীও জড়িত।চৰকাৰবোৰ সিহঁতৰ বন্ধু আৰু সিহঁতৰ ধনেৰে ক্ষমতালৈ আহে।

এই দুই শক্তিশালী মহলৰ শত্ৰু অসমৰ অজলা ৰাইজ।কাৰণ তেওঁলোক বাচি থাকে এই মাটি,পানী,নৈ-জান,পাহাৰ-বননিৰ মাজত,তাৰ পৰা জীপ লৈ।সেয়ে এই মানুহখিনিক আগতীয়াকৈ নিৰস্ত্ৰ, নিঠৰুৱা কৰাৰ অভিযান চলোৱা হৈছে।অসম খন পৰিণত হৈছে এক বিশাল বাঘজানত।টকাৰ জোৰেৰে তেওঁলোকৰ সংস্কৃতি কিনি লোৱা হব ধৰিছে,যাতে তেওঁলোকক

উজ্জীৱিত কৰাতকৈ সেই সংস্কৃতি ব্যৱহাৰ হয় শত্ৰুৰ গৌৰৱ বৃদ্ধি কৰিবলৈ।তেওঁলোকৰ সমৰ্থ আৰু চালাক মানুহবোৰক কিনি লোৱাৰ চেষ্টা চলিছে যাতে পোহনীয়া হাতীৰে বনৰীয়া হাতী ধৰাৰ দৰে থলুৱা দালালৰ সহায়ত থলুৱা ৰাইজক ঠগাব্ পৰা যায়।মুখত থলুৱাক ৰক্ষা কৰাৰ শ্লোগান দি।

সেইবোৰ চতুৰ,শক্তিশালী মহলৰ লগত যুঁজ দি টিকি থাকিবলৈ অসমৰ ৰাইজ সদাজাগ্ৰত সলিসিয়ান হব লাগিব।সিহঁতৰ ডাঙৰ-ডাঙৰ কথা,ৰঙীন প্ৰতিশ্ৰুতিক সন্দেহ কৰিব লাগিব। যেনে ধৰক অপাৰ উন্নতি আৰু সুখৰ সপোন দেখুৱা ‘নতুন শিক্ষা নীতি’।যাক আমি বুৰ্বক মখাই ‘ধন্য ধন্য’ বুলি শলাগিছোঁ।

ইয়াৰ ফল চাওক।অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ বাবে ইংৰাজীত বিজ্ঞানৰ পাঠ্যপুথি ছপোৱা হৈ গৈছে।ছাত্ৰ, শিক্ষকৰ মূৰত বজ্ৰাঘাত।(অসমীয়া  প্ৰতিদিন’, একত্ৰিছ মাৰ্চ)

এনে আৰু বহুত কাম হব যাৰ ফলত আমাৰ ভৰি থবলৈ  ঠাই নোহোৱা হব।

গতিকে গামোচা-বিতৰ্কৰ ইমানতে সামৰণি পেলাই আগন্তুক বিপদবোৰৰ বাবে সাজু হোৱা দৰকাৰ।

বাংলা সাহিত্য সভাই ক্ষমা খুজিছেই।এতিয়া আৰু ইয়াত লাগি থকাৰ দৰকাৰ  নাই।সৰু কথাত বিতৰ্কত মজি আমি যেন বৃহৎ ক্ষতিকাৰক আক্ৰমণবোৰ আওকান নকৰোঁ।

ইতি।

হীৰেন গোহাঁই।

Related News