অসম মাধ্যমিক শিক্ষা পৰিষদ, চমুকৈ ছেবাই সোমবাৰে অনুষ্ঠিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বাতিল কৰাৰ পিছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁইয়ে। ড০ গোহাঁইয়ে প্ৰেৰণ কৰা প্ৰতিক্ৰিয়াৰ সম্পূৰ্ণ পাঠ পাঠকৰ বাবে আগবঢ়োৱা হ’ল:-
সংগ্ৰামৰ আহ্বান
বন্ধুসকল,
মেট্ৰিক পৰীক্ষাক লৈ SEBAৰ অভূতপূৰ্ব আৰু অতি নিষ্ঠুৰ ল’ৰা-ধেমালিয়ে জাননী দিছে যে এইটো কেৱল অকৰ্মণ্যতাৰ লক্ষণ নহয়। এই চৰম দায়িত্বহীনতাৰ আঁৰত আছে SEBAৰ লগতে অসমৰ অসমীয়া মাধ্যমৰ শিক্ষাব্যৱস্থা উৎখাত কৰাৰ পৰিকল্পনা।
অসমৰ মধ্যবিত্ত চামৰ প্ৰভাৱশালী অংশৰ বেইমানী সত্বেও দুখীয়া অসমীয়া আৰু এচাম দায়বদ্ধ দেশপ্ৰেমিক মধ্যবিত্তৰ ঐকান্তিক যত্নৰ ফলত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত অসমীয়া মাধ্যম টিকি আছে।তাকো শেষ কৰিবলৈ একেবাৰে তলৰ
শ্ৰেণীৰ পৰা ইংৰাজীত গণিত,বিজ্ঞান শিকোৱাৰ অজগৌ সিদ্ধান্ত কৰিছে অসম-বিৰোধী ‘থলুৱা’ চৰকাৰটোৱে। উদ্দেশ্য এই বিদ্যালয়বোৰত পয়মাল সৃষ্টি কৰা।মেট্ৰিক পৰীক্ষাত চৰম খেলিমেলি লগোৱাৰ কাৰণো এয়াই।এই কাৰণেই SEBAৰ অধ্যক্ষ ৰূপে আচৰিত ধৰণে অসমৰ প্ৰতি কোনো মমতা নথকা বাহিৰা বিষয়াক নিযুক্তি দিয়া হৈছিল।
জোৰ পুৰি হাত পাইছে। আৰু বহি থকাৰ সময় নাই। ছাত্ৰসন্থাই চৰকাৰক বচাবলৈ পুনৰ বাগাড়ম্বৰ নকৰে যেন। একো কৰাৰ ইচ্ছা নাই যদি ঘৰতে বহি থাকক।
ৰাইজেই SEBAক বচাওক, অসমীয়া মাধ্যম আৰু অসমীয়া জাতিক বচাবলৈ ঘৰৰ আৰাম এৰি ওলাই আহি আন্দোলন কৰক।
আমি অসমীয়া অন্যায়ৰ বলি হলে কন্দা-কটা, চিঞৰ-বাখৰ,গালি-শপনি পাৰি শেষত ভাগৰি আকৌ ঘৰত সোমাওঁ, আকৌ নিৰ্মম দমনকাৰীৰ আন এক অত্যাচাৰৰ বলি হবলৈ।
এনে ভুল আৰু কিমান কৰিব?
বাটলৈ ওলাই আহক, সংগঠিত হওক, বজ্ৰকণ্ঠে দাবী কৰক:
SEBAৰ অধ্যক্ষ, সচিবক তৎক্ষণাত বিদায় দিয়ক।
পৰীক্ষা-নিয়ন্ত্ৰকক জেৰা কৰি উলিয়াওক কাৰ দোষত এনে বিপৰ্যয় হ’ল, আৰু দোষীক শাস্তি বিহক।
সৎ,কোনো চৰকাৰৰ গোলাম নোহোৱা অসমীয়া দায়িত্বশীল বিষয়াক অধ্যক্ষ, সচিব পাতক।
SEBAক জীয়াই থাকিবলৈ দিব বুলি চৰকাৰৰ মুৰব্বীয়ে কাণত ধৰি শপত খাওক।
ইতি।
হীৰেন গোহাঁই।
(দিল্লীৰ পৰা)