শিশুক কেতিয়াবা শাস্তি দিবলগীয়া হ’ব পাৰে। শাস্তি দিবলৈ যাওঁতে পিতৃ মাতৃৰ কিছুমান কথা অৱগত হ’ব লাগিব। শিশুৰ শাস্তি বয়সানুসাৰে হ’ব লাগে। প্ৰথম বছৰত শাস্তি দিয়া একেবাৰে যুক্তিসঙ্গত নহয়। দ্বিতীয় বছৰত শিশুৱে বেয়া আচৰণ কৰিলে তাৰ প্ৰতি অসন্তোষ প্ৰকাশ কৰিলে যথেষ্ট হয়। এই বয়সত শাস্তি প্ৰয়োগে শিশুৰ ওপৰত প্ৰভাৱ নেপেলায়। কাৰণ শাস্তিৰ বিষয়ে বুজি নেপায়। এই বয়সত শিশুৱে বাধা দিলে যিকোনো কাম দুগুণ উৎসাহেৰে কৰিবলৈ আগুৱাই যায়। কথা শুনি ভাল নেপায়।
এনেক্ষেত্ৰত মানা কৰিলে যদি কথা নুশুনে আৰু তেতিয়া যদি গৃহবৰ্তি বাকী মানুহে সেই বিষয়লৈ ৰগৰ কৰে তেতিয়া শিশুৱে আৰু উদ্যমেৰে বাৰে বাৰে একেটা কাম কৰিবলৈ উৎসাহ পায়। এনে শিশুক পাছত শৃঙ্খলাবদ্ধ কৰিবলৈ কঠিন হয়। তৃতীয় বছৰ বয়সত কাচিৎ শাৰীৰিক শাস্তি প্ৰয়োগ কৰিবলগীয়া হ’ব পাৰে। সাধাৰণতে কোনো বেয়া কাম কৰিলে পিতৃ মাতৃয়ে অসন্তুষ্টি প্ৰকাশ কৰিলে যথেষ্ট হয়। কিন্তু ঘৰৰ আটাইবোৰে মিলি একেলগে ককৰ্থনা কৰিলে শিশুৱে পিছলৈ কাৰো কথা নুশুনা হয়।
শিশুক মাৰপিট কৰিব নালাগে। শাৰীৰিক দুখ দিয়াতকৈ পিতৃ মাতৃয়ে তেনে আচৰণত অসন্তুষ্ট বুলি বুজিলে শিশুৱে মনত বেছি আঘাত পায়। অৱশ্যে তিনি চাৰি বছৰীয়া শিশুক কেতিয়াবা টিকাত হাতেৰে চাপৰ এটা দিয়াটো বেলেগ কথা। কিন্ত্ত ডাঙৰ শিশু এটাক শাৰীৰিক দুখ দিয়াটো উচিত নহয়। অতীজৰ পৰা চলি অহা “চেকনিৰ আগত বিদ্যা” কথাষাৰ শুদ্ধ নহয়। ই শিশুক সৎ পথলৈ আনিব নোৱাৰে। বৈজ্ঞানিক সমীক্ষাই দেখুৱাইছে যে আচলতে দুৰ্বলচিতীয়া পিতৃ মাতৃ আৰু শিক্ষকেহে চেকনি ডালৰ সহায় লয়।
কিছুমান পিতৃ মাতৃয়ে যিকোনো দোষ কৰিলে মাৰ পিত নকৰি শিশুক ইতিকিং কৰে, লাজ দিয়ে বা অনবৰত খং কৰি থাকে। এই কাম অকল ঘৰতে নহয় যি কোনো মানুহৰ আগতো কৰে। পিতৃ মাতৃৰ এনে আচৰণে শিশুৰ মনত এটা ভাৱ দৃহ কৰি দিয়ে যে ঘৰৰ মানুহবোৰে শিশুটোক ভাল নেপায়, মৰম নকৰে। এই ভাবে শিশুক বেছি উচ্চৃঙ্খল কৰে। আকৌ শিশুৱে বেয়া আচৰণ কৰিলে কিছুমান পিতৃ মাতৃয়ে ওলোটাই বেয়া আচৰণ কৰে। তেতিয়া শিশুৱে বেয়া আচৰণ কৰিবলৈ শিকে আৰু জীৱনত প্ৰতিটো কথাতে প্ৰতিশোধ লোৱাৰ মনোভাবেৰে কামত আগ বাঢ়ে।
কোনোবা শিশুৱে দোষ স্বীকাৰ কৰিলে, শাস্তি লঘু কৰিব লাগে। কাৰণ যদি স্বীকাৰ কৰাৰ পিছতো শাস্তি লঘু নহয়, তেতিয়া আগলৈ দোষ স্বীকাৰ নকৰিব পাৰে। ইয়াৰ উপৰিও গুৰু শাস্তি দিলে শিশুৰ মনত দমন, নিৰাপত্তাহীনতা, শত্ৰুতা আদি ভাব হ’ব। ই আচৰণ জনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে।
শিশুক শাস্তি দিয়াৰ পিছত সেই বিষয় লৈ ঘৰত আলোচনা হ’ব নেলাগে। আৰু গৃহবৰ্তী কোনেও উৎকন্ঠাৰ ভাব দেখুৱাব নেলাগে। এনে কৰিলে শিশুৱে চল পায় আৰু তেনে আচৰণ কৰিবলৈ উৎসাহ পায়। আনহাতে যিকোনো শাস্তিৰ নামত বহুত দেৰি শিশুৰ লগত সম্বন্ধ নৰখাটো ভুল। যিমান সোনকালে হয় পুনৰ ভাল ব্যৱহাৰ কৰিব লাগে, যেন একোৱে হোৱা নাই। শিশুক শাস্তি দিয়াৰ বিষয়ে আন কাৰো লগত আলোচনা কৰিব নেলাগে। বিশেষকৈ শিশুৰ উপস্থিতিত।
বেছি ভাগ ক্ষেত্ৰত শাস্তি অযুক্তিকৰ হোৱা দেখা যায়। সাধাৰণতে শাস্তিৰ কাৰণ পিতৃ মাতৃৰ মনৰ বিৰক্তিৰ ফল হয়। শিশুক শাস্তি দিয়াটো ভুল। শাস্তি দিয়া মানে মনত দুখ দিয়া। শিশুৰ মনত নিৰাপত্তাহীনতাৰ ভাব হ’লে বেয়া আচৰণ কৰে। তাৰ কাৰণে শাস্তি পালে পিতৃ মাতৃৰ মৰমৰ পৰা বঞ্চিত হোৱা বুলি ধৰি লয়। শিশুৱে শাস্তি, নিন্দা, তিৰস্কাৰ আদিতকৈ প্ৰশংসা, উৎসাহ আৰু পুৰস্কাৰ পালে বেছিকৈ বুজে আৰু শিকে।
শিশুক কেতিয়াবা শাস্তি দিবলগীয়া হ’লে শাস্তি সঙ্গত হ’ব লাগিব। উদাহৰণ স্বৰূপে, টেবুল খন লৰাই থাকোতে শিশুটোক একো নকৈ যদি টেবুলৰ ওপৰত থকা কাপটো পৰি ভাঙিলে শাস্তি দিয়া হয় তেতিয়া শিশুটোৰ বুজিবলৈ টান হয় কিয় শাস্তি দিয়া হ’ল। শাস্তিৰ বিষয়ত পিতৃ মাতৃ একমত হৈ শাস্তি দিলে ককাক আইতাকে যদি আৱৰি ধৰে বা যিটো মাকে কৰিবলৈ মানা কৰে কিন্ত্ত পৰিয়ালৰ আন এজনে কৰিবলৈ বাধা নিদিয়ে, এনে ক্ষেত্ৰত শিশু বিমোৰত পৰে আৰু বেছি উচ্ছৃঙ্খল হয়।
শাস্তি দিওঁতে কোনোবা এজনে দিব লাগে। ঘৰৰ আটাইবোৰে একেলগে শিশুক সৰু সৰু দোষ উলিয়াই ধৰি থাকিলে শিশু বিৰক্ত হয় আৰু মানসিকভাবে ক্ষতিগ্ৰস্ত হয়। ইয়াৰ সুদুৰপ্ৰসাৰী ফল সদায় বেয়া হয়। শিশুৱে কাৰো কথা নমনা হয়, শেষত আনকি মৰমেৰে আৱৰি ৰখা আইতাক ককাকৰো। এইবোৰ শিশু বৰ আকোৰগোজ স্বভাৱৰ হয়, উৎপতীয়া হয় আৰু ঘৰে বাহিৰে নষ্ট হোৱা শিশু বুলি পৰিগণিত হয়। এনে নহ’বৰ কাৰণে শিশুক কেনেধৰনেৰে শাসন কৰিব লাগিব তাত পৰিয়ালৰ কাৰো দ্বিমত থাকিব নালাগিব। সকলোৰে পৰা একেধৰণৰ সুবিচাৰ পালে শিশুৱে এটা উপযোগী পৰিবেশত ডাঙৰ হ’বলৈ সুবিধা পাই আৰু আৰু তেতিয়া বিকাশ উপযুক্ত হয়। শিশুৱে নিজেও সুবিচাৰ কৰিবলৈ শিকে।
এনে সহযোগ নাথাকিলে, পিতৃ মাতৃৰ কাৰণে শিশুক শাসন কৰাটো কেতিয়াবা এটা প্ৰত্যাহ্বানৰ দৰে হ’ব পাৰে। এনে ক্ষেত্ৰত পিতৃ মাতৃয়ে ধৈৰ্য সহকাৰে আগবাঢ়িলে সদায় সুফল পোৱা দেখা যায়। প্ৰথমে পৰিয়ালৰ সদস্য সকলক বুজাবলৈ চেষ্টা কৰিব লাগে আৰু তেওঁলোকৰ সহযোগ বিচাৰিব লাগে। যদি এনেধৰণেৰে সফলকাম নহয়, তেতিয়া পিতৃ মাতৃয়ে শিশুৰ লগত যিমান পাৰে বেছি সময় কটাব লাগে যাতে ঘৰৰ বাকী মানুহৰ লগত বেছি সময় থাকিবলৈ নেপায়। পিতৃ মাতৃৰ লগত বেছি সময় থাকিবলৈ পালে শিশুৱে তেওঁলোকৰ কথাহে শুনিবলৈ ল’ব আৰু সমস্যাও সমাধান হ’ব।
এইখিনিতে উল্লেখনীয় যে শিশুক যদি অনবৰতে ‘এইটো নকৰিবা’ , ‘সেইটো নকৰিবা’ এনেকৈ আদেশ দি থকা হয় তেতিয়া পিছলৈ শিশুৱে কথাবোৰ আওকান কৰা হয়। গতিকে শিশুৰ ক্ষেত্ৰত ‘নকৰিবা’ বোৰৰ সংখ্যা সদায় কম হ’ব লাগে, কিন্ত্ত স্পষ্ট হ’ব লাগে।
শাস্তি দিয়াৰ আগতে কি কাৰণতনো শিশুৱে তেনে আচৰণ কৰিলে বা তাৰ অভিপ্ৰায় কি আছিল সেইটো বিশ্লেষন কৰি ল’ব লাগে। কাৰণ বহুক্ষেত্ৰত দেখা যায় যে কিছুমান শিশুৱে একো কৰিবলৈ নাথাকিলে আমনি লাগিলে উৎপাত কৰি থাকে। কিছুমান শিশু এটা বয়সত অতি ধ্বংসকাৰী হয়। ঘৰতে হওক বা পৰৰ ঘৰতে হওক যিকোনো বস্তু পালেই দলিয়াই ভাঙে। এই বয়সত শিশুৰ অপৰ্যাপ্ত শক্তি আৰু উৎসাহ থাকে । যদি শিশুক এই সঞ্চিত শক্তি প্ৰয়োগৰ বা যথাযথ ব্যৱহাৰৰ কাৰণে খেল ধেমালি বা অন্য উপায়েৰে স্বাধিনতা দিয়া নহয় তেতিয়া এনে আচৰণ কৰে। গতিকে এনে কাৰণ থাকিলে সেইবোৰ নুগুচাই কেৱল বেয়া আচৰণৰ বাবে শাস্তি দিলে শিশুক ভাল পথলৈ আনিব নোৱাৰি।
উদাহৰণ স্বৰূপে, কোনো শিশুৱে যদি কোঠাৰ বেৰত পেনচিলেৰে আক বাক কৰে, তাৰ কাৰণে শিশুক শাস্তি দিয়াৰ পৰিবৰ্তে কাগজ আৰু পেনচিল যুগুতাই দি আকিবলৈ শিকালেহে বেৰত অঁকা বন্ধ হ’ব। আকৌ ঘৰত সজাই থোৱা, ভাঙিব পৰা বস্ত্তবোৰ কিছুদিনৰ কাৰণে, শিশুৱে ঢুকি নোপোৱা নিৰাপদ ঠাইত থ’লে শিশুৰ এনে ধংসকাৰী আচৰণ নোহোৱা হৈ যায়। অলপ দিন পিছত আকৌ আগৰ ঠাইত থ’লেও শিশুটোৱে কান নিদিয়ে। ইয়াৰোপৰি বাহিৰত যথেষ্ট পৰিমানে খেলিবলৈ সুযোগ পালে শিশুৱে ঘৰৰ ভিতৰত উৎপাত নকৰে।
গতিকে শৈশবৰ আৰম্ভনিৰে পৰা শিশুক এক শৃঙ্খলাবদ্ধ পৰিবেশত ডাঙৰ কৰিলে, য’ত পিতৃ মাতৃ আৰু গৃহবৰ্তি সকলো একেবোৰ নিয়মৰ দ্বাৰা পৰিচালিত হয়, তেনে পৰিবেশত শিশুক শাস্তি দিয়াৰ প্ৰয়োজন সাধাৰণতে নহয়। মনত ৰাখিব লাগিব যে দুৰ্বলচিতীয়া পিতৃ মাতৃয়েহে শিশুক শাস্তি দিবলৈ তৎপৰ হয়।