শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ উন্নয়ন

ভ্ৰুণ সৃষ্টি হোৱাৰ মুহূৰ্তৰ পৰা মানুহৰ শাৰীৰিক আৰু মানসিক বিকাশ আৰম্ভ হয় আৰু সম্পুৰ্ণ হয় যৌবন কালৰ শেষত। সমগ্ৰ শৈশব কাল বাঢ়ন আৰু বিকাশৰ সময়। অৱশ্যে কোনো কোনো বয়সত বাঢ়ন তীব্ৰ হয়। তীব্ৰ শাৰীৰিক বাঢ়ন আৰু মানসিক বিকাশৰ সময়বোৰ হ’ল:-

১) ভ্ৰুণ সৃষ্টিৰ হোৱাৰ পৰা প্ৰথম ২ বছৰ বয়সলৈ

২) ৫ আৰু ৬ বছৰ বয়সত

৩) প্ৰাক যৌবন কালৰ পৰা যৌবন কালৰ অন্তলৈ। অৰ্থাৎ

ক) ছোৱালী ৯ বছৰ বয়সৰ পৰা ১৮ বছৰ বয়সলৈ

খ) ল’ৰা ১০ বছৰ বয়সৰ পৰা ১৯ বছৰ বয়সলৈ

শৈশৱৰ আৰম্ভণিৰে পৰা সকলো প্ৰকাৰৰ বিকাশ নিয়াৰিকৈ হ’লেহে এজন পুৰ্ণাঙ্গ বহুমুখী প্ৰাপ্তবয়স্কৰ গঢ় লৈ উঠিব। সকলো প্ৰকাৰৰ বিকাশ আৰু প্ৰশিক্ষণ সুপৰিকল্পিতভাবে শিশুৰ দ্বিতীয় বছৰ বয়সৰ পৰা হ’ব লাগে।

শিশুৰ বিকাশ ৫ প্ৰকাৰৰ যেনে ১) শাৰীৰিক ২) আৱেগিক ৩) সামাজিক ৪) বুদ্ধিমত্তা ৫) প্ৰতিকুল পৰিবেশ সন্মুখীন হ’ব পৰা ক্ষমতা।

১) শাৰীৰিক বিকাশ হৈছে মুখ্য। কাৰণ এক উচিত শাৰীৰিক বিকাশ অবিহনে আন ৪ প্ৰকাৰৰ বিকাশৰ কাৰণে শিশুৱে মনোনিবেশ কৰিব নোৱাৰে। উপযুক্ত শাৰীৰিক বিকাশৰ কাৰণে আৱশ্যক হ’ল-

 ক) উপযুক্ত গুণমানপূৰ্ণ আৰু উচিত পৰিমানৰ বয়সোপযোগী খাদ্য, সদায় সময় মতে খোৱা।

 খ) দৈনিক ব্যায়াম।

গ) দৈনিক এটা জিৰনিৰ সময়- যেতিয়া কোনো হস্তক্ষেপ নোহোৱাকৈ, নিচিন্ত মনে নিজৰ ভাল পোৱা এটা কাম কৰিব, যেনে বাহিৰা কিতাপ পঢ়া, ছবি অঁকা, গান গোৱা, প্ৰিয় খেলটো খেলা ইত্যাদি আৰু

 ঘ) বয়স অনুসৰি উপযুক্ত পৰিমানৰ ভাল টোপনি।

২) আবেগিক বিকাশ উচিত হ’লে সকলোৰে লগত শান্তি বজাই ৰাখিব পাৰে। সময় মতে কাম কৰা, দায় লোৱা, সৎ হোৱা, নম্ৰ হোৱা, অকৃত্ৰিম হোৱা, বিবেচক হোৱা, আৰু পৰিসৰ মানি চলা আদিৰ উচিত বিকাশ হয়। আবেগিক বিকাশৰ মাত্ৰাই ব্যক্তিৰ চৰিত্ৰ চিত্ৰিত কৰে।

৩) সামাজিক বিকাশ হৈছে বন্ধুত্ব কৰা আৰু বহু দিনলৈ সেই বন্ধুত্ব বজাই ৰখা দক্ষতা। সামাজিক বিকাশৰ মাত্ৰাই মানুহৰ চৰিত্ৰ চিত্ৰিত কৰে।

৪) বুদ্ধিমত্তাৰ বিকাশ হৈছে অঙ্ক কৰিব পৰা, মুখস্থ কৰিব পৰা আৰু মনত পেলাব পৰা ক্ষমতা। নতুন নতুন কথা শিকি বুদ্ধিমত্তা বঢ়াব পাৰি।

৫) পৰিবেশ সন্মুখীন হ’ব পৰা ক্ষমতা অৰ্থাৎ জীৱনত যিকোনো প্ৰতিকূল পৰিবেশৰ সন্মুখীন হৈ সুকলমে, নিৰ্বিকাৰভাৱে পাৰ হৈ আহিব পৰা।

উল্লেখযোগ্য যে সকলো শিশুৰ জীৱনত বুদ্ধিমত্তাতকৈ বাকী ক্ষেত্ৰসমুহৰ উৎকৰ্ষত জোৰ দিব লাগে। তেতিয়া বুদ্ধিমত্তাও উৎকৰ্ষিত হ’ব। সকলো পিতৃ-মাতৃয়ে এটা কথা মনত ৰাখিব লাগিব –“শিশুৰ কাৰণে জীৱনৰ ৰাস্তাটো সাজি দিব নেলাগে। ৰাস্তাটো নিজে সাজিব ল’ব পৰা এটা শিশুৰ গঢ় দিব লাগে”।

সকলো পিতৃ-মাতৃয়ে বিচাৰে যে তেওঁলোকৰ শিশু ভাল হ’ব লাগে আৰু তেওঁলোকো যাতে শিশুৰ মনত ভাল পিতৃ-মাতৃ হৈ থাকিব পাৰে। এনে কৰিবলৈ যাওঁতে কেতিয়াবা হিতে বিপৰীত হোৱা দেখা যায়। এনে নহ’বৰ কাৰণে কেইটামান নিয়ম মানি চলিব পাৰিলে সুকলমে কামটো হয় বুলি বহুতো মনীষিয়ে ভাবে।

নিয়ম কেইটা এনেধৰনৰ:-

১) মৰম আৰু সংযোগ: শিশুক সদায় বিনাস্বৰ্তে মৰম কৰিব লাগে। অৰ্থাৎ তুমি এইটো কৰিলেহে মই তোমাক ভাল পাম, মৰম কৰিম,  এনেধৰনেৰে স্বৰ্ত ৰাখি কেতিয়াও নহয়। মৰম সদায় স্বৰ্ত বিহীন হ’ব লাগিব। অৱশ্যে লগাতকৈ বেছি মৰম কৰিব নেলাগে।তেনে ক্ষেত্ৰত শিশুৰ উপকাৰতকৈ অপকাৰ বেছি হ’ব পাৰে।

শিশুৰ লগত সদায় সংযোগ ৰাখিব লাগে। সামাজিক মাধ্যম বা মনে মনে লক্ষ্য কৰি নহয়। সংযোগ মানে তেওঁলোকৰ লগত কথা পাতিব লাগিব। তেওঁলোকৰ কথা শুনিব লাগিব আৰু তেওঁলোকৰ পৰা শিকিব লাগিব। তেওঁলোকৰ বন্ধুৰ লগত সংযোগ ৰাখিব লাগিব। তেওঁলোকে কি কৰিছে বুজিব লাগিব। নতুন প্ৰজন্মৰ সকলো কথা বেয়া বুলি ধৰি লৈ অকল তেওঁলোকক সমালোচনা কৰিব নেলাগে।

২) নিৰীক্ষণ আৰু পৰ্য্যবেক্ষণ: বহুতো পিতৃ-মাতৃয়ে মনে মনে শিশুক নিৰীক্ষণ কৰি পৰ্য্যবেক্ষণ কৰিবলৈ চেষ্টা কৰে। কিন্তু পৰ্য্যবেক্ষণ আৰু মনে মনে লক্ষ্য কৰি থকাটোৰ মাজত পাৰ্থক্য আছে। বাহিৰৰ পৰা ঘৰলৈ ঘুৰি অহাৰ পিছত নিৰীক্ষণ কৰিব লাগে। যুবক বা যুৱতীয়ে কি কৰি আছে। ব্যৱহাৰ আদিৰ কিবা সলনি হৈছে নেকি। এই বয়সৰ ল’ৰা ছোৱালীয়ে ফ’নত কথা পাতিলে পিতৃ-মাতৃয়ে মনে মনে শুনি থকাটো উচিত নহয়। পিতৃ-মাতৃয়ে কেৱল লক্ষ্য কৰিব লাগে শিশুটোৰ কিবা বেয়া বা ভাল পৰিবৰ্তন হৈছে নেকি। এইটো বৰ দৰকাৰী কথা। এনে কৰিলে লালন পালন উন্নত হোৱাত সহায় হয়।

৩) পথ প্ৰদৰ্শন কিন্তু সীমা নিৰ্দ্ধাৰণ কৰি: পিতৃ মাতৃ শিশুৰ প্ৰথম পথ প্ৰদৰ্শক। তেওঁলোকৰ কামেই হ’ল শিশু সকলক উচিত পথেৰে জীৱনৰ পথত পৰিচালিত হ’বলৈ সহায় কৰা। কিন্তু সদায় এটা সীমা নিৰ্দ্ধাৰণ কৰি। উদাহৰণ স্বৰূপে:-

ক)তেওঁলোকক বুজাব লাগিব যে পৃথিবীখন দেখাত যিমান ভাল সিমান ভাল নহয়।

খ) শিকাব লাগিব কেনেকৈ বন্ধু বাচিব লাগে।

গ) গৃহৱৰ্তী বয়োজ্যেষ্ঠ সকলৰ বিষয়ে জনাব লাগিব আৰু তেওঁলোকৰ লগত কেনেধৰণেৰে ব্যৱহাৰ কৰিব লাগিব শিকাব লাগিব।

ঘ) সকলোকে ভাল ব্যৱহাৰ কৰিব লাগিব।

এইবোৰ কথা শিকোৱাটো সকলো পিতৃ-মাতৃৰ কৰ্তব্য। কিন্তু এই শিক্ষাদান কৰিবলৈ যাওঁতে কিছু কথা মনত ৰাখিব লাগিব। উদাহৰণ স্বৰূপে যদি আপুনি বিচাৰে যে আপোনাৰ তৰুণ শিশুৱে গধূলি ৭ বজাত ঘৰ সোমাব লাগে তেতিয়া এই নিয়ম গৃহৱৰ্তী সকলোৰে কাৰণে প্ৰযোজ্য হ’ব লাগিব। যদি তেওঁলোকৰ ক্ষেত্ৰত কিবা কাপোৰ পিন্ধাৰ বাধা থাকে এই বাধা পিতৃ-মাতৃ আদি পৰিয়ালৰ সকলোৰে কাৰণে থাকিব লাগিব। কোনবোৰ ভাল কাপোৰ বুলি ধৰা হয় পিতৃ-মাতৃয়ে নিজে পিন্ধি তেওঁলোকক দেখুৱাব লাগিব। বেয়া বুলি শিকোৱা কাপোৰবোৰ তেওঁলোকে পিন্ধিব নালাগিব। তেতিয়াহে শিশুৰ ক্ষেত্ৰত সীমা বান্ধিব পাৰিব। আৰু তেওঁলোকেও বিনা প্ৰশ্নে মানি ল’বলৈ আপত্তি নকৰিব।

৪) পিতৃ মাতৃ যুৱক-যুৱতীৰ প্ৰেৰণাস্ৰোত হ’ব লাগিব আৰু তেওঁলোকৰ পৰা উপযুক্ত বুলি ভাবিলে শিক্ষা আহৰণ কৰিব লাগিব। যুৱক-যুৱতীৰ প্ৰথম প্ৰেৰণাস্ৰোত হ’ল পিতৃ-মাতৃ। তেওঁলোকে সকলো কথা ঘৰতে দেখি আৰু শুনি শিকিবলৈ ভাল পায়। গতিকে পিতৃ-মাতৃয়ে নিজে কৰি ল’ৰা ছোৱালীক শিকাব লাগে। আজিকালিৰ ল’ৰা ছোৱালীয়ে পিতৃ-মাতৃয়ে নজনা বহুত কথা জানিবলৈ সক্ষম। গতিকে তেনেবোৰ কথা ল’ৰা ছোৱালীৰ পৰা পিতৃ-মাতৃয়ে আগ্ৰহেৰে শিকিব লাগে। এনে কৰিলে দুয়ো পক্ষৰ মাজত এটা ভাল সম্বন্ধ হয়। আৰু শিক্ষা দিয়া আৰু লোৱাৰ এটা উচিত বাতাবৰণ হয়।

৫) শিশুক সকলো দিব লাগে আৰু সেই বিষয়ে শিক্ষা দিব লাগে। এটা শিশুক পিতৃ-মাতৃয়ে সকলো দিব লাগে। যেনে খোৱা, পিন্ধা, পঢ়া শুনাৰ সুবিধা, চিকিৎসাৰ সুবিধা ইত্যাদি। তেওঁলোকক সকলো কথা কৈছে, শিক্ষা দিছে, সকলো কথাৰ সীমা বান্ধি দিছে, পথ প্ৰদৰ্শন কৰিছে। কিন্তু কেতিয়াবা যুৱক-যুৱতীয়ে নিজৰ পৰা কথা ক’ব পাৰে। যেনে এজন যুবকে যদি ঘৰত পানীৰ নাটনি জোৰাবলৈ বৰষুণৰ পানী সংৰক্ষণৰ কথা কয় বা প্লাষ্টিক ব্যৱহাৰ নকৰা পোষকতা কৰে। আৰু এই কথাবোৰ পিতৃ-মাতৃয়ে আদৰি লয় আৰু ঘৰত মানিবলৈ লয়। এনে ক্ষেত্ৰত যুৱকজনে বুজি পায় যে তেওঁক মাক দেউতাকে পৰিয়ালৰ এজন বুলি ধৰে আৰু শুদ্ধ কথা ক’লে তেওঁৰ কথা ৰজে। এনে কথাত তেওঁলোক উৎসাহিত হয় আৰু এইটো বৰ দৰকাৰ।

৬) পৰিয়ালত ৰং তামাচা হ’ব লাগে। পুৰণি কালত আৰু আজিও কিছুমান মাক দেউতাকৰ এটা ধাৰণা আছে যে ল’ৰা ছোৱালীৰ লগত এটা দূৰত্ব বজাই ৰাখিব লাগে। তেওঁলোকৰ লগত ধেমালী কৰিব নেলাগে। অকল দৰকাৰী কথা আলোচনা কৰিব লাগে। এই ধাৰণা সম্পূৰ্ণ ভূল। এনে কৰাৰ পৰিবৰ্তে দিনটোৰ ভিতৰত এটা সময় ৰাখিব লাগে যিটো সময়ত পৰিয়ালৰ সকলো গোট খাই হাঁহি ফুৰ্তি কৰিব পাৰে। এইখিনি সময়ত মাক দেউতাকে তেওঁলোকৰ ল’ৰা ছোৱালীৰ লগত মিলি যাব লাগিব আৰু তেওঁলোকৰ দৰে ফূৰ্তি কৰিব লাগিব। এই সময়ত দুয়ো পক্ষই নিজৰ ভাল লগা কামবোৰ কৰিব পাৰে, যেনে গান শুনা বা গোৱা, ছবি অঁকা, কিতাপ পঢ়া, নিজৰ প্ৰিয় খেলটো খেলা, সাধু কথা কোৱা বা শুনা ইত্যাদি। এনেবোৰ কাম পিতৃ-মাতৃ আৰু ল’ৰা ছোৱালীয়ে মিলি কৰিলে দুয়ো পক্ষৰ কাৰণে এটা আনন্দৰ উৎস হয়।

শৈশৱ আৰু যৌৱন কাল সুকলমে পাৰ কৰি নিয়াটো কঠিন কাম। পিতৃ-মাতৃ, গৃহবৰ্তী আন লোক, শিক্ষক আদি সকলোৰে সহযোগ আৱশ্যক। ইয়াৰ অবিহনে ই অসম্ভব বুলি ক’লেও ভুল নহয়। কিন্তু ইয়াত আটাইতকৈ দৰকাৰী ভাগটো ল’ব লাগিব পিতৃ-মাতৃয়ে।

বিশেষজ্ঞ সকলৰ মতে ওপৰোক্ত নিয়ম কেইটা মানি চলিলে সাধাৰণতে দুই পক্ষৰ মাজত এটা উপযুক্ত সম্বদ্ধ অটুট থাকে আৰু মাক দেউতাকে এটা ভাল পৰিবেশত পথপ্ৰদৰ্শক হ’ব পাৰে।