• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

যৌন সুখৰ পৰা বঞ্চিত নাৰীৰ সকলো বাধা আঁতৰাই লাভ কৰিছিল পদ্মশ্ৰী পুৰস্কাৰ, শেষ নিশ্বাস ত্যাগ ডাঃ নিত্যানন্দৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 29, 2024 4:31 pm
যৌন সুখৰ পৰা বঞ্চিত নাৰীৰ সকলো বাধা আঁতৰাই লাভ কৰিছিল পদ্মশ্ৰী পুৰস্কাৰ, শেষ নিশ্বাস ত্যাগ ডাঃ নিত্যানন্দৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে(২৭ জানুৱাৰী) লক্ষ্ণৌৰ এছ জি পি জি আই হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান চিকিৎসক তথা গৱেষক ডাঃ নিত্যানন্দই । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৯ বছৰ। 

যোৱা বছৰৰ ২৯ নৱেম্বৰত বাৰ্ধক্যজনিত কাৰণত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। সেই সময়ত তেওঁক এছ জি পি আই হাস্পতালৰ আই চি ইউ বিভাগত ভৰ্তি কৰা হৈছিল। 

কিন্তু,কোন এই ডাঃ নিত্যানন্দ? কিহৰ বাবে বিখ্যাত তেওঁ? কেনেকৈ নাৰী সকলৰ যৌন সুখৰ ক্ষেত্ৰত অহা সকলো বাধা আঁতৰ কৰি মহিলা সকলক যৌন সুখ উপভোগ কৰাৰ সুবিধা প্ৰদান কৰিছিল এইজন চিকিৎসকে?

আধুনিক ভাৰত গঠনত ডাঃ নিত্যানন্দৰ অৱদান কেতিয়াও পাহৰিব নোৱাৰি। তেওঁক ভাৰতীয় ‘মহিলাৰ বন্ধু’ বুলি কোৱা হৈছিল। আচলতে তেওঁ ভাৰতীয় মহিলাৰ হাতত ‘সহেলী’ক গতাই দিছিল। যিয়ে ভাৰতত জনসংখ্যা নিয়ন্ত্ৰণৰ লগতে ভাৰতীয় মহিলাসকলৰ জনস্বাস্থ্যও উন্নত কৰিছিল। ইয়াৰ লগে সলনি হৈ পৰিছিল ভাৰতীয় মহিলা সকলৰ যৌন সুখৰ বিষয়টো। 

এটা সময়ত ভাৰতত জন্ম নিয়ন্ত্ৰণৰ কোনো ব্যৱস্থা বা ধাৰণা নাছিল। এহাল দম্পতীৰ বাবেও ৮-১০টালৈকে সন্তান জন্ম দিয়াটোও আচৰিত কথা নাছিল। নাৰীৰ স্বামী বা শহুৰেকৰ ইচ্ছাৰ বিৰুদ্ধে যোৱাৰ অধিকাৰো নাছিল, সামৰ্থ্যও নাছিল। বহু সময়ত নিজৰ ইচ্ছাৰ বিৰুদ্ধে গৰ্ভধাৰণ কৰিবলগীয়া হৈছিল। ইয়াৰ ফলত তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিছিল। কিন্তু জন্ম নিয়ন্ত্ৰণৰ কোনো উপায় নাছিল। এটা নিয়মীয়া আৰু উপভোগ্য যৌন সম্পৰ্ক গঢ় দিয়াতো সম্ভৱ হৈ উঠা নাছিল নাৰীসকলৰ বাবে। 

এনে পৰিস্থিতিত ডাঃ নিত্যানন্দ আৰু তেওঁৰ গৱেষক দলে বিশ্বৰ প্ৰথমটো নন-ষ্টেৰয়ড গৰ্ভনিৰোধক বড়ি প্ৰস্তুত কৰিছিল। যাৰ নাম ৰখা হৈছিল ‘সহেলী’।

১৯২৫ চনৰ ১ জানুৱাৰীত অবিভক্ত পাকিস্তানৰ লিয়ালপুৰত জন্মগ্ৰহণ কৰিছিল নিত্যানন্দই। বৰ্তমান সেই নগৰখনৰ নাম ফৈজলাবাদ। দেশ বিভাজনৰ সময়ত মুম্বাইলৈ পলায়ন কৰিবলগা হৈছিল নিত্যানন্দৰ পৰিয়ালে। 

তেওঁ স্বতন্ত্ৰ ভাৰতৰ চিকিৎসা বিজ্ঞানক শীৰ্ষতম স্থানলৈ লৈ যোৱাৰ মানসেৰে অধ্যয়ন, গৱেষণা আৰু চিকিৎসা আৰম্ভ কৰিছিল। 

ইংলেণ্ডৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা জীৱবিজ্ঞানত পি এইচ ডি সম্পূৰ্ণ কৰি ভাৰতলৈ উভতি আাহিছিল ডাঃ নিত্যানন্দ। ১৯৫১ চনত তেওঁ চেণ্ট্ৰেল ড্ৰাগ ৰিচাৰ্চ ইনষ্টিটিউট বা চিডিআৰআইত যোগদান কৰিছিল। তেওঁ চিডিআৰআইৰ পৰীক্ষাগাৰত কৰিছিল ইটোৰ পিছত সিটো গৱেষণা কৰিছে। ১৯৭৪ চনৰ পৰা ১৯৮৪ চনলৈ – দহ বছৰ তেওঁ এই সংস্থাটোৰ পৰিচালক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।

চিডিআৰআইত থকাৰ সময়ত ডাঃ নিত্যানন্দৰ আটাইতকৈ ডাঙৰ উদ্ভাৱন আছিল নন-ষ্টেৰয়ড গৰ্ভনিৰোধক বড়ি। প্ৰথমে এই বড়িৰ বৈজ্ঞানিক নাম আাছিল ‘অৰমেলোক্সিফেন’। পিছলৈ বিশ্ব স্বাস্থ্য সংস্থাই ইয়াৰ নাম Centchroman ৰাখিছিল। পিছলৈ এই বড়ি ব্যৱসায়িকভাৱে ‘সহেলী’ নামেৰে বিক্ৰী কৰা হয়। চৰকাৰী চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰসমূহে এতিয়াও বিনামূলীয়াকৈ এই বড়ি প্ৰদান কৰে, যাক ‘শয়া’ বুলি কোৱা হয়।

1/3 #जीवेत_शरदम_शतम!
Former @CSIR_CDRI Director #PadmaShri #DrNityaNand left for heavenly abode today in his 100th Sharad (Winter) He lived lager than his life and will always be alive by his scentific contributions.@CSIR_IND @IndiaDST @PMOIndia @DrJitendraSingh @DrNKalaiselvi pic.twitter.com/I5oMsjVz30

— CSIR-CDRI (@CSIR_CDRI) January 27, 2024

স্বাধীনতাৰ পিছৰে পৰা ভাৰতৰ জনসংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। চৰকাৰে ‘হাম ডো, হামাৰে দো’ বুলি শ্লোগান আৰম্ভ কৰিছিল। কিন্তু, কেৱল শ্লোগানে বা প্ৰচাৰে এই লক্ষ্যত উপনীত কৰিব পৰা নাছিল। এই পৰিস্থিতিত গৰ্ভনিৰোধক বড়ি, ‘সহেলী’-এ দেশত বৈপ্লৱিক পৰিৱৰ্তন আনিছিল।

ভাৰতত জনসংখ্যা নিয়ন্ত্ৰণত এই বড়িয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৯৯০ চনৰ পৰা ভাৰতত এই বড়ি উপলব্ধ হয়। এই বড়িটো অৰ্মালাইন, নভেক্স-ডি এছ, চেণ্ট্ৰন, চেভিষ্টাল আদি বিভিন্ন ব্যৱসায়িক নামেৰেও উপলব্ধ। এই ঔষধ গৰ্ভনিৰোধক, জৰায়ুৰ ৰক্তক্ষৰণ আৰু স্তন কেন্সাৰৰ বিৰুদ্ধেও অতি ফলপ্ৰসূ। এইদৰেই ‘সহেলী’ পোৱাৰ পিছত ভাৰতৰ মহিলাসকলেও যৌনতাৰ সম্পূর্ণ আনন্দ ল’বলৈ আৰম্ভ কৰিলে৷

চিকিৎসা বিজ্ঞানলৈ আগবঢ়োৱা অভূতপূৰ্ব অৱদানৰ বাবেই ২০১২ চনত ভাৰত চৰকাৰে এইজন চিকিৎসা বিজ্ঞানীলৈ আগবঢ়াইছিল পদ্মশ্ৰী সন্মান।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত অসমৰ নৱম শ্ৰেণীৰ ছাত্ৰক হত্যাৰ অভিযোগ; আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কলেজীয়া ছাত্ৰক

অৰুণাচলত অসমৰ নৱম শ্ৰেণীৰ ছাত্ৰক হত্যাৰ অভিযোগ; আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কলেজীয়া ছাত্ৰক

August 28, 2025 9:30 pm
যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

August 28, 2025 8:18 pm
ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

August 28, 2025 7:22 pm
মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

August 28, 2025 6:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত অসমৰ নৱম শ্ৰেণীৰ ছাত্ৰক হত্যাৰ অভিযোগ; আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কলেজীয়া ছাত্ৰক

অৰুণাচলত অসমৰ নৱম শ্ৰেণীৰ ছাত্ৰক হত্যাৰ অভিযোগ; আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কলেজীয়া ছাত্ৰক

August 28, 2025 9:30 pm
যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

August 28, 2025 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd