NORTHEAST NOW (Assamese)

কৰ’নাৰ প্ৰতিষেধকক লৈ আশাৰ বতৰা! নৱেম্বৰতেই ভাৰতত উপলব্ধ হ’ব পাৰে ভেকচিন

September 18, 2020 7:53 am · এন ই নাও নিউজ

প্ৰায় ছয়মাহ ধৰি কৰ’না ভাইৰাছে অস্থিৰ কৰি ৰখা দেশখনত এতিয়াও সকাহৰ খৱৰ নাই। দিন যোৱাৰ লগে লগে বৰঞ্চ বৃদ্ধিহে পাইছে উদ্বিগ্নতা।

প্ৰতিদিনেই আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। গোটেই দেশতে মুঠ আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰায় ৫২লাখ হৈছেগৈ।

দেশখনত কৰ’না আক্ৰান্ত ৰোগীৰ মৃত্যুৰ সংখ্যা হৈছে ৮৩হাজাৰ ২০০গৰাকী।

এনে এক পৰিস্থিতিত কৰ’নাৰ ভেকচিনক লৈ এক আশা জগাইছে ৰাছিয়াই। নৱেম্বৰ মাহতেই ভাৰতৰ বজাৰত ৰাছিয়াই প্ৰস্তুত কৰি উলিওৱা প্ৰতিষেধক স্পুটনিক-ভি উপলব্ধ হ’ব পাৰে।

ৰাছিয়াৰ প্ৰতিষেধক সংস্থাৰ সৈতে চুক্তিবদ্ধ ভাৰতীয় সংস্থা ডাঃ ৰেড্ডী লেবৰ পৰিচালন সঞ্চালক জি ভি প্ৰসাদে সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত এই কথা জানিবলৈ দিছে।

তেওঁ জানিবৈ দিয়ে যে কৰ’নাক নিয়ন্ত্ৰণৰ বাবে সংস্থাটোৱে ৰাছিয়াৰ সংস্থা আৰডিআইএপৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে।

চুক্তি অনুসৰি যিমানদূৰ সম্ভৱ শীঘ্ৰেই ভাৰতৰ বজাৰত কৰ’নাৰ ভেকচিন মুকলি কৰা হ’ব।

ৰাছিয়াই প্ৰস্তুত কৰা ভেকচিন স্পুটনিক-ভি ভাৰতৰ বজাৰত মুকলি কৰাৰ পূৰ্বে পুনৰ এক ট্ৰায়েল চলোৱা হ’ব  আৰু এই প্ৰক্ৰিয়াটোৰ বাবে কিছু সময় ল’ব।

আনহাতে আৰডিআইএফৰ মুৰব্বী বিষয়া কিৰিল ডিমিত্ৰিভে কয় যে ভাৰতে কোভিড-১৯ৰ যুঁজত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁলোক নিশ্চিত। ভাৰতত ‘মেক ইন ইণ্ডিয়া’ই ফাৰ্মাচী খণ্ডসমূহক আৰু শক্তিশালী কৰি তুলিছে।

সকলো ঠিকেঠাকে থাকিলে অহা নৱেম্বৰ মাহৰ ভিতৰত এই বেকচিনৰ চাৰিটা কোৰ্ছ পঠিয়াব বুলি জানিব পৰা গৈছে।

তদুপৰি, প্ৰথম পৰ্যায়ত ভাৰতত ৪০,০০০তকৈয়ো অধিক লোকে এই ভেকচিন গ্ৰহণ কৰিব পাৰিব। এতিয়া কৰ’নাত আতংকিত ভাৰতীয়ৰ বাবে অপেক্ষাৰ অৱসান ঘটিবনে নাই সেয়া লক্ষ্যণীয় হৈ পৰিছে।

Related News