মেঘালয়ৰ প্ৰথম গৰাকী কোভিড-১৯ৰ বলি ডাঃ জন এল ছাইল’ ৰিণটাথিয়াঙক বৃহস্পতিবাৰে বিয়লি ল’মালিত ৰিয়াটছামথিয়াহ প্ৰেছবাইটেৰিয়ান গীৰ্জাৰ সমাধিক্ষেত্ৰত সৎকাৰ কৰা হয়।
শ্বিলঙৰ বেথানি হাস্পাতলৰ চিকিৎসক ডাঃ জন এল ছাইল’ ৰিণটাথিয়াঙৰ কোভিড-১৯ৰ বিভিন্ন জটিলতাত ভোগাৰ পাছত বুধবাৰে আবেলি ২-৪৫ বজাত মৃত্যু ঘটে।
কোভিড-১৯ৰ বলি হোৱা লোকজনৰ মৃতদেহটো এখন এম্বুলেঞ্চত সমাধিক্ষেত্ৰলৈ লৈ যোৱা হয়।
কফিনটো বগা ৰঙৰ পিপিই পৰিধান কৰা লোকে সমাধিক্ষেত্ৰলৈ লৈ যোৱা দেখা যায় আৰু এখন বুলডজাৰৰ সহায়ত কফিনটো সমাধিত ৰখা হয়।
জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়াৰ উপস্থিতিত স্থানীয় গীৰ্জাৰ পৰা অহা যাজকে মৃত আত্মাৰ প্ৰতি প্ৰাৰ্থনা জনায়।
বিশ্ব স্বাস্থ্য সংস্থা আৰু ভাৰত চৰকাৰৰ নীতি-নিৰ্দেশনা অনুসৰি মৃতদেহটো সৎকাৰ কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত বুধবাৰে ৰাজ্য চৰকাৰখন শলঠেকত পৰিছিল।
কিন্তু ঝালুপাৰাৰ স্থানীয় বাসিন্দাসকলে মেঘালয়ৰ প্ৰথমগৰাকী কোভিড-১৯ৰ বলি লোকৰ মৃতদেহ সংক্ৰমণ বিয়পোৱাৰ শংকা প্ৰকাশ কৰি সৎকাৰ কৰাত জিলা প্ৰশাসনক অনুমতি দিবলৈ অস্বীকাৰ কৰিছিল।
তেওঁলোকে কৈছিল যে ইয়াত এজন কোভিড-১৯ৰোগীৰ মৃতদেহ সমাধিস্থ কৰাৰ বাবে কোনো সঠিক আন্তৰ্গাথনি নাই আৰু মাৰাত্মক ভাইৰাছটো অঞ্চলটোত বিয়পিব পাৰে।
স্থানীয় লোকে লগতে কৈছিল যে সমাধিক্ষেত্ৰৰ কৰ্মীসকল দক্ষ নহয় আৰু তেওঁলোকৰ সুৰক্ষা ব্যৱস্থা নাই বা ব্যক্তিগত সুৰক্ষাৰ আহিলাসমূহ নাই।
পৰিকল্পনা অনুসৰি, সৎকাৰৰ পাছত ভষ্মখিনি এটা কফিনত ৰখা হ’ব আৰু সেইটো ৰি ভই জিলাৰ নংপ’ৰ ওচৰত থকা ডাঃ জন এল ছাইল’ ৰিণটাথিয়াঙৰ ফাৰ্ম হাউছত সমাধিস্থ কৰা হ’ব।
দুৰ্ভাগ্যজনকভাৱে, নংক’ দৰবাৰ শ্বনঙৰ কাৰ্যবাহী কমিটিয়েও কোভিড-১৯ৰোগীজনৰ মৃতদেহ তেওঁৰ ফাৰ্ম হাউছত সৎকাৰ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত লৈছিল।
দৰবাৰৰ সদস্যসকলে ভাইৰাছটো অঞ্চলটোত বিয়পিব পাৰে বুলি শংকা তথা চিন্তা ব্যক্ত কৰিছিল।