NORTHEAST NOW (Assamese)

বিতৰ্কৰ অৱসান! আছুৰ মুখ্য উপদেষ্টা পদতে বাহাল থাকিব সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

March 21, 2021 7:29 pm · এন ই নাও নিউজ

অৱশেষত সকলো উৎকণ্ঠাৰ অৱসান ঘটাই আজি সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক বৈঠকে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আছুৰ মুখ্য উপদেষ্টা পদত বাহাল থাকিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে।

আজি গুৱাহাটী বিশ্ব বিদ্যালয়ত অনুষ্ঠিত আছুৰ কাৰ্যনিৰ্বাহক বৈঠকত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক আছুৰ মুখ্য উপদেষ্টে হিচাবে কাৰ্যনিৰ্বাহ কৰিবলৈ প্ৰস্তাৱ লোৱাৰ লগতে উদ্দীপ্ত জ্যোতি গগৈ আৰু প্ৰকাশ চন্দ্ৰ দাসক উপদেষ্টা হিচাবে নিযুক্তি দিয়ে।

উল্লেখ্য কিছুদিন পূৰ্বে এই বুলি কোৱা হৈছিল যে সদৌ অসম ছাত্ৰ সন্থাৰ চমুকৈ আছুৰ হৈ কোনো আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

তেজপুৰৰ প্ৰশান্ত ল’জত চলিত বৰ্ষৰ জানুৱাৰী মাহত  অনুষ্ঠিত এখন সংবাদমেলত এইকথা স্পষ্ট কৰি দিছিল আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই।

আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আছুৰ মুখ্য উপদেষ্টা হৈ থাকিবনে নাথাকে সেই সন্দৰ্ভতো মন্তব্য কৰিছিল।

সাধাৰণ সম্পাদক বৰুৱাই কৈছিল,’’সমুজ্জ্বল ভট্টাচাৰ্য আছুত থাকিব নে নাই সেই সিদ্ধান্ত পৰৱৰ্তী কাৰ্যনিৰ্বাহকে গ্ৰহণ কৰিব। বৰ্তমান তেওঁৰ কোনো সাংবিধানিক দায়িত্ব নাই। সেয়ে কাৰ্যনিৰ্বাহক অনুষ্ঠিত নোহোৱা পৰ্যন্ত তেওঁ আছুৰ হৈ কোনো আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব। আছুৰ বক্তব্য জনোৱাৰ অধিকাৰ কেৱল সভাপতি আৰু সাধাৰণ সম্পাদকৰহে থাকিব।‘’

আছুৰ সাধাৰণ সম্পাদকগৰাকীৰ এই বক্তব্যই ৰাজ্যখনৰ শক্তিশালী ছাত্ৰ সংগঠনটোৰ মাজত চলি থকা আভ্যন্তৰীণ সংঘাতৰ বহিৰ্প্ৰকাশ বুলিয়েই ধাৰণা কৰা হৈছিল।

উল্লেখ্য গুৱাহাটীৰ শ্বহীদ ন্যাস ভৱনৰ প্ৰতিবাদস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু সংবাদ মাধ্যমৰ সন্মুখত ড০ ভট্টাচাৰ্যই আগবঢ়োৱা মন্তব্যৰ পাছতে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে এইদৰে স্থিতি স্পষ্ট কৰি দিছিল।

আজি সকলো বিতৰ্কৰ অৱসান ঘটাই সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যকে আছুৰ মুখ্য উপদেষ্টা হিচাবে বাহাল ৰখাৰ প্ৰস্তাৱ লোৱা হয়।

Related News