বঙাইগাঁও বিধানসভা সমষ্টিত ফটোযুক্ত খচৰা ভোটাৰ তালিকা আৰু সংশোধনী সূচী প্ৰকাশ

ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনামৰ্মে অসমৰ আন আন নিৰ্বাচনী জিলাৰ লগতে ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিতো প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰ আৰু আন নিৰ্ধাৰিত স্থানত খচৰা ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে।

উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা এক সংবাদ মেলযোগে বঙাইগাঁৱৰ জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই এই কথা সদৰী কৰিছে।

প্ৰকাশিত খচৰা ভোটাৰ তালিকা অনুসৰি বঙাইগাঁও বিধান সভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ১,৭৬,৮২৩ গৰাকী। তাৰে ভিতৰত ৮৭,৫৭০ গৰাকী পুৰুষ আৰু ৮৯,২৫১ গৰাকী মহিলা ভোটাৰ ৷ আনহাতে ২ গৰাকী তৃতীয় লিংগৰ ভোটাৰ ৷ সমষ্টিিটোত চাৰ্ভিচ ভোটাৰ ১১২৫ গৰাকী আৰু তেওঁলোকৰ পৰিয়ালৰ গৃহিণী ৩৬ গৰাকী।

সমষ্টিটোত ডি ভোটাৰ আছে ২৫৮ গৰাকী। সমষ্টিটোত ১গৰাকী নিৰ্বাচক পঞ্জীয়ন বিষয়া আৰু ৩০ গৰাকী সহকাৰী নিৰ্বাচক পঞ্জীয়ন বিষয়া আছে । বুথ পৰ্যায়ৰ চুপাৰভাইজাৰ আছে ২২ গৰাকী আৰু বুথ পৰ্যায়ৰ বিষয়াৰ সংখ্যা হ’ল ২৪২ গৰাকী ৷

উল্লেখ্য যে ১ জানুৱাৰী ২০২২ বৰ্ষক ভিত্তি তাৰিখ হিচাপে লৈ ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী সূচীও প্ৰকাশ কৰা হৈছে ।

সূচী অনুসৰি ১ নৱেম্বৰত ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ, ১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ দাবী আৰু আপত্তি দাখিল , অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ জাননী অনুসৰি বিশেষ শিবিৰ, ২০ ডিচেম্বৰৰ আগতে দাবী আৰু আপত্তি নিস্পত্তি আৰু ২০২২ বৰ্ষৰ ৫ জানুৱাৰীত চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব ৷ উক্ত ফটোযুক্ত খচৰা ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী সূচী বিভিন্ন ধৰণে ৰাইজৰ মাজত প্ৰচাৰ কৰা হ’ব।

আজিৰ পৰা দুদিন মাইকযোগে প্ৰতিটো ভোটাগ্ৰহণ কেন্দ্ৰ এলেকাত সংশোধনী সূচী প্ৰচাৰ কৰিবলৈ লোৱা হৈছে। জনসংযোগ বিভাগৰ স্থিৰ অনুভাষ যন্ত্ৰযোগেও প্ৰচাৰ কৰা হ’ব।গোহাৰি পত্ৰও বিতৰণ কৰা হ’ব। সংশোধনী সূচী ভাৰতৰ নিৰ্বাচন আয়োগৰ Systematic Voters Education and Electoral Participation কাৰ্যসূচীৰ অধীনত প্ৰচাৰ কৰা হ’ব।

ইতিমধ্যে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্যালয় আৰু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ফটোযুক্ত ভোটাৰ তালিকাৰ সংশোধনী সূচী ছপা কৰি ফ্লেক্স,বেনাৰ স্থাপন কৰা হৈছে।

বঙাইগাঁৱৰ জিলা নিৰ্বাচনী বিষয়াই এইক্ষেত্ৰত সমূহ ৰাইজৰ সহায়-সহযোগিতা বিচাৰিছে যাতে এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰিব পৰা যায়। সংবাদ মেলত অতিৰিক্ত উপায়ুক্ত(নিৰ্বাচন) শ্যামল ক্ষেত্ৰ গগৈ আৰু নিৰ্বাচনী বিষয়া মগেন নৰহ উপস্থিত থাকে ৷