অসম সাহিত্য সভাৰ উদ্যোগত বৰাক উপত্যকাত প্ৰদৰ্শিত হ’ব অসমীয়া নাট ‘কমলা কুৱঁৰীৰ সাধু’

Assamese Drama

নাট প্ৰদৰ্শন কৰিবলগীয়া দলটোৰ শিল্পীসকল। উৎস-ইণ্টাৰনেট

বৰাক উপত্যকাৰ শিলচৰ আৰু কৰিমগঞ্জত অসম সাহিত্য সভাৰ উদ্যোগত প্ৰদৰ্শিত হ’বলগীয়া ‘কমলা কুৱঁৰীৰ সাধু’ নামৰ নাটখনত অভিনয় কৰিবলগীয়া শিল্পীৰ দলটো শুকুৰবাৰে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীৰ নেতৃত্বত শিলচৰত উপস্থিত হয়।

সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে ৰচনা আৰু পৰিচালনা কৰা  নাটখনি শনিবাৰে কৰিমগঞ্জৰ জিলা পুথিভৰাল আৰু দেওবাৰে শিলচৰৰ বংগ ভৱনত প্ৰদৰ্শন কৰা হ’ব।

শিলচৰত উপস্থিত হোৱা ৩০ জনীয়া নাট্য শিল্পীৰ দলটোক বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই যথেষ্ট সহায় কৰা বুলি সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে উল্লেখ কৰে।

উল্লেখযোগ্য যে, বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত থকা ব্যৱধান হ্ৰাস কৰা উদ্দেশ্যে অসম সাহিত্যই গ্ৰহণ কৰা ‘বৰাক-ব্ৰহ্মপুত্ৰ মৈত্ৰী বন্ধন’ কাৰ্য্যসূচীৰ অংশস্বৰূপে নাটখনি প্ৰদৰ্শন কৰা হ’ব বুলি জানিব পৰা গৈছে।

আনহাতে, নাটখনিত অভিনয় কৰা শিল্পীসকলে বৰাক উপত্যকাতো দৰ্শকৰ পৰা সহাৰি লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশাবাদী।