আবেদন কৰক; দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণৰ বাবে ডি আৰ ডি অ’ত চাকৰি

দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ নিবনুৱা যুৱক-যুৱতী সকলৰ বাবে আহিছে এক সুন্দৰ সুযোগ। ডিফেন্স ৰিছাৰ্চ এণ্ড ডেভেল’পমেন্ট অৰ্গেনাইজেশ্যন চমুকৈ ডি আৰ ডি অ’ত খালী হোৱা ২২৪ টা বিভিন্ন পদৰ বাবে আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া।

ডি আৰ ডি অ’ই জাৰি কৰা জাননি অনুসৰি সমগ্ৰ ভাৰতত ২২৪ টা বিভিন্ন পদ খালী হৈছে।

খবৰ অনুসৰি এই পদৰ বাবে আবেদন প্ৰক্ৰিয়া ২১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হৈছে। ইচ্ছ্যুক প্ৰাৰ্থীসকলে অনলাইন যোগে ডি আৰ ডি অ’ৰ অফিচিয়েল ৱেবচাইটত http://drdo.gov.in গৈ আবেদন কৰিব পাৰিব। আবেদনৰ শেষ সময়সীমা ১৫ অক্টোবৰ।

ডি আৰ ডি অ’ত খালী হোৱা বিভিন্ন পদসমূহৰ আবেদন কৰিবলৈ প্ৰাৰ্থীসকল কেৱল দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ’লে হ’ব।

ডিফেন্স ৰিছাৰ্চ এণ্ড ডেভেল’পমেন্ট অৰ্গেনাইজেশ্যনৰ নিযুক্তি (২০১৯): খালী পদ

মুঠ পদৰ সংখ্যা-২২৪ টা

ষ্টেন’গ্ৰাফাৰ গ্ৰেড-II: ১৩টা পদ।

এডমিনিষ্ট্ৰেটিভ এছিষ্টেন্ট (এ): ৫৮টা পদ।

ষ্ট’ৰ এছিষ্টেন্ট (এ): ৩২টা পদ।

ছিকিউৰিটী এছিষ্টেন্ট (এ): ৪০টা পদ।

ক্লাৰ্ক (কেন্টিন মেনেজাৰ গ্ৰেড-III) : ৩টা পদ।

এছিষ্টেন্ট হালৱাই আৰু ৰান্ধনীঃ ২৮টা পদ।

ভেহিকল অপাৰেটৰ (এ): ২৩টা পদ।

ফায়াৰ ইঞ্জিন ড্ৰাইফাৰ (এ): ৬টা পদ।

ফায়াৰমেনঃ ১৩টা পদ।

উক্ত পদসমূহত আৱেদন কৰা প্ৰাৰ্থীসকলৰ বয়স ১৮ৰ পৰা ২৭ বছৰ হ’ব লাগিব।

আবেদনকাৰী সকলে 100 টকা জমা দিব লাগিব। অৱশ্যে সকলো মহিলা আৰু SC/ST/PWD/ESM সকলে আবেদনৰ মাচুল দিব নালাগে।