ডিআৰডিঅ’ৰ এজন বিষয়াই গোপনে এগৰাকী পাকিস্তানী এজেণ্টক মিছাইল পৰীক্ষাৰ তথ্য প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। শুকুৰবাৰে উৰিষ্যা আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে।
বাতৰি অনুসৰি, ৫১ বছৰীয়া বাবুৰাম দে ইণ্টিগ্ৰেটেড টেষ্ট ৰেঞ্জৰ (আইটিআৰ) টেলিমেন্ট্ৰি বিভাগত প্ৰযুক্তি বিষয়া হিচাপে কাম কৰি আছিল। তেওঁৰ ফোনত নিৰীক্ষণত পোৱা গৈছে যে মিছাইল পৰীক্ষা সম্পৰ্কীয় প্ৰতিৰক্ষা তথ্য আৰু কাৰিকৰী তথ্য গোপনে পাকিস্তানী গুপ্তচৰলৈ প্ৰেৰণ কৰা হৈছিল।
লগতে পঢ়ক: প্ৰাক্তন RAW-ৰ মুৰব্বী দৌলতৰ মন্তব্য-‘সফল কাশ্মীৰ নীতি, কিন্তু হেৰুৱাইছে ভাৰতৰ অনুভুতি’
বাবুৰামে বিভাগটোৰ নিষিদ্ধ অঞ্চলসমূহৰ কেইবাখনো আলোকচিত্ৰ প্ৰেৰণ কৰিছিল বুলি অভিযোগ কৰা হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি, এই তথ্য পাকিস্তানৰ ৰাৱালপিণ্ডিত এগৰাকী মহিলা গুপ্তচৰলৈ প্ৰেৰণ কৰা হৈছে। বাবুৰামক শুকুৰবাৰে বালাচোৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।
পূৰ্বঞ্চলৰ মহাপৰিদৰ্শক হিমাংশু লালে কয় যে বাবুৰামে কেৱল ধনেই লাভ কৰা নাছিল, এই তথ্যৰ বিনিময়ত বাৰ্তালাপৰ জৰিয়তে যৌন আনন্দও লাভ কৰিছিল। পাক গুপ্তচৰ আৰু বাবুৰামৰ মাজত যৌনসম্পৰ্কীয় বিভিন্ন ভিডিঅ’ আৰু ছবিও বিনিময় হৈছিল।
ডিআৰডিঅ’ৰ বিষয়াসকলৰ মতে, আইটিআৰৰ প্ৰায় সকলো মিছাইল পৰীক্ষাৰ সময়ত বাবুৰাম উপস্থিত আছিল। তেওঁ ডিআৰডিঅ’ কৰ্মচাৰী আৰু বিজ্ঞানীসকলৰ সৈতে সম্পৰ্ক বজাই ৰখাৰ বাবেও দায়বদ্ধ আছিল। মিছাইল উৎক্ষেপণত বাবুৰামৰ ওচৰত অতি সংবেদনশীল, গুৰুত্বপূৰ্ণ কাৰিকৰী তথ্য আছিল। সেই বাবুৰাম এতিয়া আৰক্ষীৰ জালত।
লগতে পঢ়ক: চুবুৰীয়া ৰাষ্ট্ৰৰ দুৰ্দশা! পাকিস্তানৰ গৃহ মন্ত্ৰীৰ বিৰুদ্ধে জাৰি গ্ৰেপ্তাৰী পৰোৱানা
অভিযোগ কৰা হৈছে যে বাবুৰামে হোৱাটছএপৰ জৰিয়তে এবছৰৰো অধিক সময় ধৰি মহিলা পাক গুপ্তচৰৰ সৈতে যোগাযোগ কৰি আছিল। তেওঁৰ ফোনটো জব্দ কৰা হৈছে। ডিআৰডিঅ’ৰ কিমান গোপন তথ্য পাকিস্তান পাইছে আৰক্ষীয়ে তাৰ অনুসন্ধান চলাই আছে।