NORTHEAST NOW (Assamese)

ডিআৰডিঅ’ৰ নতুন এয়াৰ ডিফেন্স চিষ্টেম মিছাইলৰ সফল পৰীক্ষা!উদ্বিগ্ন শত্ৰুৰাষ্ট্ৰ

October 5, 2024 7:19 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

আকাশৰ মাজতে শত্ৰু ধ্বংস হ’ব। শেহতীয়াকৈ ডি আৰ ডি অ’ই আৰু ৩টা এয়াৰ ডিফেন্স চিষ্টেমৰ মিছাইল সফলতাৰে পৰীক্ষা কৰে। চলিত মাহৰ ৩ আৰু ৪ তাৰিখে ৰাজস্থানৰ পোখৰাণত এই ক্ষেপণাস্ত্ৰৰ সফলতাৰে পৰীক্ষা কৰে। এই ক্ষেপণাস্ত্ৰ সেনাবাহিনীত অন্তৰ্ভুক্ত হ’লে ভাৰতীয় সেনাৰ মনোবল বহু বাঢ়িব।

Very Short-Range Air Defence System বা VSHORADS নামৰ এই ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষাৰ পাছত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বিজ্ঞানীসকলক ধন্যবাদ জনায়। জনা যায় যে এই ক্ষেপণাস্ত্ৰটো মানুহৰ দ্বাৰা বহনযোগ্য বায়ু প্ৰতিৰক্ষা ব্যৱস্থা। সম্পূৰ্ণ থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে এই ক্ষেপণাস্ত্ৰ। নতুন মিছাইলটোত ৰিয়েকচন কণ্ট্ৰ’ল চিষ্টেম আৰু ইন্টিগ্ৰেটেড এভিয়নিকছকে ধৰি কেইবাটাও উন্নত প্ৰযুক্তি সন্নিবিষ্ট কৰা হৈছে। ডি আৰ ডি অ’ৰ মতে, এই ক্ষেপণাস্ত্ৰ বিগত কেইবছৰমানৰ পৰা নিৰ্মাণ কৰা হৈছিল। একাধিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত শেহতীয়াকৈ পোখৰাণত ইয়াৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল৷

মন কৰিবলগীয়া যে যোৱা আগষ্ট মাহত ৰাজস্থানৰ পোখৰাণত মান প্ৰটেবল এণ্টি টেংক গাইডেড মিছাইলৰ সফলতাৰে পৰীক্ষা কৰা হৈছিল। এই ক্ষেপণাস্ত্ৰ বিশেষভাৱে নিখুঁত লক্ষ্যৰে শত্ৰুৰ টেংক আৰু গধুৰ বাহন ধ্বংস কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ই আন এণ্টি টেংক গাইডেড মিছাইলৰ তুলনাত অতি লঘু ইয়াৰ ওজন ১৫ কিলোগ্ৰামতকৈ কম। যিটো মানুহে কান্ধত লৈ গাড়ী চলাব পাৰে।

ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ মে’ মাহত ডি আৰ ডি অ’ৰ ‘ৰুদ্ৰম ২’ ক্ষেপণাস্ত্ৰৰ সফলতাৰে পৰীক্ষা কৰা হৈছিল। এই এণ্টি ৰেডিয়েচন ছুপাৰছ’নিক মিছাইলটো চুখয় ৩০এমকেআই যুদ্ধ বিমানৰ পৰা নিক্ষেপ কৰা হৈছিল। শত্ৰুৰ ৰাডাৰ ধ্বংস কৰিবলৈ ইয়াৰ যোৰযুক্ত বোজা। এই ক্ষেপণাস্ত্ৰৰ ৰেঞ্জ ১০০ কিলোমিটাৰতকৈও অধিক। এই মিছাইলটোৱে শত্ৰুৰ ৰেডিঅ’ ফ্ৰিকুৱেন্সি আৰু ৰাডাৰৰ সংকেতও ল’ব পাৰে।

Related News