NORTHEAST NOW (Assamese)

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি : গ্ৰেপ্তাৰ ডি আৰ ডি অ’, জয়চালমেৰৰ অতিথিশালাৰ মেনেজাৰ

August 13, 2025 9:30 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 13, 2025 9:07 am

মঙলবাৰে ৰাজস্থান আৰক্ষীৰ চি আই ডিয়ে জয়চালমেৰৰ পৰা পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

অভিযুক্ত মহেন্দ্ৰ প্ৰসাদ (৩২) চন্দন ফিল্ড ফায়াৰিং ৰেঞ্জৰ ডি আৰ ডি অ গেষ্ট হাউছৰ মেনেজাৰ হিচাপে কৰ্মৰত আছিল।

অভিযোগ অনুসৰি তেওঁ এজন পাকিস্তানী চোৰাংচোৱা হেণ্ডলাৰৰ সৈতে অহৰহ যোগাযোগত আছিল আৰু ভাৰতৰ প্ৰতিৰক্ষা কাৰ্যকলাপৰ স্পৰ্শকাতৰ তথ্য ফাদিল কৰিছিল।

চি আই ডিৰ আই জি ড০ বিষ্ণুকান্তই কয় যে স্বাধীনতা দিৱস উদযাপনৰ পৰিপ্ৰেক্ষিতত ৰাজস্থান চি আই ডি চোৰাংচোৱা সংস্থাই ৰাষ্ট্ৰবিৰোধী আৰু বিধ্বংসী কাৰ্যকলাপৰ ওপৰত অধিক চোৰাংচোৱাগিৰি অব্যাহত ৰাখিছে।

এই নিৰীক্ষণৰ সময়ত ডি আৰ ডি অ গেষ্ট হাউছৰ ঠিকাভিত্তিক কৰ্মী মহেন্দ্ৰ প্ৰসাদৰ বিষয়ে তথ্য পোহৰলৈ আহে।

তদন্তত প্ৰকাশ পাইছে যে প্ৰসাদ ছচিয়েল মিডিয়াৰ জৰিয়তে পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে সংস্পৰ্শত আছিল।

অভিযোগ অনুসৰি তেওঁ নিজৰ হেণ্ডলাৰক ক্ষেপণাস্ত্ৰ আৰু অস্ত্ৰ পৰীক্ষাৰ বাবে চন্দন ফিল্ড ফায়াৰিং ৰেঞ্জলৈ যোৱা ডি আৰ ডি অৰ বিজ্ঞানী আৰু ভাৰতীয় সেনা বিষয়াৰ গতিবিধিৰ সবিশেষ যোগান ধৰিছিল।

তদন্তত নিশ্চিত হৈছে যে তেওঁ নিজৰ পাকিস্তানী হেণ্ডলাৰৰ সৈতে ডি আৰ ডি অৰ অভিযান আৰু ভাৰতীয় সেনাৰ কাৰ্যকলাপৰ সৈতে জড়িত স্পৰ্শকাতৰ তথ্য ভাগ-বতৰা কৰিছিল।

প্ৰমাণৰ ভিত্তিত চি আই ডি চোৰাংচোৱাই আনুষ্ঠানিকভাৱে চোৰাংচোৱাগিৰিৰ অভিযোগত মহেন্দ্ৰ প্ৰসাদক গ্ৰেপ্তাৰ কৰে।

Related News