NORTHEAST NOW (Assamese)

আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা! বিশ্বনাথত গুলীবিদ্ধ গঁড় হত্যাৰে জড়িত দুৰ্ধৰ্ষ চোৰাংচিকাৰী

January 30, 2022 10:39 am · কাজি জেইদুল ইছলাম, বিশ্বনাথ
Updated: January 30, 2022 10:40 am
ফটো: নৰ্থইষ্ট নাও।

বিশ্বনাথত গুলীবিদ্ধ হৈছে এজন চোৰাংচিকাৰী ৷ গঁড় হত্যাৰে জড়িত দুৰ্ধৰ্ষ চোৰাংচিকাৰী বিশ্বনাথৰ বলডোঙাৰ দিলোৱাৰ হুছেইন পুৱতি নিশা আৰক্ষীৰ গুলীত আহত হয়৷

অলপতে জোনাইত গ্ৰেপ্তাৰ কৰা দিলোৱাৰে নিশা আৰক্ষীক চোৰাংচিকাৰীৰ ঘাটি দেখুৱাবলৈ নিওতে পলবলৈ চেষ্টা কৰিছিল।

আৰক্ষীয়ে বাধ্য হৈ তেওঁলৈ গুলীচালনা কৰাত ভৰিত গুলী লাগে দিলোৱাৰৰ৷

লগতে পঢ়ক: Encounter in Kashmir: দুটা পৃথক এনকাউন্টাৰত কাশ্মীৰত নিহত পাকিস্তানী-জইছ কমাণ্ডাৰসহ ৫ সন্ত্ৰাসবাদী

বৰ্তমান তেজপুৰ মেডিকেল কলেজত চিকিৎসাধীন গুলীবিদ্ধ দিলোৱাৰ।

আৰক্ষীয়ে অৱশ্যে এই মুহূৰ্তলৈকে কোনো ধৰণৰ তথ্য অৱগত কৰোৱা নাই। 

Related News