NORTHEAST NOW (Assamese)

হজম শক্তি উন্নত কৰাৰ পৰা সুস্থ ছাললৈ… কি কি উপকাৰীতা আছে ৰাতিপুৱা গৰম পানী পান কৰাৰ?

January 23, 2025 7:30 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 22, 2025 9:34 pm

ৰাতিপুৱা গৰম পানী খোৱাটোৱে কেইবাটাও স্বাস্থ্যৰ উপকাৰীতা প্ৰদান কৰে, যিয়ে শৰীৰৰ সামগ্ৰিক সুস্থতা প্ৰদানত অৰিহণা যোগায় আৰু দিনটো স্বাস্থ্যকৰ কৰাত সহায় কৰে। ৰাতিপুৱা গৰম পানী খোৱাৰ ৪টা উপকাৰীতা তলত দিয়া হ’ল-

১) হজম শক্তি উন্নত কৰে: গৰম পানীয়ে পাচনতন্ত্ৰক উদ্দীপিত কৰাত সহায় কৰে, হজম শক্তি বৃদ্ধি কৰে আৰু কোষ্ঠকাঠিন্য ৰোধ কৰে।

২) শৰীৰৰ বিষমুক্ত কৰে: গৰম পানী খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰলৈ ওলাই যোৱাত সহায় কৰে, বৃক্ক আৰু যকৃতৰ কাৰ্য্যক্ষমতা উন্নত কৰে।

৩) ৰক্ত সঞ্চালন বৃদ্ধি কৰে: গৰম পানীয়ে তেজৰ সোঁত উন্নত কৰাত সহায় কৰিব পাৰে, যিয়ে সুস্থ ৰক্ত সঞ্চালনত সহায় কৰে আৰু পেশীবোৰ শিথিল কৰিব পাৰে।

৪) ছালৰ স্বাস্থ্য সুস্থ কৰে: গৰম পানীয়ে ছালখন ভিতৰৰ পৰা পৰিষ্কাৰ কৰাত সহায় কৰিব পাৰে,গালৰ শালমইনা কমায় আৰু সুস্থ, উজ্জ্বলতা বৃদ্ধি কৰে।

Related News