পেকেজিং খোৱাপানীৰ নামত বৰবিহ! শিৱসাগৰত অবৈধ খোৱাপানী উদ্যোগৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান

pani

পিয়াহ দূৰ কৰিবলৈ আপুনি বাৰু দোকানৰ পৰা পানী বটল কিনি খায় নেকি?

সেই পেকেজিং খোৱাপানীৰ নামত আপুনি বাৰু খাইছে কি?

ফিল্টাৰ কৰা বিশুদ্ধ পানী নে লেট্ৰিনৰ পানী নে বাচন ধোৱা পানী?

হয় ৰাজ্যত এতিয়া কাঠফুলাৰ দৰে গঢ়ি উঠিছে পেকেজিং খোৱাপানীৰ উদ্যোগ।য

প্ৰশাসনৰ অনুমতি নোলোৱাকৈ বে-ইনী ভাৱে কোনো নথি পত্ৰ বিহীনভাৱে চলি আছে এনে উদ্যোগ।

এতিয়াও গভীৰ নিদ্ৰাত ৰাজ্য চৰকাৰৰ যোগান বিভাগ।

শিৱসাগৰত অস্বাস্থ্যকৰ পৰিবেশত খোৱাপানী উদ্যোগ স্থাপন, কোনো নথিপত্ৰ নোহোৱাকৈ দীৰ্ঘদিনে চলাই থকা পেকেজিং খোৱাপানীৰ উদ্যোগত আজি চলিল প্ৰশাসনৰ অভিযান।
অভিযানত চীল কৰা হল কেইবাটাও উদ্যোগ।

অভিযানত উন্মোচিত হল বহু ভয়ংকৰ ছবি। সাধাৰণ টিনৰ চালি, শৌচাগাৰৰ কাষতে তথা টেংকীৰ ওপৰত আৰু ব্যৱসায়িক ভাৱে বিদ্যুৎ সংযোগ নকৰাকৈয়ে শিৱসাগৰত এইদৰে এক অস্বাস্থ্যকৰ পৰিৱেশত চলি আছে পেকেজিং খোৱাপানীৰ উদ্যোগ।

আজি শিৱসাগৰ জিলা প্ৰশাসনে দৰিকাপাৰ নাওজান গাঁৱৰ যদু বসুমতাৰী আৰু টেক্সি আলিৰ কল্যাণজ্যোতি শৰ্মাৰ বেষ্ট ৰ’ ৱাটাৰ নামৰ উদ্যোগটো চীল কৰি দিয়ে।

প্ৰশাসনৰ অভিযানৰ সময়ত ধৰা পৰিল এইদৰে নথিপত্ৰ বিহীনভাৱে দুবছৰ ধৰি চলি আছিল এই উদ্যোগ।

পেকেজিং খোৱাপানীৰ উদ্যোগ স্থাপনৰ বাবে প্ৰয়োজনীয় বিএচআই চাৰ্টিফিকেট, ৰেডিই এক্টিভ চাৰ্টিফিকেটৰ কথা বাদেই পৌৰসভাৰ পৰা ট্ৰেড লাইচেঞ্চো নাই এই পেকেজিং খোৱাপানী উদ্যোগৰ। এই কথা জানিবলৈ দিয়ে জিলা দণ্ডাধীশে।

প্ৰশ্ন হয় মানুহৰ জীৱনকলৈ হেতালি খেলা এনে অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে সদায়ে চকু মুদা কুলিৰ ভাও লৈ থাকিব নেকি অসম চৰকাৰৰ বিয়াগোম খাদ্য আৰু অসামৰিক বিভাগে?

শিৱসাগৰত প্ৰায় ৩০ টা পেকেজিং খোৱাপানী উদ্যোগ আছে যদিও ইয়াৰে মাত্ৰ ৯টাৰহে সম্পূৰ্ণ নথিপত্ৰ আছে বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।