যোগী আদিত্যনাথৰ ৰাজ্যত এইবাৰ যাত্ৰীবাহী চলন্ত বাছত দুই পুত্ৰৰ সন্মুখতে মাতৃক ধৰ্ষণ

index.jpgৈ

প্ৰতিকী ছবি

ক্ৰমাৎ ধৰ্ষণকে আদি কৰি বিভিন্ন অপৰাধজনিত কাণ্ড বৃদ্ধি পাইছে যোগী আদিত্যনাথৰ বিজেপি শাসিত ৰাজ্য উত্তৰ প্ৰদেশত।

এইবাৰ চলন্ত বাছত এগৰাকী মহিলাক ধৰ্ষণ কৰিছে তিনি পাষণ্ডই।

ঘটনাৰ বিৱৰণী অনুসৰি চলন্ত বাছত এগৰাকী ২৫ বছৰীয়া মহিলাক ধৰ্ষণ কৰিছে বাছখনৰ চালকসহ অন্য দুই পাষণ্ডই।

মহিলা গৰাকীয়ে দুই সন্তানৰ সৈতে শ্লীপাৰ নৈশ বাছ এখনত প্ৰতাপগড়ৰ পৰা নয়দা অভিমুখে গৈ আছিল। উক্ত বাছখনতে সংঘটিত হৈছে এই জঘন্য কাণ্ডটো।

দীৰ্ঘ দূৰত্বৰ নৈশ বাছখনত অন্য ১৩ গৰাকী সহযাত্ৰীও আছিল।

মথুৰাত প্ৰৱেশ কৰাৰ পিছতে মাত্ৰ ১৫ গৰাকী যাত্ৰী থকা বাছখনৰ একেবাৰে শেষৰ আসনত মহিলাগৰাকীক বাছৰ এক চালকে অন্য দুই সহযোগীৰ সৈতে ধৰ্ষণ কৰে।

চিঞৰিলে ভয়ংকৰ পৰিণতিৰ সন্মুখীন হ’ব লাগিব বুলি মহিলাগৰাকীক ভাবুকি প্ৰদান কৰি এই দুষ্কৰকৰ্ম সংঘটিত কৰে তিনি পাষণ্ডই।

বাছখন বুদ্ধনগৰত প্ৰৱেশ কৰাৰ পিছত মহিলাগৰাকীয়ে বুদ্ধনগৰ আৰক্ষী থানাত এই সংক্ৰান্ত এক এজাহাৰ দাখিল কৰে।

পিছত নয়দাৰ ছেক্টৰ ২০ আৰক্ষী থানাই ভাৰতীয় দণ্ডবিধি আইনৰ শাখা ৩৭৬(ধৰ্ষণ) ৫০, ২০১, ২১২ ধাৰাত গোচৰ ৰুজু কৰি বাছখনৰ ধৰ্ষণকাৰী চালকক গ্ৰেপ্তাৰ কৰিছে।

চালকৰ সহযোগী দুই অভিযুক্ত বৰ্তমান পলাতক। দুই পলাতক অভিযুক্তৰ সন্ধানত অভিযান চলাইছে নয়দাৰ ছেক্টৰ ২০ থানাৰ আৰক্ষীয়ে।

উল্লেখ্য যে, মহিলাগৰাকীৰ স্বামীয়ে নয়দাত পাচলি ব্যৱসায়ী কৰে আৰু তেওঁ দুই পুত্ৰৰ সৈতে স্বামীৰ ওচৰলৈ উক্ত নৈশ বাছেৰে যাত্ৰা কৰিছিল।