NORTHEAST NOW (Assamese)

টীয়কৰ পথাৰত চিৰাল ফাট ,ভূতৰ ওপৰত দানহ পৰাদি মজাখোৱা পোকৰ উপদ্ৰব

August 27, 2022 5:03 pm · এন ই নাও নিউজ,টীয়ক

কোনোফালে যেন নিস্তাৰ নাই চহা কৃষকৰ।ৰাজ্যৰ বিভিন্ন স্থানত বানে কৃষকৰ সপোন ভাঙি চুৰমাৰ কৰি থৈ যোৱাৰ পাছত যি দুই এডৰা কৃষি কৰ্ম কৰিছিল, সেয়াও এতিয়া নি:শেষ হোৱাৰ পথত।

দীৰ্ঘদিন বৰষুণৰ অভাৱত বহু শালিধানৰ পথাৰত এতিয়া চিৰাল ফাট মেলিছে। টীয়কৰ হোজাইকাণ পথাৰটো একে দৃশ্য। ধানে গেৰ ধৰাৰ সময় সমাগত হোৱাৰ সময়তে এই অৱস্থা কৃষি পথাৰৰ।

পথাৰখনত শ শ বিঘা কৃষিভূমি মজাখোৱা পোকে এফালৰ পৰা খাই তহিলং কৰিছে। যাৰ পৰিণতিত কৃষকে মুৰে কপালে হাত দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে।

ইপিনে ৰাজ্যৰ জলসিঞ্চন বিভাগে পথাৰত পানী যোগানৰ বাবে স্থাপন কৰা পানীযোগান আঁচনিসমূহো এতিয়া ফুলদানিৰ দৰেহে হৈ পৰিছে।

সেয়ে এই ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিবলৈ কৃষি বিভাগক আহ্বান জনাইছে কৃষকসকলে।

Related News