NORTHEAST NOW (Assamese)

Droupadi Murmu takes oath: ভাৰতৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে শপত ল’লে দ্ৰৌপদী মুৰ্মুৱে; দেশবাসীক উদ্দেশ্যি কি ক’লে নতুন ৰাষ্ট্ৰপতিয়ে?

July 25, 2022 11:16 am · এন ই নাও নিউজ, নতুন দিল্লী

Droupadi Murmu takes oath as 15th President of India ভাৰতৰ নতুন ৰাষ্ট্ৰপতি হিচাপে আজি শপত গ্ৰহণ কৰিলে দ্ৰৌপদী মুৰ্মুয়ে। ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাই দ্ৰৌপদী মুৰ্মুক শপত বাক্য পাঠ কৰায়।

দ্ৰৌপদী মুৰ্মুয়ে দেশৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে শপত লয়। তেওঁ দেশৰ দ্বিতীয় গৰাকী মহিলা ৰাষ্ট্ৰপতি আৰু সৰ্বোচ্চ সাংবিধানিক পদত অধিষ্ঠিত হোৱা প্ৰথম আদিবাসী মহিলা।

তদুপৰি, দ্ৰৌপদী মুৰ্মু হ’ল স্বাধীন ভাৰতত জন্ম গ্ৰহণ কৰা প্ৰথমগৰাকী ৰাষ্ট্ৰপতি। দ্ৰৌপদী মুৰ্মু দেশৰ সৰ্বোচ্চ সাংবিধানিক পদলৈ নিৰ্বাচিত হোৱা দেশৰ আটাইতকৈ সৰ্বকনিষ্ঠ ৰাষ্ট্ৰপতি।

দ্ৰৌপদীয়ে সংসদৰ কেন্দ্ৰীয় হলত ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ প্ৰথম ভাষণ প্ৰদান কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি দ্ৰৌপদীয়ে কয়, “সকলোৰে আশীৰ্বাদত মই দেশৰ ৰাষ্ট্ৰপতি হৈছো। মই এখন প্ৰগতিশীল দেশৰ ৰাষ্ট্ৰপতি হৈছো। মই বহুত সৌভাগ্যৱতী অনুভৱ কৰিছো। ”

তেওঁ লগতে কয়, “ভাৰতৰ স্বাধীনতাৰ পিছত জন্ম গ্ৰহণ কৰি দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱা মই প্ৰথম ব্যক্তি। ভাৰতৰ নাগৰিকসকলৰ প্ৰতি মোৰ আবেদন হৈছে যে আমি সকলোৱে স্বাধীনতা সংগ্ৰামীসকলৰ আশা পূৰণ কৰিবলৈ একেলগে কাম কৰিব লাগিব।”

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয়, ‘’ৰাষ্ট্ৰপতি হিচাপে মোৰ পদোন্নতি কেৱল মোৰ নহয়, দেশৰ সকলোৰে বাবে এই কৃতিত্ব। তেওঁলোকে এই পৰ্যায়ত উপনীত হোৱাৰ সপোন দেখিব পাৰে, সেয়াই তেওঁলোকৰ কৃতিত্ব। প্ৰতিজন দৰিদ্ৰ ব্যক্তি, প্ৰতিটো অঞ্চলৰ ব্যক্তিয়ে মোক এই পদক্ষেপেত আশীৰ্বাদ দিছে আৰু মই সন্মানিত অনুভৱ কৰিছো। মই মহিলা আৰু যুৱসকলক আশ্বাস দিব বিচাৰো যে তেওঁলোকৰ স্বাৰ্থ মোৰ বাবে সৰ্বাধিক গুৰুত্বপূৰ্ণ।‘’

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয়, ‘’মই সেই আদিবাসী পৰম্পৰাত জন্মগ্ৰহণ কৰিছো যি হাজাৰ হাজাৰ বছৰ ধৰি প্ৰকৃতিৰ সৈতে সংগতি ৰাখি জীৱন নিৰ্বাহ কৰিছে। মই মোৰ জীৱনকালত অৰণ্য আৰু জলাশয়ৰ গুৰুত্ব উপলব্ধি কৰিছো। আমি প্ৰকৃতিৰ পৰা প্ৰয়োজনীয় সম্পদ লওঁ আৰু সমান শ্ৰদ্ধাৰে প্ৰকৃতিৰ সেৱা কৰোঁ।‘’

নতুন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয়, ‘’ সকলো ভাৰতীয়ৰ আশা, আকাংক্ষা আৰু অধিকাৰৰ প্ৰতীক সংসদত থিয় হৈ মই বিনম্ৰতাৰে আপোনালোক সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই নতুন দায়িত্ব পালন কৰিবলৈ আপোনালোকৰ বিশ্বাস আৰু সমৰ্থন মোৰ বাবে এক ডাঙৰ শক্তি হ’ব।‘’ 

Related News